হিণ্ডেনবাৰ্গ-আদানি তদন্তত ছুপ্ৰিম কোৰ্টত ছেবিৰ নতুন আবেদন: মাধৱী পুৰী বুচৰ বিৰুদ্ধে অভিযোগ উল্লেখ - Hindenburg Research
Hindenburg Adani Probe at SC : আদানি-হিণ্ডেনবাৰ্গ গোচৰত সময়মতে তদন্ত সম্পূৰ্ণ কৰাৰ বাবে ছেবিয়ে উচ্চতম ন্যায়ালয়ত এক নতুন আবেদন দাখিল কৰিছে । আনহাতে, আবেদনখনত আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক সংস্থাটোৰ শেহতীয়া প্ৰতিবেদনৰ কথাও উল্লেখ কৰা হৈছে । এই প্ৰতিবেদনত ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে ।

Published : August 13, 2024 at 2:09 PM IST
নেশ্যনেল ডেস্ক, ১৩ আগষ্ট: আদানি গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক সংস্থা হিণ্ডেনবাৰ্গ ৰিছাৰ্চে উত্থাপন কৰা জালিয়াতিৰ অভিযোগ সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত ছেবিৰ পৰা স্থিতি প্ৰতিবেদন বিচৰা এক আবেদন তালিকাভুক্ত কৰিবলৈ অস্বীকাৰ কৰা আদালতৰ পঞ্জীয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে ।
হিণ্ডেনবাৰ্গ ৰিছাৰ্চে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনৰ পটভূমিত ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচৰ তৰফৰ পৰা নিজৰ চৰিত্ৰ হননৰ অভিযোগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই আবেদনে গুৰুত্ব লাভ কৰিছে ।
অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা আবেদনত কোৱা হৈছে যে, ৩ জানুৱাৰীত শীৰ্ষ ন্যায়ালয়ে প্ৰদান কৰা এক নিৰ্দেশত ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়াক(ছেবি) ইয়াৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ তিনি মাহৰ বাবে সময় দিয়া হৈছিল । "২০২৩ চনত আদানি গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিচত পুঁজি হেৰুওৱা বিনিয়োগকাৰীসকলৰ স্বাৰ্থত আৰু জনস্বাৰ্থত এইটো গুৰুত্বপূৰ্ণ । ছেবিৰ নেতৃত্বত কৰা অনুসন্ধান আৰু ইয়াৰ সিদ্ধান্তৰ বিষয়ে জনাৰ অধিকাৰ বিনিয়োগকাৰীসকলৰ নিজৰ লাভৰ বাবে অত্যাৱশ্যকীয়..." আবেদনখনত কোৱা হৈছে ।
তিৱাৰীয়ে লগতে কয় যে, আমেৰিকাৰ শ্বৰ্ট ছেলাৰ হিণ্ডেনবাৰ্গ ৰিছাৰ্চে শনিবাৰে প্ৰকাশ কৰা এক নতুন প্ৰতিবেদনত অভিযোগ কৰিছে যে ছেবিৰ বৰ্তমানৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধৱল বুচৰ আদানি গ্ৰুপৰ তথাকথিত ধন আত্মসাৎ কেলেংকাৰীৰ সৈতে সম্পৰ্কিত অফশ্বৰ ফাণ্ডত অংশ আছে । "প্ৰতিবেদনখনত হুইচেলব্ল'লাৰৰ (whistleblower) নথিপত্ৰৰ উদ্ধৃতি দিয়া হৈছে । আদানি গ্ৰুপৰ ওপৰত এই প্ৰতিবেদনখন হিণ্ডেনবাৰ্গৰ প্ৰথমখন অতি ক্ষতিকাৰক প্ৰতিবেদন প্ৰকাশৰ ডেৰ বছৰ পিচত প্ৰকাশ পাইছে । উল্লেখ্য যে প্ৰথমখন প্ৰতিবেদনৰ এক সুদূৰপ্ৰসাৰী পৰিণাম ভোগ কৰিছিল আদানি গ্ৰুপে । ইয়াৰ ভিতৰত আছে কোম্পানীৰ ফ্লেগশ্বিপ 20,000 কোটি টকাৰ ফলো-অন ৰাজহুৱা প্ৰস্তাৱ বাতিল কৰা । আবেদনখনত কোৱা হৈছে ।
আবেদনখনত কোৱা হৈছে, "ছেবিৰ মুৰব্বীয়ে এই অভিযোগবোৰ ভিত্তিহীন বুলি অস্বীকাৰ কৰিছে আৰু এই আদালতে লগতে কয় যে তৃতীয় পক্ষৰ প্ৰতিবেদন বিবেচনা কৰিব নোৱাৰি । কিন্তু এই সকলোবোৰে সৰ্বসাধাৰণ আৰু বিনিয়োগকাৰীসকলৰ মনত এক সন্দেহৰ পৰিৱেশ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত অমীমাংসিত তদন্ত সমাপ্ত কৰা আৰু তদন্তৰ সমাপ্তি ঘোষণা কৰাটো ছেবিৰ দায়িত্ব হৈ পৰিছে ।"
উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত শীৰ্ষ ন্যায়ালয়ে আদানি গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাৰ শ্বেয়াৰ বিশ্লেষক সংস্থাটোৰ দ্বাৰা উত্থাপিত ষ্টক হেৰফেৰ অভিযোগৰ ওপৰত হস্তক্ষেপ বা পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল ।

