ETV Bharat / bharat

টাৰ্গেট দৰিদ্ৰ মহিলা; প্ৰলোভনেৰে যিসকলক ঠেলি দিয়া হয় পতিতালয়ৰ অন্ধকাৰ কুঠৰীত - SEX RACKET

হায়দৰাবাদত উদ্ধাৰ হোৱা ২০ গৰাকী বিদেশী মহিলাৰ কাহিনীয়ে উদঙাইছে মানৱ সৰবৰাহৰ ভয়ংকৰ কাহিনী ।

Representative Image.
ভাৰতলৈ সৰবৰাহ বাংলাদেশৰ যুৱতী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 5:07 PM IST

4 Min Read

হায়দৰাবাদঃ এগৰাকী যুৱতীৰ এক কৰুণ কাহিনী । এইগৰাকী যুৱতীয়ে জীৱিকাৰ সন্ধানত খোজ পেলোৱাৰ সময়তে জীৱনলৈ নামি আহে কালধুমুহা । জীৱন সংগ্ৰাম আৰম্ভ কৰিবলৈ সপোন ৰচিলেও সকলো দুঃস্বপ্নত পৰিণত হ'ল এজন মানৱ সৰবৰাহকাৰীৰ চক্ৰত সোমাই পৰাত । কেনেকৈ আৰম্ভ হৈছিল এই কাহিনী সেয়া জানিলে আপোনাৰ চকুৰ পৰাও নিগৰি আহিব চকুলো ।

বাংলাদেশৰ এইগৰাকী যুৱতীয়ে তেওঁৰ দুখীয়া পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰাৰ আশাত আহিছিল ভাৰতলৈ । এক গোপন পথেৰেই মানৱ সৰবৰাহকাৰীয়ে যুৱতীগৰাকীক আনিছিল ভাৰতলৈ । ভাৰতৰ এখন বিউটি পাৰ্লাৰত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে মানৱ সৰবৰাহকাৰীটোৰ দ্বাৰা প্ৰলোভিত হৈছিল যুৱতীগৰাকী । তেওঁ পশ্চিম বংগৰ আন্তৰ্জাতিক সীমা অতিক্ৰম কৰাৰ পিচতেই আৰম্ভ হৈছিল জীৱনৰ কৰুণ কাহিনী । যুৱতীগৰাকীয়ে এজেণ্টৰ ওপৰত নিৰ্ভৰ কৰি ভুৱা পৰিচয়পত্ৰ লৈ মহাৰাষ্ট্ৰৰ পুনেত উপস্থিত হৈছিল । কিন্তু এই দালালটোৱে যুৱতীগৰাকীক বিউটি পাৰ্লাৰত চাকৰি দিয়াৰ পৰিৱৰ্তে মাত্ৰ ২০,০০০ টকাত পতিতাবৃত্তিৰে জড়িত এটা চক্ৰৰ হাতত বিক্ৰী কৰিছিল ।

ইয়াপ পিচত তেওঁ এগৰাকী মহিলাৰ সহায়ত পলায়ন কৰি হায়দৰাবাদত উপস্থিত হয় । তাতো তেওঁ একেই পথতেই ভৰি দিবলগীয়া হ'ল । ঘটনাক্ৰমে আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত তেওঁৰ জীৱনৰ এই কৰুণ কাহিনী পোহৰলৈ আহে । এই ঘটনাই ভাৰতীয় আৰু বাংলাদেশী মহিলাক কেন্দ্ৰ কৰি গঢ়ি উঠা মানৱ সৰবৰাহৰ বৃহৎ নেটৱৰ্ক উদঙাই দিয়ে ।

