আহহ... আহহহ... ! কানহুৰ মাত শুনিলেই দৌৰি আহে এজাক ময়ূৰ
"ময়ূৰ উপত্যকা"লৈ যাও আহক ৷ পক্ষীৰ বাবেই নিজৰ জীৱন উচৰ্গা কৰা এহাল ককাক-নাতিয়েক । নাৰায়ন চাহুৰ এক বিশেষ প্ৰতিবেদন...

Published : April 19, 2025 at 6:27 PM IST
কটক: প্ৰকৃতি আৰু জীৱ-জন্তু, চৰাই-চিৰিকটি ভাল পোৱা এজন ব্যক্তি । যিয়ে প্ৰতিদিনে পুৱা আৰু আবেলি যায় এখন অৰণ্যৰ মাজলৈ । সেই ব্যক্তিজনৰ মাত শুনিলে অৰণ্যখনৰ পক্ষীকূলে বিনা ভয়-সংকোচে তেওঁৰ কাষ পায়হি । বিশ্বাস কৰিবলৈ অলপ টান যেন লাগিছে নহয়নে ? পিছে সত্য ।
আমি উল্লেখ কৰা ব্যক্তিজন হৈছে ওড়িশাৰ কানহু বেহেৰা । কানহুৱে প্ৰতিদিনে পুৱা আৰু আবেলি এটা খাদ্যভৰ্তি জোলোঙা লৈ ছানা মুণ্ডালী অৰণ্য(Sana Mundali forest) পায়গৈ । তাতে তেওঁ বন্যপক্ষীকূলক ''আহ আহ'' বুলি মাতিবলৈ ধৰে ।

সদায় চিনাকী কানহুৰ মাত শুনা মাত্ৰকে সেই স্থান পায়হি অগণন ময়ূৰ । প্ৰতিদিনা পুৱা আৰু আবেলি প্ৰায় ৩ বজাত কানহুৱে এই ২০০ৰো অধিক ময়ূৰক যোগান ধৰে খাদ্য । এই বন্যপক্ষীৰ কোনোবাটোৱে যদি কানহুৰ হাতৰ পৰাই খাদ্য খাই, কোনোটোৱে আকৌ কানহুৱে খাদ্য যচালৈ বাট চাই ৰৈ থাকে । কোনোটোৱে অভিমানো কৰে ৷
কেৱল কানহুৱেই নহয়, তেওঁৰ ককাক পানু বেহেৰায়ো এনেদৰেই এই অৰণ্যৰ পক্ষীকূলক খাদ্য খুৱাইছিল । জানিব পৰা মতে, পানু আৰু ময়ূৰৰ প্ৰেমৰ সম্পৰ্ক ১৯৯৯ চনৰ ছুপাৰ চাইক্ল’নৰ পৰাই আৰম্ভ হৈছিল ।

১৯৯৯ চনৰ চাইক্ল’নৰ সময়ত তিনিটা ম'ৰা চৰাই (এটা মতা আৰু দুুজনী মাইকী চৰাই) খাদ্যৰ সন্ধানত হাবিৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল । এই চৰাই তিনিটাৰ দেহত বহু আঘাতৰ চিন স্পষ্ট হৈ আছিল । এই চৰাইকেইটাক উদ্ধাৰ কৰিছিল কানহুৰ ককাক পানুৱে ।
এই উদ্ধাৰ কৰা চৰাইকেইটা বহু যত্নৰ অন্তত সুস্থ হৈ পৰিল । সেয়ে সুস্থ চৰাইকেইটাক পানুৱে পুনৰ সিহঁতৰ বাসস্থান অৰণ্যত এৰি দিলে । কিন্তু চৰাইকেইটাক সেই এৰি থৈ অহা ঠাইডোখৰতে প্ৰতিদিনে পানুৱে খাদ্য খুৱাবলৈ গৈছিল ।
আনকি পানুৱে এই ময়ূৰ তিনিটাক নামো দিছিল । তাৰে মতা ময়ূৰ চৰাইটোৰ নাম তেওঁ ৰাজা ৰাখিছিল । বৰ্তমান সেই ৰাজাৰ বৰ্ধিত পৰিয়ালৰ সদস্যৰ সংখ্যা ২০৪টা হৈছে ।

