শ্ৰীনগৰ : দেশ কঁপাই যোৱা পহলগামকাণ্ড, যাৰ বৰ্ণনা শুনিলেই গা-মূৰ শিয়ৰি উঠে । ২২ এপ্ৰিলৰ দিনা পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ একাধিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰা কেইবাশ কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক বিভিন্ন সংগঠনে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ।
উত্তৰাখণ্ডৰ এটা সোঁপন্থী সংগঠনে আলটিমেটাম জাৰি কৰি কাশ্মীৰীসকলক বুধবাৰে পুৱা ১০ বজাৰ ভিতৰত ৰাজ্যখন এৰি যাবলৈ সকীয়নি দিয়ে । লগতে শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও ভাবুকি প্ৰদান কৰে ।
হিন্দু ৰক্ষা দলৰ নেতা ললিত শৰ্মাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’যোগে বুধবাৰে পুৱা ১০ বজাৰ পূৰ্বে কাশ্মীৰী মুছলমানসকলক উত্তৰাখণ্ড এৰি যাবলৈ দাবী জনাইছে ।
"পহলগামকাণ্ডৰ পিছত আমি যি বেদনা অনুভৱ কৰিছো সেয়া আমি প্ৰকাশ কৰিব নোৱাৰো...কাইলৈ পুৱা ১০ বজাৰ পিছত যদি ৰাজ্যত কোনো কাশ্মীৰী মুছলমানক দেখা পাওঁ তেন্তে তেওঁলোকক সঠিক শাস্তি প্ৰদান কৰিম ।" শৰ্মাই কয় ।
There have been many incidents across the country wherein Kashmiri students are being harassed, beaten up, bullied and even asked to vacate their residential premises.
— Sajad Lone (@sajadlone) April 24, 2025
I request the union government to please ensure the safety of Kashmiri students.
জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাৰ সভাপতি নাছিৰ খুয়েহামীয়ে কয় যে উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব আদি ৰাজ্যত অধ্যয়নৰত আৰু কৰ্মৰত কাশ্মীৰীৰ পৰা দুৰ্দশাৰ ফোন আহিছে ।
ডেৰাডুনৰ কলেজসমূহৰ ফালৰ পৰা কাশ্মীৰী মুছলমান ছাত্ৰ-ছাত্ৰীক বহিষ্কাৰ কৰাৰ দাবীত ভাবুকিমূলক পোষ্ট কৰা হৈছে বুলিও তেওঁ দাবী কৰে । সন্থাৰ হৈ খুয়েহামীয়ে কয়, "ডেৰাডুনৰ সুদুৱালাৰ বি এফ আই টি কলেজৰ পৰা প্ৰায় ২০ জন কাশ্মীৰী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে সোঁপন্থী হিংসাৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে বিমানবন্দৰলৈ গতি কৰিছে । এইক্ষেত্ৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে তৎকালীনভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"
The J&K government is in touch with the governments of the states where these reports are originating from. I’m also in touch with my counterpart Chief Ministers in these states & have requested they take extra care. https://t.co/oMTx06o08Y
— Omar Abdullah (@OmarAbdullah) April 24, 2025
"ইফালে মঙলবাৰে নিশাৰ পৰা বহু ৰাজ্যত ক্ষোভৰ জোৱাৰ উঠা দেখা গৈছে, যাৰ ফলত কাশ্মীৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যিসকলক এই ঘটনাৰ সৈতে কোনো সম্পৰ্ক নথকাৰ পাছতো আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে ।" তেওঁ কয় ।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত দুই এজন ঘৰৰ মালিকে কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক তাৎক্ষণিকভাৱে ভাৰাঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছে বুলিও কয় জে কে এছ এৰ মুৰব্বীগৰাকীয়ে । তেওঁ কয় যে ইতিমধ্যে কিছুমানে হেঁচাত পৰি গুচি গৈছে । এয়া আতংকজনক । প্ৰয়াগৰাজ এটা স্পৰ্শকাতৰ অঞ্চল আৰু ইয়াত হাৰাশাস্তি আৰু প্ৰফাইলিঙৰ (profiling) আশংকা বাঢ়িছে বুলিও তেওঁ লগতে কয় ।
সংস্থাটোৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক "তৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ" অনুৰোধ জনায় আৰু যাতে নিৰীহ কাশ্মীৰীসকলক লক্ষ্য কৰি লোৱা নহয় তাৰ বাবে মন দিবলৈয়ো অনুৰোধ জনায় । জে কে এছ এয়ে কয়, "তেওঁলোকৰ সুৰক্ষা, মৰ্যাদা আৰু ভাৰতৰ যিকোনো ঠাইতে বাস কৰাৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব ।"
জে কে এছ এৰ তথ্য অনুসৰি চণ্ডীগড়ৰ ডেৰাবছিত কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ হোষ্টেলত চোকা বস্তুৰে আক্ৰমণ কৰা হয় । জে কে এছ এই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন ছাত্ৰই কোৱা শুনা যায় যে এজন ছাত্ৰ বেয়াকৈ আহত হয় আৰু এই সন্দৰ্ভত কলেজৰ নিৰাপত্তাৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । পঞ্জাব আৰক্ষীয়েও সময়মতে পৰ্যাপ্ত সহায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল ।
There have been many incidents across the country wherein Kashmiri students are being harassed, beaten up, bullied and even asked to vacate their residential premises.
