ETV Bharat / bharat

ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন, নিশাৰ আন্ধাৰত আকৌ পাকিস্তানী সেনাই চলালে গুলী - PAKISTAN CEASEFIRE VIOLATION

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অব্যাহত থকা উত্তেজনাৰ মাজতে পাকিস্তানী সৈন্যই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত একেৰাহে পঞ্চমটো নিশা গুলীচালনা কৰে ।

PAKISTAN CEASEFIRE VIOLATION
প্ৰতিনিধিত্বমূলক ফটো (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 12:35 PM IST

2 Min Read

জম্মু: জম্মু-কাশ্মীৰৰ এল অ’ চিৰ কাষত একেৰাহে পঞ্চমটো নিশা পাকিস্তানী সৈন্যই যুদ্ধবিৰতি উলংঘা কৰে ৷ জম্মু জিলাৰ আখনুৰ খণ্ডলৈ সম্প্ৰসাৰিত হয় এই উলংঘনৰ সীমা ৷ মঙলবাৰে এজন বিষয়াই সদৰী কৰে এই তথ্য ৷

বিগত সপ্তাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পিছত নতুন দিল্লী আৰু ইছলামবাদৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে ৷ তাৰমাজতে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ সমীপতে ধাৰাবাহিকভাৱে পঞ্চমটো নিশা অপ্ৰৰোচিতমূলকভাৱে গুলীচালনা কৰে ৷

এই গুলীচালনাৰ সন্দৰ্ভত প্ৰতিৰক্ষা মুখপাত্ৰই কয়, ‘‘২৮-২৯ এপ্ৰিলৰ নিশা পাকিস্তানী সেনাই কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ সমীপতে থকা অঞ্চলৰ লগতে আখনুৰ খণ্ডত ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অপ্ৰৰোচিতমূলকভাৱে ক্ষুদ্ৰ অস্ত্ৰৰ সহায়ত গুলীচালনা কৰে ৷ ভাৰতীয় সেনাই ফলপ্ৰসূভাৱে এই কাৰ্যৰ প্ৰত্যুত্তৰ দিছিল ।’’

অৱশ্যে এই গুলীচালনাৰ ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি বিষয়াগৰাকীয়ে কয় ৷ উত্তৰ কাশ্মীৰৰ কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ এল অ’ চিৰ কাষৰীয়া কেইবাটাও স্থানত গুলীচালনাৰ কৰি পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে ৷ প্ৰথমে পুঞ্চ আৰু এতিয়া আখনুৰ খণ্ডলৈ সম্প্ৰসাৰিত হয় যুদ্ধবিৰতি উলংঘনৰ সীমা ৷

উল্লেখ্য যে, পুঞ্চ খণ্ডত পাকিস্তানী সেনাই প্ৰথমবাৰৰ বাবে যুদ্ধবিৰতি উলংঘা কৰিছিল । যোৱা সপ্তাহৰ মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানী সৈন্যৰ মাজত গুলীচালনা আৰম্ভ হয় ।

২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ সময়তো এল অ’ চিৰ কাষত উত্তেজনা অব্যাহত আছে ।

লগতে পঢ়ক: পাকিস্তানৰ বিৰুদ্ধে কেনে ব্যৱস্থা ল'ব ভাৰতে ? প্ৰধানমন্ত্ৰীৰে ৰাজনাথৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.