ETV Bharat / bharat

যুদ্ধবিৰতি উলংঘা কৰি একেৰাহে তৃতীয় নিশা গুলীবৰ্ষণ পাকিস্তানৰ; ভাৰতেও দিলে যোগ্য প্ৰত্যুত্তৰ - PAKISTAN VIOLATES LOC CEASEFIRE

জম্মু-কাশ্মীৰত পহলগাম আক্ৰমণৰ পিছত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে পাকিস্তানে পুনৰবাৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰে ।

PAKISTAN VIOLATES LOC CEASEFIRE
প্ৰতিনিধিত্বমূলক ফটো (ANI)
author img

By PTI

Published : April 27, 2025 at 1:46 PM IST

2 Min Read

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তানী সৈন্যই অপ্ৰৰোচিত গুলীচালনাৰ আশ্ৰয় লৈছিল বুলি দেওবাৰে ভাৰতীয় সেনাই কয় আৰু লগতে কয় যে ভাৰতীয় সেনাই ইয়াৰ ‘কাৰ্যকৰী সঁহাৰি’ দিছিল । বিষয়াসকলে কয় যে ২৬-২৭ এপ্ৰিলৰ মাজনিশা টুটমাৰী গালি আৰু ৰামপুৰ ছেক্টৰৰ বিপৰীতে থকা অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তান সেনাৰ চকীসমূহে অপ্ৰৰোচিতভাৱে ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনা কৰে । ইয়াৰ পূৰ্বেও তিনিদিন ধৰি নিশাৰ ভাগত অবিৰতভাৱে গুলীচালনা চলি আছিল ।

২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাস বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা অব্যাহত আছে । এই আক্ৰমণত বহু নিৰীহ পৰ্যটক নিহত হোৱাৰ লগতে বহু আহত হয় ।

ভাৰতীয় সেনাই কয় যে তেওঁলোকৰ জোৱানসকলে ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনাৰ তীব্ৰ উত্তৰ দিছিল । যোৱা নিশা পাকিস্তান সেনাৰ পোষ্টসমূহে টুটমাৰী গালি আৰু ৰামপুৰ ছেক্টৰৰ বিপৰীতে থকা অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে অপ্ৰৰোচিতভাৱে ক্ষুদ্ৰ অস্ত্ৰৰ গুলীচালনাৰ আশ্ৰয় লয় ।

ইফালে, কুলগাম আৰক্ষীয়ে সেনা আৰু চি আৰ পি এফৰ সৈতে সমন্বিত অভিযান চলাই দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুটা সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে ।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি, কাইমোহৰ মতলহামা চক থোকাৰপোৰাত স্থাপন কৰা এটা নিয়মীয়া তালাচী চকীত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । আটকাধীন দুজন বিলাল আহমেদ ভাট আৰু মহম্মদ ইছমাইল ভাট বুলি জানিব পৰা গৈছে । দুয়োজনেই থোকপোৰা কাইমোহৰ বাসিন্দা ।

তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ পৰা দুটা পিষ্টল, দুটা পিষ্টলৰ মেগজিন আৰু ২৫ জাঁই পিষ্টলৰ গুলী উদ্ধাৰ কৰে । সম্প্ৰতি কাইমোহত থানা সংশ্লিষ্ট আইনৰ ধাৰাত গোচৰ ৰুজু কৰি অধিক তদন্ত আৰম্ভ কৰা হৈছে ।

ইয়াৰ পূৰ্বে শনিবাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দেহযুক্ত লোকৰ ঘৰ নিৰাপত্তা বাহিনী আৰু জম্মু-কাশ্মীৰ কৰ্তৃপক্ষই ভাঙি পেলোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বিষয়াসকলে জনোৱা মতে, কুলগাম জিলাৰ মতলহামা গাঁৱত জাকিৰ আহমেদ ঘনী নামৰ এজন সন্দেহযুক্ত লোকৰ ঘৰ ভাঙি পেলোৱা হ য়। কোৱা হৈছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ঘনী জড়িত আছিল । বিষয়াসকলে জনোৱা মতে, ২০২৩ চনৰ পৰা ঘানী সন্ত্ৰাসবাদী কাৰ্যকলাপত সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক : হাহাকাৰ লাগিছে পাকিস্তানত ! সীমান্তত ভাৰতলৈ নিৰ্বিচাৰ গুলীচালনা পাকিস্তানী সেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.