— Sajad Lone (@sajadlone) April 24, 2025
I request the union government to please ensure the safety of Kashmiri students.
হিমাচল প্ৰদেশৰ কাংগৰা জিলাতো একেধৰণৰ ভাবুকি দিয়া হৈছিল, য'ত অৰ্ণি বিশ্ববিদ্যালয়ৰ (Arni University) ছাত্ৰ-ছাত্ৰীক ভয় খুৱাইছিল, তেওঁলোকৰ হোষ্টেলৰ কোঠাৰ দুৱাৰ ভাঙিছিল আৰু কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক "স্থানীয় আক্ৰমণকাৰী"ৰ দ্বাৰা নিৰ্যাতন চলোৱা হৈছিল, তেওঁলোকক "সন্ত্রাসবাদী" বুলি অভিহিত কৰা হৈছিল।
- কাশ্মীৰী অভিভাৱক চিন্তিত
কাশ্মীৰী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা ভাবুকিয়ে তেওঁলোকৰ পিতৃ-মাতৃক চিন্তিত কৰি তুলিছে, বহুতেই সন্তানক ঘৰলৈ উভতি আহিবলৈ কৈছে । ইয়াৰ ভিতৰত আছে শ্ৰীনগৰৰ বাসিন্দা হালিমা বানো, যাৰ ২০ বছৰীয়া পুত্ৰ জুবাইৰে পঞ্জাবৰ এখন বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তি কৰি আছে ।
উদ্বিগ্ন মাতৃগৰাকীয়ে কালিৰে পৰা বাৰম্বাৰ ফোন কৰিছিল তেওঁৰ পুত্ৰক । তেতিয়া তেওঁৰ পুত্ৰই কয় যে তেওঁলোকৰ হোষ্টেলত একাংশক কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আক্ৰমণৰ বলি হৈছে ।
"তেওঁ (জুবাইৰে) মোক ক’লে যে সিহঁতৰ হোষ্টেলৰ কিছুমান ল’ৰাক আক্ৰমণ কৰা হৈছে আৰু এতিয়া তেওঁলোকক হোষ্টেল খালী কৰিবলৈ কোৱা হৈছে ।" চিন্তিত মাতেৰে মাতৃগৰাকীয়ে কয় ।
"দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা কাশ্মীৰী ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, উপ-ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনাইছো ।" মহিলাগৰাকীয়ে কয় ।
There have been many incidents across the country wherein Kashmiri students are being harassed, beaten up, bullied and even asked to vacate their residential premises.
— Sajad Lone (@sajadlone) April 24, 2025
I request the union government to please ensure the safety of Kashmiri students.
