ETV Bharat / bharat

ছাৰ, মোক পাছ কৰাই দিয়ক, নহ’লে বিয়া দিব ! পৰীক্ষাৰ বহীত আবেগৰ বৰষুণ

কোনোৱে লিখিলে আশিকী-২ ৰ গীত ৷ কোনোবাই বহীত ভৰাই থৈ আহিল ১০০-৫০০ টকীয়া নোট ৷ পৰীক্ষাৰ্থীৰ কাৰবাৰ দেখি হতবাক নিৰীক্ষক ৷

UP BOARD EXAM PAPER
ইউ পি ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ২০২৫ ৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 22, 2025 at 10:38 PM IST

2 Min Read
Choose ETV Bharat

প্ৰয়াগৰাজ: ‘‘মহাশয়, অনুগ্ৰহ কৰি মোক উত্তীৰ্ণ কৰাই দিয়ক ৷ তিনিবাৰ ফেইল কৰিছো । চতুৰ্থবাৰৰ বাবে বিফল হ’লে বিয়া দি দিব ৷’’ এই আবেদন এগৰাকী পৰীক্ষাৰ্থীৰ ৷

সপ্তাহৰ আৰম্ভণিতে ইউ পি ব’ৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ২০২৫ ৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ কিন্তু অধিকাংশ পৰীক্ষাৰ্থীৰ বহী নিৰীক্ষণ কৰিবলৈ লৈ হতবাক হৈ পৰে নিৰীক্ষক ৷ কিয়নো বহীবোৰৰ ভিতৰত আছিল নগদ ধন আৰু কেইবাটাও আনুষংগিক অনুৰোধমূলক নোট ৷ ১০০-৫০০ টকীয়া নোট পৰ্যন্ত লাভ কৰে নিৰীক্ষকে ৷

UP BOARD EXAM PAPER
উত্তৰ প্ৰদেশত সংঘটিত হৈছে এনে আমোদজনক কাণ্ড (ETV Bharat)

প্ৰয়াগৰাজত শুকুৰবাৰে কমেও ১২ খন উত্তৰবহীৰ পৰা ১০০ টকীয়া নোটৰ বাণ্ডিল উদ্ধাৰ কৰা হয় । আন জিলাতো এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে । গোৰখপুৰত হিন্দী কাকতত এটা প্ৰশ্নৰ উত্তৰত এজন ছাত্ৰই লিখা আশিকী ২ ৰ সমগ্ৰ গীতটো পঢ়ি এজন মূল্যায়ক স্তম্ভিত হৈ পৰে ।

প্ৰয়াগৰাজত আন এজন ছাত্ৰই লিখিছিল যে, কেনেকৈ তেওঁ অসুস্থ হৈ পৰিছিল আৰু পঢ়িব পৰা নাছিল, মূল্যায়কক তেওঁক উত্তীৰ্ণ কৰাই দিবলৈ অনুৰোধ জনাইছিল ।

বৰেলীত এগৰাকী ছাত্ৰীয়ে নিজৰ বহীত এনেদৰে লিখিছে, "ছাৰ অনুগ্ৰহ কৰি মোক পাছ কৰাই দিয়ক, নহ'লে দেউতাই মোক আৰু পঢ়িবলৈ নিদিয়ে । তেওঁ মোক বিয়া দিব" ।

এনে কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউ পি ব’ৰ্ডৰ সম্পাদক মাধ্যমিক শিক্ষা পৰিষদৰ ভাগৱতী সিঙে কয় যে, বহীসমূহৰ মূল্যায়ন কৰা শিক্ষকসকলক কেৱল মেধাৰ ভিত্তিত মূল্যাংকন কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

"ছাত্ৰই শুদ্ধ উত্তৰ লিখিলেহে নম্বৰ দিব লাগে । উত্তৰবহীত পোৱা ধন কোষাগাৰত জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । সমগ্ৰ ৰাজ্যৰ পৰা পোৱা ধন সংগ্ৰহ কৰি কোষাগাৰত জমা কৰা হয় ৷" সিঙে কয় ৷

লগতে পঢ়ক: ৰিজাৰ্ভ বেংকৰ বিষয়াও সাৰি নগ'ল: প্ৰৱঞ্চকে লুটিলে ৩ কোটিৰো অধিক - FORMER RBI OFFICIAL CHEATED