ETV Bharat / bharat

পহলগাম আক্ৰমণত আহতসকলৰ কাষত কংগ্ৰেছ নেতা ৰাহুল গান্ধী - PAHALGAM ATTACK

শ্ৰীনগৰত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী । তাৰ পিছত অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সাক্ষাৎ কৰে পহলগ্ৰাম আক্ৰমণত আহতসকলক ।

Pahalgam Attack: Rahul Gandhi visits injured tourists in Kashmir Hospital
পহলগাম আক্ৰমণত আহতসকলৰ কাষত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 4:08 PM IST

2 Min Read

শ্ৰীনগৰ: পহলগামৰ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ । আহত পৰ্যটকৰ কাষত উপস্থিত হৈছে ৰাজনৈতিক নেতাকে আদি কৰি বহুজন । শুকুৰবাৰে শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় কংগ্ৰেছ তথা বিৰোধী দলৰ নেতা ৰাহুল গান্ধী । তাৰ পিছতে কংগ্ৰেছ দলৰ আন আন নেতাসকলৰ লগত দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ ৰাওনা হয় । চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত আহত পৰ্যটকসকলক সাক্ষাৎ কৰে ।

উল্লেখ্য যে ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণৰ সেউজ ঘাঁহনিত পৰ্যটকৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণত ২৬ জন পৰ্যটক নিহত হোৱাৰ লগতে ১৬ গৰাকী আহত হৈছিল । নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলক কাষত উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় । কংগ্ৰেছ নেতাগৰাকীৰ সৈতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, প্ৰদেশ কংগ্ৰেছ কমিটি জম্মু-কাশ্মীৰৰ সভাপতি তাৰিক হামিদ কাৰা আৰু দলৰ অন্যান্য নেতাসকল উপস্থিত থাকে ।

Pahalgam Attack: Rahul Gandhi visits injured tourists in Kashmir Hospital
পহলগাম আক্ৰমণত আহতসকলৰ কাষলৈ ৰাহুল গান্ধী (ETV Bharat)

এই আক্ৰমণক সমগ্ৰ বিশ্বই তীব্ৰ গৰিহণা দিছে । আনহাতে জম্মু আৰু কাশ্মীৰে ২৩ এপ্ৰিলত আক্ৰমণৰ বিৰুদ্ধে এদিনীয়া বন্ধ আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে শ্ৰীনগৰত ছাত্ৰ আৰু নাগৰিক সমাজৰ লগতে দলীয় আৰু বাণিজ্য আৰু পৰ্যটন খণ্ডকে ধৰি বিভিন্ন প্ৰতিনিধি দলকো সাক্ষাৎ কৰিব আৰু শেষত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কূটনৈতিক পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । এনে সময়তে সন্ত্ৰাসবাদ ৰোধ বা পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে যি সিদ্ধান্তই গ্ৰহণ নকৰক কিয় আমাৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি সৰ্বদলীয় বৈঠকত মন্তব্য কৰিছিল লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ।

শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাহুল গান্ধী (ETV Bharat)

লগতে পঢ়ক: অপৰাধীক আদালতৰ কাঠগড়াত থিয় কৰাওক: পহলগাম আক্ৰমণ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ - NHRC ON PAHALGAM ATTACK

কাশ্মীৰত সেনাপ্ৰধান দ্বিবেদীৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা: শ্ৰীনগৰত ৰাহুল গান্ধী - PAHALGAM ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.