নতুন দিল্লী: জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ । ইতিমধ্যে ঘটনাৰ তদন্ত কৰিবলৈ কাশ্মীৰত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ ।
এই আক্ৰমণক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মঙলবাৰে টেলিফোনিক বাৰ্তালাপ কৰাৰ পাচতে কাশ্মীৰত উপস্থিত হৈছে গৃহমন্ত্ৰীগৰাকী ।
প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক ঘটনা সন্দৰ্ভত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । আনকি দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত আক্রমণস্থলীলৈ গৈ ব্যক্তিগতভাৱে পৰিস্থিতিৰ বুজ ল’বলৈও গৃহমন্ত্রীক নিৰ্দেশ দিয়ে প্রধানমন্ত্রী মোদীয়ে ৷

ইয়াৰ পূৰ্বে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগাম অঞ্চলত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ ফলত একাংশ সাধাৰণ নাগৰিকো আহত হোৱাৰ খবৰ পোৱা গৈছে । অৱশ্যে এই পৰ্যন্ত চৰকাৰে হতাহত বা আঘাতৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । সন্ত্ৰাসবাদী আক্ৰমণত আহত পৰ্যটকক পহলগামৰ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ।
উল্লেখ্য যে, ২০০০ চনৰ ১ আগষ্টত নুনৱানত পৰ্যটকৰ ৰক্তাক্ত হত্যাকাণ্ডৰ ২৪ বছৰৰ পাছত উপত্যকাটোত সংঘটিত হৈছে অনুৰূপ ঘটনা ।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয়, "মৃতকৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই । গতিকে সেই সবিশেষৰ মাজলৈ যাব নিবিচাৰো । পৰিস্থিতি স্পষ্ট হ’লেই আনুষ্ঠানিকভাৱে অৱগত কৰা হ’ব ।" লগতে এই ঘটনা সন্দৰ্ভত গভীৰ শোক আৰু ক্ষোভ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
"মই অবিশ্বাস্যভাৱে স্তম্ভিত হৈছো । আমাৰ দৰ্শনাৰ্থীৰ ওপৰত কৰা এই আক্ৰমণ অতি ঘৃণনীয় । নিন্দা কৰিবলৈ কোনো ভাষাই নাই । মৃতকৰ পৰিয়াললৈ মোৰ সহানুভূতি প্ৰেৰণ কৰিছো ।"
তেওঁ লগতে কয়, "আহতসকলৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । মই মোৰ সহকৰ্মী ছাকিনা ইটুৰ সৈতে কথা পাতিছো আৰু তেওঁ আহতসকলৰ পৰিস্থিতি বুজ ল'বলৈ চিকিৎসালয়লৈ গৈছে। মই শীঘ্ৰে শ্ৰীনগৰলৈ উৰা মাৰিম ।"
ইফালে দক্ষিণ কাশ্মীৰৰ পহলগাম অঞ্চলত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাটো শান্তি আৰু অঞ্চলটোৰ পৰ্যটন খণ্ডৰ ওপৰত কৰা আক্ৰমণ বুলি অভিহিত কৰিছে ৰাজনৈতিক দলসমূহে । লগতে ৰাজনৈতিক নেতাসকলেও এই ঘটনাক তীব্ৰ গৰিহণা দিছে ।
কংগ্ৰেছ নেতা বিকাৰ ৰছুল ৱানীয়ে এই ঘটনাক গৰিহণা দি স্থানীয় অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে । "আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো...তেওঁলোকে পৰ্যটকক কিয় আক্ৰমণ কৰিছে ? অৰ্থ ব্যৱস্থাটো সম্পূৰ্ণৰূপে পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল । এইটো পৰ্যটকক আক্ৰমণ কৰাৰ এক বৃহৎ ষড়যন্ত্ৰৰ অংশ আৰু চৰকাৰে এই কাণ্ডৰ তদন্ত কৰা উচিত... ।" ৱানীয়ে কয় ।
ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ইমৰাণ নবী দাৰে কাশ্মীৰৰ পৰ্যটনৰ বাবে ইয়াক “অন্ধকাৰ দিন” বুলি অভিহিত কৰে । "কাশ্মীৰ আৰু কাশ্মীৰৰ পৰ্যটনৰ বাবে এইটো এটা অন্ধকাৰ দিন । পৰ্যটনৰ বতৰ মাত্ৰ আৰম্ভ হ'বলৈ লৈছিলেহে আৰু এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল । আমি এই ঘটনাক গৰিহণা দিছো... কাশ্মীৰ আতিথ্যৰ বাবে পৰিচিত... এই ঘটনাবোৰৰ আঁৰত কোন আছে সেইটো জানিবলৈ আমি এল জি প্ৰশাসনক আহ্বান জনাইছো...।"
পহলগামত সংঘটিত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতা ৰবিন্দৰ ৰাইনাই কয় যে দক্ষিণ কাশ্মীৰৰ নিৰীহ পৰ্যটকক লক্ষ্য কৰি “পাকিস্তানী সন্ত্ৰাসবাদী”এ এই আক্ৰমণ সংঘটিত কৰিছে ।
নৌশ্বেৰাত ভাষণ দি ৰাইনাই কয়, "দক্ষিণ কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত কাপুৰুষীয়া সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছে । কাপুৰুষ পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু আমাৰ অৰ্ধসামৰিক বাহিনীৰ সাহসী জোৱানৰ সন্মুখীন হ'ব নোৱাৰে ।"
তেওঁ লগতে কয়, "এই কাপুৰুষ সন্ত্ৰাসবাদীসকলে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ অহা নিৰস্ত্ৰ, নিৰীহ পৰ্যটকক লক্ষ্য কৰি লৈছে । কিছু পৰ্যটকক আহত অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।"