ইফালে পানু যেতিয়া অসুস্থ হৈছিল তেতিয়া তেওঁৰ নাতিয়েক কানহুৱে ককাকৰ সেই দায়িত্ব পালন কৰিছিল । আনকি ২০১৭ চনত ককাক এই ময়ূৰবোৰৰ যত্ন ল’ব বুলি কানহুৱে প্ৰতিশ্ৰুতি দিছিল । সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই কানহুৱে এই ময়ূৰৰ দায়িত্ব পালন কৰি আছে ।
২০১৭ চনত এই ময়ূৰৰ সংখ্যা আছিল ৫৪টা । ২০২৫ চনত ময়ূৰৰ সংখ্যা বৃদ্ধি হৈ ২০৪টা হৈছেগৈ । কানহুৱে নিজৰ কামৰ পৰা সময় উলিয়াই প্ৰতিদিনে এই চৰাইবোৰক খাদ্য যোগান ধৰি আহিছে ।
কানহুৰ এই নিস্বাৰ্থ কামৰ বাবেই ২০১৯ চনত নিকটতম অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গৃহৰক্ষী হিচাপে নিযুক্তি লাভ কৰে । এই সন্দৰ্ভক কানহুৱে কয়, "যিহেতু মই ময়ুৰবোৰক নিৰ্ধাৰিত সময়ত খুৱাব লাগে, সেয়েহে ওচৰতে কাম কৰাটো মোৰ বাবে অলপ সহজ । কেতিয়াবা মোৰ সৰু ভাইটিয়েও মোক এই কামত সহায় কৰে ।"

"সৰুতে মোৰ ককাই মোক চৰাইবোৰক খাদ্য খুৱাবলৈ লগত লৈ গৈছিল । কিন্তু তেওঁ মোক খাদ্য খোৱা ঠাইৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত বহি থাকিবলৈ কৈছিল । তেওঁ ময়ূৰবোৰৰ লগত কথা পতাৰ ধৰণটো মোৰ ভাল লাগিছিল আৰু সিহঁতেও তেওঁৰ লগত খেলি ভাল পাইছিল । সিহঁতে তেওঁৰ কান্ধত আৰু মূৰত বহি আনন্দ লাভ কৰিছিল । এয়া আছিল নিৰ্মল প্ৰেম । সেয়ে হয়তো সৰুৰে পৰাই ময়ো এই চৰাইবোৰৰ প্ৰেমত পৰিছিলো ।" ককাকৰ কথা মনত পেলাই কিছু আৱেগিক হৈ পৰা কানহুৱে এইদৰে কয় ।
তেওঁ লগতে কয়, “মৃত্যু হোৱাৰ আগে আগে তেওঁ বিচনাতে পৰি মোক ময়ূৰৰ যত্ন ল'বলৈ দায়িত্ব অৰ্পণ কৰিছিল । তেওঁ দি থৈ যোৱা এই দায়িত্বক লৈ মই কেতিয়াও প্ৰশ্ন কৰা নাছিলো ।”
বৰষুণেই হওক বা ৰ’দেই হওক, কানহুৱে চাউল, ধান, ঘেঁহু, মগু, বীন আদি খাদ্য দিনটোত দুবাৰকৈ ময়ূৰক খুৱায় । এই খাদ্যৰ বাবদ দিনটোত প্ৰায় ১২০০ টকা খৰচ হয় । যিটো তেওঁ দৰ্শনাৰ্থীৰ বৰঙণিৰে পৰিচালনা কৰে ।
"কিন্তু বাৰিষাৰ সময়ত পৰ্যটকৰ আগমন কমি যোৱাৰ লগে লগে এই কামটো অলপ কঠিন হৈ পৰে । গতিকে যেতিয়া মোৰ হাতত খাদ্য কিনিবলৈ ধন নাথাকে, তেতিয়া মই মোৰ সঞ্চয় কৰা ধন ব্যৱহাৰ কৰো ।" কানহুৱে কয় ।
প্ৰতিদিনে এই ‘‘ময়ূৰ উপত্যকা’’লৈ ময়ূৰক খাদ্য খুওৱাৰ দৃশ্যটো প্ৰত্যক্ষ কৰিবলৈ শ শ লোকে ভিৰ কৰা দেখা যায় । স্থানীয় বাসিন্দাসকলৰ মতে, বৰ্তমান এই ঠাইখনক ‘‘ময়ূৰ উপত্যকা’’ নামেৰে নামাকৰণ কৰাৰ লগতে কানহু আৰু তেওঁৰ প্ৰয়াত ককাকৰ এই মহান কামৰ বাবে সন্মান জনোৱাৰ উচিত সময় আহি পৰিছে ।
কিন্তু কানহুৱে এই সন্দৰ্ভত হাঁহিমুখে কয়, "মোক সন্মান বা স্বীকৃতিৰ প্ৰয়োজন নাই । মোক মাত্ৰ মোৰ এই পৰিয়ালটোৰ বাবে খাদ্যৰ প্ৰয়োজন । যদি সেইটো নিশ্চিত হয় তেন্তে মোৰ চিন্তাৰ কোনো কথাই নাই । এই ময়ূৰবোৰৰ পৰা মই ইমান মৰম পাওঁ যে ইয়াতকৈ ডাঙৰ পুৰস্কাৰ একোৱেই হ'ব নোৱাৰে ।"

