নতুন দিল্লী: পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰে বৰ্বৰ কাণ্ডৰ পিছতে বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ একাংশ স্থানত পাকিস্তানী সেনাই গুলীচালনা কৰিবলৈ ধৰে ৷ এই গুলীচালনাৰ তাৎক্ষণিক প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সৈন্যবাহিনীয়ে ৷ দেশৰ সামৰিক সূত্ৰই প্ৰকাশ কৰিছে এই কথা । অৱশ্যে এই গুলীচালনাৰ সময়ত কোনো হতাহত হোৱা বুলিও সুত্ৰটোৱে জানিবলৈ দিয়ে ৷
ভাৰতীয় সেনাৰ বিষয়াসকলে কয়, "পাকিস্তানী সেনাৰ উদ্যোগত নিয়ন্ত্ৰণ ৰেখাৰ একাংশ ঠাইত গুলীচালনাৰ ঘটনা ঘটে । ফলস্বৰূপে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়ে ৷ অৱশ্যে কোনো লোকৰ মৃত্যু হোৱা নাই ।"
২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ দুয়ো দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে পাকিস্তানী সেনাই এই গুলীচালনা সংঘটিত কৰে ।
এক সূত্ৰই জনোৱা মতে, "পাকিস্তানৰ উদ্যোগত নিয়ন্ত্ৰণ ৰেখাৰ কিছু ঠাইত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । দাবী কৰা হৈছে যে এই গুলীচালনাৰ তাৎক্ষণিক প্ৰত্যুত্তৰ দিয়া হৈছিল ।"
সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও কূটনৈতিক ব্যৱস্থা ততালিকে কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰে ৷ তাৰ ভিতৰত আছে- আটাৰীৰ সংহত চেক পোষ্ট (আই চি পি) বন্ধ কৰা, পাকিস্তানী নাগৰিকৰ বাবে ছাৰ্ক ভিছা ৰেহাই আঁচনি (এছ ভি ই এছ) বাতিল ৰখা, তেওঁলোকক নিজৰ দেশলৈ উভতি যাবলৈ ৪৮ ঘণ্টা সময় দিয়া আৰু দুয়োপক্ষৰ উচ্চায়ুক্তত বিষয়াৰ সংখ্যা হ্ৰাস কৰা ইত্যাদি ।
"নতুন দিল্লীত থকা পাকিস্তানী উচ্চায়ুক্তৰ প্ৰতিৰক্ষা/সামৰিক, নৌ আৰু বায়ু উপদেষ্টাসকলক পাৰ্চোনা নন গ্ৰেটা বুলি ইতিমধ্যে ঘোষণা কৰিছে ভাৰত চৰকাৰে । তেওঁলোকৰ হাতত ভাৰত এৰি যাবলৈ এসপ্তাহ সময় আছে । ভাৰতে ইছলামবাদৰ ভাৰতীয় উচ্চায়ুক্তৰ পৰা নিজাকৈ প্ৰতিৰক্ষা/নৌসেনা/বায়ু উপদেষ্টা প্ৰত্যাহাৰ কৰিব । নিজা নিজা উচ্চায়ুক্তৰ এই পদসমূহ বাতিল কৰা বুলি গণ্য কৰা হৈছে । সেৱা উপদেষ্টাসকলৰ পাঁচজন সহযোগী কৰ্মচাৰীকো উভয় উচ্চায়ুক্তৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব ৷" - এই মন্তব্য বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ ৷
তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আটাৰীস্থিত সংহত চেক প’ষ্ট বন্ধ কৰা হৈছে বুলিও মিশ্ৰীয়ে উল্লেখ কৰে । পহলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতে ১৯৬০ চনত স্বাক্ষৰিত সিন্ধু জল চুক্তিও বাতিল কৰিছে ৷
লগতে পঢ়ক: পানীও সৰকিব নোৱাৰিব ! বন্দীপোৰাত নিশ্চিদ্ৰ অভিযান নিৰাপত্তাৰক্ষীৰ - PAHALGAM TERROR ATTACK