২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন - Union Budget 2024
Budget 2024 date : ২২ জুলাইৰ পৰা ১২ আগষ্টলৈকে অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিবেশন ৷ শক্তিশালী বিৰোধীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই পূৰ্ণাংগ অধিৱেশনত দৃষ্টি নিৱদ্ধ থাকিব দেশবাসীৰ ৷

Published : July 6, 2024 at 7:07 PM IST
নিউজ ডেস্ক, 6 জুলাই : ২২ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন ৷ ১২ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত বিত্তীয় বৰ্ষটোৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ ২০২৪ ৰ সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত সংসদৰ সদস্যসকলে শপতগ্ৰহণৰ পিচত এইখনেই হ’ব প্ৰথমখন পূৰ্ণাংগ অধিৱেশন ৷
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে এক্সযোগে কয়, ‘‘ ভাৰত চৰকাৰৰ পৰামৰ্শ অনুসৰি মাননীয় ৰাষ্ট্ৰপতিয়ে ২২ জুলাই, ২০২৪ৰ পৰা ১২ আগষ্ট, ২০২৪ লৈ বাজেট অধিৱেশনৰ বাবে সংসদৰ দুয়োখন সদনক জনোৱা আহ্বানৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৷ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট অধিৱেশন ২৩ জুলাইত লোকসভাত উত্তাপন কৰা হ’ব ৷’’
উল্লেখ্য যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথমখন বাজেট স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হ’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিপূৰ্বে উল্লেখ কৰিছিল যে তৃতীয় কাৰ্যকালত কেতবোৰ নতুন তথা গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰা হ’ব ৷ উল্লেখ্য যে অষ্টাদশ লোকসভা গঠনৰ পিচত সংসদৰ প্ৰথম অধিৱেশনত বিৰোধী আৰু চৰকাৰৰ মাজত এন ই ই টি-ইউ জি পৰীক্ষাকে ধৰি বিভিন্ন বিষয়ত বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল ৷
লগতে পঢ়ক: মোডী ৩.০: আগন্তুক ৫ বছৰলৈ দেশৰ অৰ্থনীতিৰ ভেটি গঢ়াৰ দায়িত্ব পুনৰ নিৰ্মলা সীতাৰমণৰ হাতলৈ
উক্ত অধিৱেশনকালত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৭ জুনত দুখন সদনৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰিছিল ৷ লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে সংসদৰ দুয়োখন সদনত ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷
ইফালে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা বিগত দুখন চৰকাৰৰ কালছোৱাতকৈ এইবাৰ বিৰোধী যথেষ্ট শক্তিশালী স্থিতিত আছে ৷ সেই অনুসৰি ২২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া বাজেট অধিৱেশন যথেষ্ট লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক : কেন্দ্ৰীয় বাজেট: ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে ৬.২৪ লাখ কোটি টকা আৱন্টন

