ETV Bharat / bharat

যুদ্ধবিৰতি উলংঘন কৰি চাৰিখন জিলালৈ গুলীচালনা পাকিস্তানৰ

পাকিস্তানৰ সেনাবাহিনীয়ে ধাৰাবাহিকভাৱে অষ্টমটো নিশাৰ বাবে উলংঘা কৰে যুদ্ধবিৰতি ৷

PAKISTAN CEASEFIRE VIOLATION
প্ৰতিনিধিত্বমূলক ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : May 2, 2025 at 1:28 PM IST

2 Min Read
Choose ETV Bharat

শ্ৰীনগৰ: বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ চাৰিখন জিলাত পাকিস্তানী সৈন্যই অপ্ৰৰোচিতভাৱে গুলীচালনা কৰে ৷ দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে ধাৰাবাহিকভাৱে অষ্টমটো দিনৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত যুদ্ধবিৰতি উলংঘন কৰি পাকিস্তানে গুলীচালনা অব্যাহত ৰখা বুলি ভাৰতীয় সেনাই সদৰী কৰে ৷

সেনাবাহিনীৰ এজন বিষয়াই কয়, ‘‘১-২ মে’ৰ নিশা পাকিস্তানী সেনাৰ পোষ্টসমূহে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, নৌশ্বেৰা আৰু আখনুৰ অঞ্চলৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পোষ্টৰ পৰা অপ্ৰৰোচিতমূলকভাৱে ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা কৰে ।’’

তেওঁ কয় যে ভাৰতীয় সেনায়ো এই কাৰ্যৰ উচিত প্ৰত্যুত্তৰ দিয়ে ৷ পূৰ্বে সীমান্তৱৰ্তী কুপৱাৰা, জম্মুৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হৈছিল গুলীচালনা ৷ পৰৱৰ্তী সময়ত কিন্তু বাৰামুল্লা জিলাত থকা ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ সমীপতো গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে পাকিস্তানী সেনাবাহিনীয়ে একেৰাহে অষ্টমটো নিশা যুদ্ধবিৰতি উলংঘা কৰে ৷

এই ঘটনাই ২০২১ চনত দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী চিৰবৈৰী দেশৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তিখনৰ প্ৰতি অশনি সংকেট কঢ়িয়াই আনিছে । যোৱা ২২ এপ্ৰিলত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে পহলগামৰ বৈছাৰণ ভেলীত ২৬ গৰাকী পৰ্যটকক গুলীয়াই হত্যা কৰাৰ পিছত এই উত্তেজনা যথেষ্ঠ পৰিমাণে বৃদ্ধি পায় ৷

তাৰ পিছৰে পৰা ভাৰতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ইয়াৰ প্ৰতিশোধ হিচাপে পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে ৷ তদুপৰি ভাৰতৰ সৈতে সকলো ধৰণৰ বাণিজ্য বন্ধ কৰি কয় যে সিন্ধু জল চুক্তিৰ অধীনত পাকিস্তানৰ বাবে নিৰ্ধাৰিত পানীক অন্য দিশলৈ ঠেলি দিয়াৰ যিকোনো প্ৰচেষ্টাক “যুদ্ধৰ কাৰ্য” বুলি গণ্য কৰা হ’ব ।

মঙলবাৰে দুয়োখন দেশৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে হটলাইনৰ জৰিয়তে ভাষণ দিয়াৰ পিছতো এই গুলীচালনা সংঘটিত হয় । ডি জি এম অ’ৰ আলোচনাৰ সৈতে পৰিচিত লোকসকলে জনোৱা মতে, পাকিস্তানৰ সেনাবাহিনীক এই অপ্ৰৰোচিত গুলীচালনাৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: ভাৰতৰ আকাশেৰে পাখি মেলি উৰি যাব নোৱাৰিব পাকিস্তানী বিমান