ETV Bharat / bharat

পহলগামকাণ্ড: আগন্তুক ১০ দিনৰ বাবে বাতিল ৯০ শতাংশ কাশ্মীৰ পৰ্যটকৰ বুকিং

''সন্ত্ৰাসবাদীয়ে কেৱল পৰ্যটকক হত্যা কৰাই নহয়, কাশ্মীৰ দৰ্শনাৰ্থীৰ যি আস্থা আছিল সেই আস্থাকো ধ্বংস কৰাৰ চেষ্টা কৰিছে ।'' এজন ট্যুৰ অপাৰেটৰৰ মালিকে কয় ।

Pahalgam Terror Attack
কাশ্মীৰৰ পৰ্যটন খণ্ড (ANI)
author img

By ETV Bharat Assamese Team

Published : April 27, 2025 at 6:49 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কাশ্মীৰৰ পৰ্যটন খণ্ডত বৰ বেয়াকৈ প্ৰভাৱ পৰিছে । ট্যুৰ অপাৰেটৰসকলে কয় যে এই কাণ্ডই পৰ্যটকৰ মনত ভয়-শংকা বৃদ্ধি পাইছে । যাৰ ফলত ইতিমধ্যে বহু পৰ্যটকে বাতিল কৰিছে কাশ্মীৰ ভ্ৰমণৰ কাৰিযসূচী ।

আগশাৰীৰ ট্যুৰ এণ্ড ট্ৰেভেল অপাৰেটৰ বীনা পাটিল হস্পিটেলিটি প্ৰাইভেট লিমিটেডৰ সুধিৰ পাটিলে কয়, ''সন্ত্ৰাসবাদীয়ে কেৱল পৰ্যটকক হত্যা কৰাই নহয়, বছৰ বছৰ ধৰি কাশ্মীৰত গঢ় লৈ উঠা আত্মীয়তাক আঘাত কৰিছে ।''

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "পৰ্যটকে ইতিমধ্যে নিজৰ ভ্ৰমণ বাতিল কৰিছে । কাৰণ এই আক্ৰমণে পৰ্যটকৰ আত্মক কঁপাই তুলিছে । অহা দুমাহত পৰ্যটনৰ বাবে উত্তম বতৰ । প্ৰায় সকলো হোটেলতে, বিশেষকৈ পঞ্চ তাৰকাৰ পৰা কম বাজেটৰ হোটেলৰ বুকিঙো কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে, এতিয়া অহা ১০ দিনৰ বাবে ৯০-১০০ শতাংশ বুকিং বাতিল কৰা হৈছে ।"

যোৱা ২২ এপ্ৰিলত মূল পহলগাম চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দূৰত্বত বৈছাৰণ অঞ্চলত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে । ফলত ২৫ জন পৰ্যটক আৰু এটা স্থানীয় লোকক হত্যা কৰা হৈছিল । বন্দুকধাৰীয়ে কেৱল হিন্দু লোককহে হত্যা কৰিছিল ।

এই আক্ৰমণৰ পিছতে পৰ্যটকসকলে কাশ্মীৰৰ পৰা পলায়ন কৰে । এই ঘটনাৰ পিছতে প্ৰথম কেইদিনমান কাশ্মীৰৰ মূল ঘাইপথটোও বন্ধ কৰি দিয়া হয় । যাৰ পৰিপ্ৰেক্ষিতত বিমান সংস্থাসমূহে পৰ্যটকৰ সুবিধাৰ্থে বিশেষ কিছু বিমানৰ ব্যৱস্থা কৰি দিয়ে ।

জম্মু-কাশ্মীৰৰ পৰ্যটনৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰভাৱ কম কৰাৰ লক্ষ্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি পাটিলে কয় যে ট্যুৰ পেকেজ বুকিং কৰা দৰ্শনাৰ্থীসকলক বুকিং বাতিল নকৰাকৈ ২০২৬ চনৰ মে’ মাহলৈকে ভ্ৰমণ পিছুৱাই দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

তেওঁ এই সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কয় যে এনে ঘটনা কেতিয়াবা সংঘটিত হ'ব বুলি তেওঁলোকে কেতিয়াও আশা কৰা নাছিল । তেওঁ লগতে কয়, "এয়া এক আচৰিত ঘটনা । এই আক্ৰমণে পৰ্যটন ক্ষেত্ৰখনক আঘাত হানিব । আমি বুকিং বাতিল কৰিছো । এই আক্ৰমণৰ পাচতো কিছুমান পৰ্যটক কাশ্মীৰতে আছে । মই তেওঁলোকৰ সাহসক প্ৰশংসা কৰিছো ।"

পৰ্যটনস্থলীত নিষেধাজ্ঞা আৰোপ কৰাৰ কিছুমান চৰকাৰী পৰিকল্পনাক লৈ প্ৰকাশ পোৱা বাতৰিৰ উত্তৰত ট্যুৰ অপাৰেটৰজনে কয় কয়, "এই সকলোবোৰ নিৰ্দেশনা আমি মানি চলিম । সেয়ে আমাক আগতীয়াকৈ অৱগত কৰিবলৈ আপোনালোকক আহ্বান জনাইছো । যাতে আমি পৰ্যটকৰ বাবে বিকল্প গন্তব্য স্থানৰ পৰিকল্পনা কৰিব পাৰে ।"

লগতে পঢ়ক : ভাৰতীয় নৌ সেনাৰ শক্তি প্ৰদৰ্শন; ৰক্ষা নাই পাকিস্তানৰ !