ETV Bharat / bharat

বাংলাদেশীৰ বিৰুদ্ধে অভিযান: উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এবি এমছু - ASSAMS PUSH BACK POLICY

চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ ঘোষণা, ৰাষ্ট্ৰীয়তা প্ৰমাণীকৰণ মানি নচলা বুলি অভিযোগ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ।

Supreme Court
বাংলাদেশী প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এবি এমছু (ETV Bharat)
author img

By PTI

Published : May 31, 2025 at 8:32 PM IST

3 Min Read

নতুন দিল্লী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তেই এই কাৰ্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা । অসম চৰকাৰে ৰাষ্ট্ৰীয়তাৰ পৰীক্ষা তথা আইনী উপায়সমূহৰ পৰ্যাপ্ত ব্যৱহাৰ নকৰাকৈ সন্দেহযুক্ত ব্যক্তিসকলক বিদেশী বুলি গ্ৰেপ্তাৰ আৰু বিতাড়ন কৰা অভিযান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে । এই আবেদনখনত ৪ ফেব্ৰুৱাৰীৰ উচ্চতম ন্যায়ালয়ৰ এক আদেশৰ বিষয়ে উল্লেখ কৰিছে । ৪ ফেব্ৰুৱাৰীত এখন পৃথক আবেদনৰ সময়ত যিসকলৰ ৰাষ্ট্ৰীয়তা জ্ঞাত আছিল সেইসকলৰ ৬৩ জন বিদেশী নাগৰিকক বিতাড়ন কৰা প্ৰক্ৰিয়া দুসপ্তাহৰ ভিতৰত আৰম্ভ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়া হৈছিল ।

সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰা আবেদনত কোৱা হৈছে "উক্ত আদেশ অনুসৰি (ফেব্ৰুৱাৰী ৪ তাৰিখৰ)... অসমে বিদেশী বুলি সন্দেহ কৰা ব্যক্তিসকলক আটক আৰু বিতাড়ন কৰাৰ বাবে এক ব্যাপক আৰু নিৰ্বিচাৰ অভিযান আৰম্ভ কৰিছে । আনকি বিদেশী ন্যায়াধিকৰণৰ ঘোষণা, ৰাষ্ট্ৰীয়তা প্ৰমাণীকৰণ বা আইনী প্ৰতিকাৰ আদি মানি চলা নাই ।" অধিবক্তা আদিল আহমেদৰ জৰিয়তে দাখিল কৰা আবেদনখনত এজন অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকৰ বিষয়ে বাতৰিৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰা হৈছে যিজনক বাংলাদেশলৈ খেদি পঠিওৱা হৈছে ।

উক্ত আবেদনখনত এইবুলি উল্লেখ কৰা হৈছে, "এই ঘটনাসমূহে অসম আৰক্ষী আৰু প্রশাসনিক ব্যৱস্থাই অবৈধভাৱে খেদি পঠিওৱা পদ্ধতিৰ মাধ্যমেৰে চলোৱা ধাৰণাক প্ৰতিফলিত কৰিছে । ন্যায়ালয়ৰ কোনো পৰ্যবেক্ষণ নথকা বা ভাৰতীয় সংবিধান বা এই আদালতে প্ৰদান কৰা সুৰক্ষা অমান্য কৰা হৈছে ।" এই আবেদনখনত অভিযোগ কৰা হৈছে যে সীমান্তৰ জিলাসমূহ বিশেষকৈ ধুবুৰী, দক্ষিণ শালমাৰা আৰু গোৱালপাৰাত খেদি পঠিওৱা নীতি কেৱল আইনগতভাৱে অসুৰক্ষিত নহয়, বৰঞ্চ বহু ভাৰতীয় নাগৰিকক নাগৰিকত্বহীন কৰি তুলিব পাৰে । বিশেষকৈ যিসকল সমাজৰ দুখীয়া আৰু যিসকলক একপক্ষীয়ভাৱে বিদেশী বুলি ঘোষণা কৰা হৈছে অথবা যাৰ আইনগত সহায় নাই ।

এনে কাৰ্য সংবিধানত অন্তৰ্ভুক্ত মৌলিক অধিকাৰৰ বিৰোধী বুলি কোৱা হৈছে । খেদি পঠিওৱা নীতিয়ে সংবিধানৰ ১৪ আৰু ২১ নং ধাৰাক উলংঘা কৰে । ৪ ফেব্ৰুৱাৰীৰ আদেশৰ ভিত্তিত বিদেশী ন্য়ায়াধীকৰণৰ দ্বাৰা পূৰ্বে প্ৰকাশিত যুক্তিপূৰ্ণ ঘোষণা অবিহনে আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে নাগৰিকত্বৰ উপযুক্ত আপীল অথবা পুনৰীক্ষণৰ সুযোগ অবিহনে বিতাড়ন নকৰিবলৈ আবেদনখনত অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক:বিদেশী খেদাৰ নামত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগ এ আই ইউ ডি এফৰ - AIDUF DELEGATION MEETS GOVERNOR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.