বেৰেলী: জম্মু-কাশ্মীৰৰ পহলগামত মঙলবাৰে পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰাৰ আদেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত বিগত কেইবা মাহ ধৰি থকা পাকিস্তানী নাগৰিকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
বেৰেলীতো ৩৪ গৰাকী পাকিস্তানীয়ে দীৰ্ঘকালীন ভিছা লৈ বাস কৰি আছে । তেওঁলোকেও এতিয়া ভাৰত এৰিব লাগিব । ইয়াৰ ভিতৰত শ্বেহনাজ নামৰ এগৰাকী পাকিস্তানী মহিলাও আছে, যাৰ সকলো নথিপত্ৰ হেৰাই গৈছে । কিন্তু ৪৫ দিনৰ ভিছাত ভাৰতলৈ অহা শ্বেহনাজৰ এতিয়া চিন্তা হৈছে তেওঁ পাকিস্তানলৈ কেনেদৰে যাব । অৱশ্যে তেওঁ প্ৰকাশ কৰিছে যে প্রশাসনে যি আদেশ দিব, তেওঁ সেই আদেশ মানি চলিব ।
উল্লেখ্য যে পহলগামত সন্ত্ৰাসবাদীৰ হাতত নিৰীহ পৰ্যটকসকলৰ মৃত্যুৰ পাছত কেন্দ্ৰীয় চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাপে এই আদেশ জাৰি কৰা হৈছে । আৰক্ষীৰ মতে, বেৰেলীত বৰ্তমান ৩৪ গৰাকী পাকিস্তানী আছে । তেওঁলোকৰ মাজত কেইবাজনৰো ভাৰতত আত্মীয়-স্বজন আছে । ইয়াৰে ভিতৰত এনে কিছু লোকো আছে, যিয়ে কেইবাবাৰো ভাৰতলৈ আহিছে । এতিয়া তেওঁলোকে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব ।
ইয়াৰে ভিতৰত পাকিস্তানী নাগৰিক শ্বেহনাজো আছে । শ্বেহনাজৰ বিয়া প্ৰায় ৪০ বছৰ পূৰ্বে পাকিস্তানত হৈছিল । তেওঁ ৪৫ দিনৰ ভিছাৰে মাৰ্চ মাহত ভাৰতলৈ আহিছিল । বেৰেলীৰ বাৰাদৰীত তেওঁৰ মাতৃ থাকে ।

শ্বেহনাজে কয়, "মাজে-সময়ে মাতৃক লগ পাবলৈ ইয়ালৈ আহো । মাৰ্চত পাকিস্তানৰ পৰা অহাৰ সময়ত ৰে’লত মোৰ পাৰ্ছ চুৰি হৈছিল । তাত মোৰ পাছপোৰ্টসহ প্ৰয়োজনীয় নথি আছিল । মই বেৰেলীৰ জি আৰ পি থানাত হেৰোৱাৰ গোচৰ ৰুজু কৰিছিলো আৰু স্থানীয় আৰক্ষী আৰু প্ৰশাসনকো এই বিষয়ে জনাইছিলো ।"
কিন্তু এতিয়া পহলগাম আক্ৰমণৰ পিছত শ্বেহনাজো পাকিস্তানলৈ উভতি যাব লাগিব । শ্বেহনাজে কয় যে তেওঁ পাকিস্তানলৈ যোৱাৰ বাবে সাজু । চৰকাৰে যি আদেশ দিব, সেই অনুসৰি তেওঁ যাব । নথিপত্ৰ যিহেতু নাই, সেয়ে ইয়াৰ পৰা যি নথি লাভ কৰে সেয়া লৈয়ে তেওঁ যাবলৈ সাজু ।
আনহাতে, এই প্ৰসংগত বেৰেলীৰ এছ এছ পি অনুৰাগ আৰ্যই কয়, "পাকিস্থানী মহিলা শ্বেহনাজৰ ৰে'লত পাৰ্ছ হেৰাইছিল । তেওঁৰ আৱশ্যকীয় নথিপত্ৰও হেৰাই যায় । এতিয়া যি আদেশ আহিছে সেই অনুসৰি আগন্তুক কাৰ্যব্যৱস্থাৰ বাবে আগবঢ়া হৈছে । বেৰেলীত এই সময়ত ৩৪ গৰাকী পাকিস্তানী দীৰ্ঘম্যাদী ভিছাত বাস কৰি আছে । আনহাতে, শ্বেহনাজে ৪৫ দিনৰ ভিছা লৈ তেওঁৰ ৰোগীয়া মাতৃক দেখা কৰিবলৈ আহিছিল ।"