পৰিস্থিতি আৰু বেয়া হ’ব পাৰে বুলি আশংকা কৰি কাশ্মীৰী ৰাজনীতিবিদসকলে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আগত উত্থাপন কৰিছে । জম্মু-কাশ্মীৰ পিপলছ কনফাৰেন্সৰ অধ্যক্ষ সাজাদ ল’নে এই উদ্বেগসমূহৰ প্ৰতিধ্বনি দি সমগ্ৰ দেশতে কাশ্মীৰী ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ক্ষিপ্ৰ পদক্ষেপ ল’বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ।
তেওঁ কয়, "দেশত কেইবাটাও ঘটনা সংঘটিত হৈছে য'ত কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি, প্ৰহাৰ, ভয় দেখুৱাই আনকি আৱাসিক কেম্পাছ এৰি যাবলৈও কোৱা হৈছে । মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছো যে অনুগ্ৰহ কৰি কাশ্মীৰী ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা প্ৰদান কৰক ।"
The J&K government is in touch with the governments of the states where these reports are originating from. I’m also in touch with my counterpart Chief Ministers in these states & have requested they take extra care. https://t.co/oMTx06o08Y
— Omar Abdullah (@OmarAbdullah) April 24, 2025
- আন ৰাজ্যৰ সৈতে ‘সংস্পৰ্শ’ত থকা বুলি কয় মুখ্যমন্ত্ৰী ওমৰে
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই কয় যে কাশ্মীৰীসকলক ভাবুকি দিয়াৰ খবৰ যিবোৰ ৰাজ্যৰ পৰা আহিছে, সেইবোৰ ৰাজ্যৰ চৰকাৰৰ সৈতে তেওঁৰ চৰকাৰে যোগাযোগ কৰি আছে ৷ বুধবাৰে Xত তেওঁ কয়, "এই ৰাজ্যসমূহৰ মোৰ সমকক্ষ মুখ্যমন্ত্ৰীসকলৰ সৈতেও যোগাযোগত আছো আৰু তেওঁলোকক অতিৰিক্ত যত্ন ল’বলৈ অনুৰোধ কৰিছো ।"
তেওঁৰ নিজৰ দল জে এণ্ড কে নেশ্যনেল কনফাৰেন্সৰ (J&K National Conference) মুখপাত্ৰ ইমৰাণ নবী দাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কাশ্মীৰী ছাত্ৰ-ছাত্ৰীসকলে আতংকিত হৈ পৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে ।
- মেহবুবাই অমিত শ্বাহৰ সৈতে কথা পাতিছে
পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ সভানেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়েও বিভিন্ন ৰাজ্যৰ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীক মুকলিকৈ ভাবুকি দিয়া কিছুমান উপাদানৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে । ''গৃহমন্ত্ৰী অমিত শ্বাহ জীৰ সৈতে কথা পাতি মোৰ গভীৰ শোক প্ৰকাশ কৰিলো । লগতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে সংহতি প্ৰকাশ কৰিলো ।''
Spoke with Home Minister @AmitShah ji to extend my deepest condolences & also express solidarity with bereaved families of the Pahalgam terror attack. We stand with the nation in this hour of mourning. Also requested him to intervene in the wake of certain elements openly…
— Mehbooba Mufti (@MehboobaMufti) April 24, 2025
তেওঁ আৰু কয়, "আমি এই শোকৰ সময়ত জাতিটোৰ সৈতে থিয় দিছো । লগতে বিভিন্ন ৰাজ্যৰ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকলক মুকলিকৈ ভাবুকি দিয়া কিছুমান উপাদানৰ পিছত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছো । য'তেই এনে কাণ্ডৰ বাতৰি পোৱা গৈছে তাতেই তেওঁলোকৰ সুৰক্ষা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ বিলম্ব নকৰাকৈ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছো ।"
- আৱাসী আয়োগ নতুন দিল্লীত জম্মু কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হেল্পলাইনৰ ব্যৱস্থা
এই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ জম্মু কাশ্মীৰ চৰকাৰৰ আৱাসিক আয়ুক্তই সমগ্ৰ দেশতে অধ্যয়ন কৰা জম্মু কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হেল্পলাইন স্থাপন কৰিছে । নতুন দিল্লীৰ আৱাসিক আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত লিখা আছে, "জম্মু কাশ্মীৰৰ পৰা অহা, বিভিন্ন ৰাজ্যত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ সহায়ৰ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰ ৰেচিডেণ্ট কমিছন, নতুন দিল্লীৰ তলত দিয়া টেলিফোন নম্বৰত যোগাযোগ কৰিব পাৰে -
- Hello JK Mobile Number: 7303620090
- Manager JK House, Chanakyapuri: 9682389265
- Manager JK House, 5 Prithviraj Road: 9419158581
- Resident Commission J&K Govt, New Delhi: 01124611108, 01124615475, 01124611157, 01126112021 and 01126112022."
উক্ত বিবৃতিটোত আৰু কোৱা হৈছে যে যিকোনো ধৰণৰ সহায়ৰ বাবে ওপৰত উল্লেখ কৰা নম্বৰসমূহ ২৪/৭ কাৰ্যক্ষম হৈ থাকিব ।