নতুন দিল্লী : দিল্লীত প্ৰদূষণৰ স্তৰ শোচনীয় হোৱাটো ৰোধ কৰিবলৈ কৃত্ৰিম বৰষুণৰ আশ্ৰয় লোৱাৰ দিল্লী চৰকাৰৰ বিকল্প চিন্তা হিচাপে যি আঁচনি গ্ৰহণ কৰাৰ কথা ভাবিছে তাত বতৰ বিজ্ঞান বিভাগৰ পৰা সেউজ সংকেত লাভ কৰিছে । বৰ্তমান দিল্লী চৰকাৰৰ প্ৰথম কৃত্ৰিম বৰষুণৰ পাইল প্ৰজেক্ট সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ।
দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং চিৰচাই কয় যে সকলো প্ৰস্তুতি আৰু প্ৰয়োজনীয় অনুমতি সম্পূৰ্ণ হৈছে । এতিয়া কেৱল অনুকূল বতৰ বিশেষকৈ উপযুক্ত ডাৱৰৰ উপলব্ধতাৰ অপেক্ষা । যেতিয়াই উপযুক্ত ডাৱৰ দৃষ্টিগোচৰ হ'ব, অভিযান আৰম্ভ কৰা হ'ব ।
তেওঁ কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) এই প্ৰকল্পত বতৰ সম্বন্ধীয় মঞ্জুৰি প্ৰদান কৰিছে আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এন চি আৰ) ক্লাউড ছেডিঙৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে । এই পাইলট প্ৰজেক্টটো প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ক্লাউড ছেডিঙৰ প্ৰযুক্তিগত ক্ষমতাৰ পৰীক্ষণ আৰু মূল্যাংকন আই আই টি কানপুৰৰ সহযোগত আৰম্ভ কৰা হ'ব, যিয়ে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিচালনাৰ নেতৃত্ব প্ৰদান কৰিব ।

তেওঁ লগতে কয়, "প্ৰস্তুতি সম্পূৰ্ণ হৈছে, এতিয়া কেৱল ডাৱৰৰ অপেক্ষা । যেতিয়াই বতৰ অনুকূল হ'ব, দিল্লীয়ে প্ৰথম কৃত্ৰিম বৰষুণ প্ৰকল্পৰ সাক্ষী হ'ব । এয়া কেৱল এক প্ৰয়োগ নহয়, আচলতে ভৱিষ্যতৰ বাবে এক ৰোডমেপ । বিজ্ঞানৰ ওপৰত ভিত্তি কৰি, সঠিকভাৱে পৰিচালিত আৰু তথ্যচালিত মনিটৰিঙৰ সৈতে ।"
বায়ু পৰিশোধনৰ বাবে সম্ভৱপৰ সকলো প্ৰয়াস
তেওঁ এই কথাও কয়, "বিশুদ্ধ বায়ু সকলোৰে অধিকাৰ । এণ্টি স্মগ গান, স্প্ৰিংকলাৰ আৰু নিৰ্মাণস্থলীত ধূলি নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিয়মকে ধৰি এতিয়া আকাশলৈকে, আমি দিল্লীৰ বায়ু পৰিষ্কাৰ কৰিবৰ বাবে সকলো দিশতে সম্ভৱপৰ সকলো প্ৰয়াস কৰি আছো । এই পাইলট প্ৰজেক্ট কেৱল বৰষুণ আনিবৰ বাবেই নহয়, বৈজ্ঞানিক সাহস আৰু পাৰিৱেশিক অনুকূলতাৰ প্ৰতীক ।"
কৃত্ৰিম বৰষুণ সম্বন্ধীয় কেইটামান গুৰুত্বপূৰ্ণ কথা
- আই এম ডিয়ে বাস্তৱ সময়ত ডাৱৰৰ স্থিতি, উচ্চতা, নমনীয়তা আৰু বতাহৰ দিশ সম্বন্ধীয় বিষয়বোৰৰ তথ্য প্ৰদান কৰিব ।
- আই আই টি কানপুৰৰ দলটোৱে Cessna বিমানত ফ্লেয়াৰ-বেছড ব্যৱস্থাৰে আয়'ডাইড, আয়'ডিন নিমখ আৰু ৰক ছল্ট মিশ্ৰণ কৰি বিশেষ মিশ্ৰণৰ প্ৰয়োগ কৰিব ।
- মুঠ পাঁচবাৰ উৰণৰ পৰিকল্পনা কৰা হৈছে, য'ত প্ৰতিবাৰ উৰণ কমেও ১০০ বৰ্গ কিলোমিটাৰ অঞ্চলত একৰ পৰা ডেৰ ঘণ্টা পৰিচালনা কৰা হ'ব ।
- অত্যধিক সুৰক্ষা ব্যৱস্থা থকা ক্ষেত্ৰৰ (যেনে ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰী নিৱাস, সংসদ ভৱনকে আদি কৰি অন্য গুৰুত্বপূৰ্ণ স্থান) পৰা এই উৰণ আঁতৰি থাকিব ।
- বায়ুৰ গুণমানৰ ওপৰত প্ৰভাৱৰ বিশ্লেষণ CAAQMS (কণ্টিনিউজ এনবিয়েণ্ট এয়াৰ কোৱালিটী মনিটৰিং ছিষ্টেম) ষ্টেচনৰ জৰিয়তে কৰা হ'ব ।
- ইয়াৰ প্ৰয়োগত মুখ্যতঃ এনে ডাৱৰ নিৰ্বাচন কৰা হ'ব যি ৫০০-৬০০০ মিটাৰ উচ্চতাত থাকে আৰু নমনীয়তা কমেও ৫০ শতাংশ হয় ।
- এই প্ৰকল্পত আনুমানিক ব্যয় ৩.২১ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ খৰচ দিল্লী চৰকাৰে বহন কৰিব ।