ETV Bharat / bharat

বন্ধ হ’ল কাশ্মীৰৰ ৪৮ টা পৰ্যটনস্থলী... চাওক তালিকা - PAHALGAM TERROR ATTACK

পহলগামৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে ২৬ জন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰাৰ এসপ্তাহৰ পাছতে পৰ্যটন স্থানসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

PAHALGAM TERROR ATTACK
ফাইল ফটো: ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা ঠাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 4:19 PM IST

4 Min Read

শ্ৰীনগৰ: পহলগামৰ ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ এসপ্তাহৰ পাছত কাশ্মীৰৰ পৰ্যটনৰ ওপৰত এক বৃহৎ আঘাত হানি সতৰ্কতামূলক ব্যৱস্থা হিচাপে উপত্যকাটোৰ কিছুমান বিখ্যাত ৰাজহুৱা উদ্যান আৰু ট্ৰেকিং ট্ৰেইলকে ধৰি কেইবা ডজন পৰ্যটনস্থলী বন্ধ কৰি দিয়া হৈছে বুলি মঙলবাৰে বিষয়াসকলে জনায় ।

জম্মু-কাশ্মীৰ পৰ্যটন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই ই টিভি ভাৰতক নিশ্চিত কৰিছে যে সমগ্ৰ উপত্যকাৰ প্ৰায় ৫০টা পৰ্যটনস্থলী বৰ্তমানলৈকে বন্ধ হৈ আছে । ইয়াৰ ভিতৰত গুৰেজ আৰু বুংগাছ উপত্যকাৰ দৰে অতি উচ্চতাৰ গন্তব্যস্থানৰ লগতে ৰাজধানী শ্ৰীনগৰৰ ঐতিহ্য স্থানসমূহো অন্তৰ্ভুক্ত ।

পৰ্যটকৰ প্ৰতি থকা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি কাশ্মীৰৰ ৮৭খন ৰাজহুৱা উদ্যান, দূৰৱৰ্তী পৰ্যটনস্থলী আৰু বিখ্যাত বাগিচাসমূহৰ ভিতৰত ৪৮খন গেট বন্ধ কৰি দিয়া হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

বন্ধ কৰা পৰ্যটনস্থলীসমূহৰ ভিতৰত আছে কাশ্মীৰৰ দুৰ্গম অঞ্চল আৰু লগতে বিগত ১০ বছৰত মুকলি হোৱা কিছুমান নতুন স্থান ।

২২ এপ্ৰিলত পহলগাম বজাৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰত্বত অৱস্থিত বৈছাৰণত উগ্ৰপন্থীয়ে ২৫ জন পৰ্যটক আৰু স্থানীয় ঘোঁৰা চালকক হত্যা কৰিছিল । খোজকাঢ়ি আৰু ঘোঁৰাৰে যাব পৰা এই ঘাঁহনিখন সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ সময়ত কোনো নিৰাপত্তাবাহিনীৰ লোক নাছিল ৷

এই আক্ৰমণে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ লগতে জম্মু-কাশ্মীৰতো ভয় আৰু আতংকৰ সৃষ্টি কৰে, যাৰ ফলত উপত্যকাটোৰ পৰা পৰ্যটকৰ পলায়ন আৰম্ভ হয় । পৰ্যটনৰ এগৰাকী বিষয়াই কয় যে নিৰাপত্তাৰ পৰামৰ্শৰ পিছতে ডুডপাথ্ৰি আৰু ইউছমাৰ্গৰ দৰে গন্তব্যস্থানসমূহ বন্ধ কৰি দিয়া হৈছিল ।

তেওঁ কয় যে বিভাগটোৱে এতিয়াও কোনো আনুষ্ঠানিক প্ৰস্তাৱ প্ৰকাশ কৰা নাই যদিও ছ’চিয়েল মিডিয়া গ্ৰুপত প্ৰচাৰিত ঘোষণাত ৪৮টা স্থানক ‘বন্ধ’ বুলি তালিকাভুক্ত কৰা হৈছে । বিষয়াসকলৰ উদ্ধৃতি দি পি টি আয়ে জনোৱা মতে, নিৰাপত্তা পৰ্যালোচনা এক চলি থকা প্ৰক্ৰিয়া আৰু অনাগত দিনত আৰু অধিক স্থান তালিকাত যোগ হ’ব পাৰে ।

এই স্থানসমূহ প্ৰধানকৈ অফছাইট বা অতি উচ্চতাত অৱস্থিত হোৱাৰ লগতে ইয়াৰে বহুতো নিয়ন্ত্ৰণ ৰেখাৰ কাষত অৱস্থিত হোৱাৰ বাবে ‘অসুৰক্ষিত’ বুলি চিনাক্ত কৰা হৈছে । উদাহৰণস্বৰূপে, উত্তৰ কাশ্মীৰৰ গুৰেজ আৰু বাংগাছ উপত্যকা যি এসময়ত ট্ৰেকিঙৰ বাবে পচন্দৰ ঠাই আছিল কিন্তু পিছলৈ সীমান্তৰ সিপাৰৰ পৰা হোৱা গোলাবৰ্ষণৰ বাবে এক দুৰ্গম ঠাইলৈ পৰ্যৱসিত হয় ৷

