নতুন দিল্লী : ভাৰতৰ নিখুঁত মিছাইল আক্ৰমণে আঘাত কৰিছিল পাকিস্তানৰ নুৰ খান বায়ুসেনা ঘাটি আৰু অন্যান্য স্থানত । অৱশেষত এই কথা স্বীকাৰ কৰিলে খোদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ।
উল্লেখ্য যে, ভাৰতীয় কৰ্তৃপক্ষৰ দাবী বাৰে বাৰে অস্বীকাৰ কৰি আহিছে পাকিস্তানে । পাকিস্তানী সেনাৰ লগতে প্ৰশাসনেও ভাৰতৰ আক্ৰমণক মিছা বুলি অভিযোগ কৰিছিল । কিন্তু ভাৰত নিশ্চিত আছিল যে ভাৰতীয় সেনাই পাকিস্তানৰ বায়ুসেনাৰ ঘাটিকে ধৰি বিভিন্ন স্থানত আক্ৰমণ কৰিছিল ।
শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে স্বীকাৰ কৰে যে ভাৰতৰ বেলিষ্টিক মিছাইলে ১০ মে'ত নুৰ খান বায়ুসেনা ঘাটি আৰু অন্যান্য স্থানত আঘাত কৰিছিল । শ্বৰীফে কয় যে সেনাপ্ৰধান জেনেৰেল আছিম মুনিৰে তেওঁক পুৱা প্ৰায় ২:৩০ বজাত ফোন কৰি ষ্ট্ৰাইকৰ খবৰ দিয়ে । শ্বৰীফে পাকিস্তানৰ বায়ুসেনাই স্থানীয় প্ৰযুক্তি আৰু চীনৰ জেট বিমানৰ ব্যৱহাৰৰ কথা উল্লেখ কৰে যদিও ভাৰতৰ মিছাইলে নিজৰ লক্ষ্যত আঘাত কৰাটো নিশ্চিত কৰে ।
Pakistan PM Shehbaz Sharif himself admits that General Asim Munir called him at 2:30am to inform him that India had bombed Nur Khan Air Base and several other locations. Let that sink in — the Prime Minister was woken up in the middle of the night with news of strikes deep inside… pic.twitter.com/b4QbsF7xJh
— Amit Malviya (@amitmalviya) May 16, 2025
শুকুৰবাৰে পাকিস্তান স্মৃতিসৌধত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি শ্বৰীফে কয়, "১০ মে'ৰ পুৱা প্ৰায় ২:৩০ বজাত জেনেৰেল চৈয়দ আছিম মুনিৰে মোক ফোন কৰি জনাইছিল যে ভাৰতৰ বেলিষ্টিক মিছাইলে নুৰ খান বায়ুসেনা ঘাটিত আৰু অন্যান্য অঞ্চলত আঘাত কৰিছে । আমাৰ বায়ুসেনাই আমাৰ দেশক বচাবলৈ স্থানীয়ভাৱে নিৰ্মিত প্ৰযুক্তি ব্যৱহাৰ কৰিছিল, আনকি চীনৰ জেট বিমানত তেওঁলোকে আধুনিক গেজেট আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিল ।"
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ এই স্বীকাৰোক্তিৰ পিছতে ভাৰতত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা অমিত মালৱিয়াই কয় যে প্ৰধানমন্ত্ৰীৰ স্বীকাৰোক্তিয়ে অপাৰেশ্যন সেন্দূৰৰ নিখুঁততা আৰু সাহসিকতাক উন্মোচন কৰিছে ।
এক্সৰ এটা পোষ্টত মালৱিয়াই কয়, "পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নিজেই স্বীকাৰ কৰিছে যে জেনেৰেল আছিম মুনিৰে তেওঁক পুৱা ২:৩০ বজাত ফোন কৰি ভাৰতে নুৰ খান বায়ুসেনা ঘাটি আৰু আন কেইবাটাও স্থানত আক্ৰমণ কৰিছে । সেয়া বাদ দিয়ক-- পাকিস্তানৰ ভিতৰত ভাৰতৰ আক্ৰমণৰ খবৰ পাই মাজনিশা প্ৰধানমন্ত্ৰী সাৰ পাই উঠিছিল । ইয়াৰ দ্বাৰা পৰিসৰ, নিখুঁততা আৰু সাহসিকতাৰ কথাই কোৱা হৈছে । #অপাৰেশ্যন সেন্দূৰ ।"