অনুসন্ধানত এই বুলি প্ৰকাশ পাইছে যে বাংলাদেশৰ বহুতো দৰিদ্ৰ, নিবনুৱা যুৱতী মধ্যস্থতাকাৰী দালালৰ হাতত পৰিছে । এই মধ্যস্থতাকাৰীয়ে তেওঁলোকৰ হতাশাৰ সুযোগ গ্ৰহণ কৰি এই কাৰ্যত নিয়োজিত হ'বলৈ বাধ্য় কৰায় । শেহতীয়াকৈ হায়দৰাবাদত উদ্ধাৰ হোৱা ২০ গৰাকী বিদেশী মহিলাৰ ভিতৰত বেছিভাগে একে ধৰণৰ ঘটনাই বৰ্ণনা কৰিছে । তেওঁলোকক চাকৰিৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি চাকৰিৰ পৰিৱৰ্তে কেৱল যৌন ব্যৱসায়তহে লিপ্ত কৰাইছে ।

বাংলাদেশৰ এজেণ্টসকলে বংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত তেওঁলোকৰ এজেন্টৰ জৰিয়তে এইসকল মহিলাক সৰবৰাহ কৰি আহিছে । ভুক্তভোগীসকলক ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগৰ সুৰক্ষিত সীমাৰে ভাৰতত প্ৰৱেশ কৰায় আৰু প্ৰতিগৰাকীকে ২৫,০০০ ৰ পৰা ১ লাখ টকাত পতিতালয় পৰিচালকসকলৰ হাতত বিক্ৰী কৰি দিয়ে ।

মানৱ সৰবৰাহকাৰীসকলে শীতল মস্তিস্কৰে কাম কৰে । প্ৰথমতে, ভুক্তভোগীসকলৰ মূল্যনিৰ্ধাৰণ কৰিবলৈ তেওঁলোকৰ আলোকচিত্ৰ আগতীয়াকৈ প্ৰেৰণ কৰা হয় । এবাৰ নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকক মুম্বাই,পুনে,আহমেদাবাদ, ছুৰাট,হায়দৰাবাদ,বেংগালুৰু, চেন্নাই আৰু কোয়েম্বাটুৰৰ দৰে চহৰলৈ লৈ যোৱা হয়।

এই এজেন্টসকলে প্ৰতিটো ভুক্তভোগীৰ বাবদ ২,০০০ৰ পৰা ৩,০০০ টকা কমিছন লাভ কৰে । তাৰ পাছত মহিলাসকলক বিউটিপাৰ্লাৰ, স্পা চেণ্টাৰ, হোটেল নাইবা এপার্টমেন্টত ৰাখা হয় । আইনী কাৰ্যপদ্ধতিৰ পৰা বাচিবলৈ তেওঁলোকৰ অৱস্থান নিতৌ সলনি কৰা হয় । ইয়াৰে কিছুমান মহিলাই পলায়ন কৰিবলৈ চেষ্টা কৰে; কিন্তু তেওঁলোকে প্ৰায়েই অচিনাকী চহৰত হেৰাই যায় য'ত তেওঁলোকৰ কোনো উৎস বা যোগাযোগ নাথাকে । অসহায় অৱস্থাৰ বাবে বহুতেই পুনৰ সেই এজেন্টৰ ওচৰত উভতি যায় যিয়ে তেওঁলোকক বিক্ৰী কৰিছিল ।

আৰক্ষী বিষয়াসকলে এই সন্দৰ্ভত কয় যে তেওঁলোকে স্পা কেন্দ্ৰ আৰু অন্যান্য বাণিজ্যিক কেন্দ্ৰত এই অবৈধ কাৰ্যকলাপ চলাই আহিছে । সম্প্রতি গ্ৰেপ্তাৰ কৰা মহিলাৰ তথ্যৰ ভিত্তিত এই নেটৱৰ্ক ধবংস কৰিবলৈ চলোৱা হৈছে অভিযান । আৰক্ষীয়ে নাগৰিক আৰু স্থানীয় ব্যৱসায়ীক সন্দেহজনক কাৰ্যকলাপ সম্পৰ্কে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:মেঘালয় আৰু মেঘালয়ৰ মানুহক অপমান কৰিলে কিয় ? সোনম-ৰাজাৰ পৰিয়ালে ক্ষমা খোজক - SONAM RAJA CASE

বন্ধ কোঠাত কিহৰ বেহা ? হোটেলৰ পৰা আটক দশম শ্ৰেণীৰ ছাত্ৰী - SEX RACKET BUSTED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.