উপত্যকাটোৰ পৰ্যটনৰ সৈতে জড়িত লোকসকলে এই পদক্ষেপক লৈ ক্ষোভিত হৈ কয় যে ইয়াৰ ফলত পৰ্যটন খণ্ডৰ বৃহৎ লোকচান হ’ব । কাশ্মীৰ ট্ৰেভেল এজেণ্ট এছ’চিয়েশ্যনৰ সভাপতি ৰাউফ ট্ৰেমবুৱে ই টিভি ভাৰতক কয়, "যেতিয়া এই পৰামৰ্শ জাৰি কৰা হৈছিল, তেতিয়া আমি পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে শোক প্ৰকাশ কৰি আছিলো । ই বাহিৰলৈ ভাল সংকেত প্ৰেৰণ নকৰে । ই পৰ্যটনৰ বাবে ঠাই বন্ধ কৰাৰ দৰেই ।" তেওঁ কয় যে এই গন্তব্যস্থানসমূহ বন্ধ কৰাৰ সন্দৰ্ভত পৰামৰ্শৰ কোনো সময়সীমা কৰ্তৃপক্ষই দিয়া নাই ।

কাশ্মীৰত বৰ্তমান বন্ধ হৈ থকা পৰ্যটনস্থলীৰ তালিকা

  • গুৰেজ উপত্যকা
  • ইউছমাৰ্গ
  • ডুডপাথ্ৰি
  • অহৰবল
  • কৌছাৰনাগ
  • বাংগাছ
  • কৰিৱান ডাইভাৰ
  • চন্দিগাম
  • বাংগাছ উপত্যকা
  • ৱুলাৰ/ৱাটলেব
  • ৰামপোৰা আৰু ৰাজপোৰা
  • চেয়াৰহৰ
  • মুণ্ডিজ-হামাম-মাৰকুট জলপ্ৰপাত
  • খাম্পু, বছনিয়া, ভিজিটপ
  • সূৰ্য মন্দিৰ খেৰিবাল
  • ভেৰিনাগ বাগিচা
  • সিন্থান টপ
  • মাৰ্গানটপ
  • আকাদ পাৰ্ক
  • হাব্বা খাতুন পইণ্ট কাউনাৰ
  • বাবাৰেশী টাংমাৰ্গ
  • ৰিংগাৱালী টাংমাৰ্গ
  • গোগলদৰা টাংমাৰ্গ
  • বাদেৰকোটে টাংমাৰ্গ
  • শ্ৰুঞ্জ জলপ্ৰপাত
  • কামনপোষ্ট উৰি
  • নামব্লান জলপ্ৰপাত
  • ইকো পাৰ্ক খাদিজা
  • সঙ্গৰৱানী
  • জামিয়া মছজিদ
  • বদমৱাৰী
  • ৰাজোৰী কাদল হোটেল কানাজ
  • আলি কাদল জে জে ফুড ৰেষ্টুৰেণ্ট
  • আইভৰি হোটেল গাণ্ডটাল (থিড)
  • পদশাপাল ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্ট (ফকিৰ গুজৰি)
  • চেৰী ট্ৰি ৰিজৰ্ট (ফকিৰ গুজৰি)
  • নৰ্থ ক্লিফ কেফে আৰু ৰিট্ৰিট ৱাই ষ্টে পেটাৰ্ণ (আস্তানমাৰ্গ পেৰাগ্লাইডিং পইণ্ট)
  • আস্তানমাৰ্গ পেৰাগ্লাইডিং পইণ্ট
  • ফৰেষ্ট হিল কটেজ (আস্তান মহল্লা, দাৰা)
  • ইকো ভিলেজ ৰিজৰ্ট (দাৰা)
  • আস্তানমাৰ্গ ভিউ পইণ্ট
  • মমনেথ আৰু মহাদেৱ হিলছ
  • বৌদ্ধ মঠ, হৰৱান
  • ডাচিগাম – বায়ন্দ ট্ৰাউট ফাৰ্ম/ফিচাৰী ফাৰ
  • আস্তানপোৰা (স্পেছিয়েলি কায়ম গাহ ৰিজৰ্ট)
  • লাচপাত্ৰ লাটেৰাল
  • হাং পাৰ্ক
  • নৰনাগ

লগতে পঢ়ক :

পহলগামকাণ্ড: আগন্তুক ১০ দিনৰ বাবে বাতিল ৯০ শতাংশ কাশ্মীৰ পৰ্যটকৰ বুকিং

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ল’লে NIA ই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.