ETV Bharat / bharat

তাচপাতৰ দৰে খহি পৰিল পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীৰ ঘৰ - PAHALGAM TERROR ATTACK

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত দুটাকৈ সন্ত্ৰাসবাদীৰ বাসগৃহ ধ্বংস ৷ পঢ়ক সবিশেষ খবৰ…

PAHALGAM TERROR ATTACK
ভাঙি পেলোৱা ঘৰটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 1:22 PM IST

2 Min Read

শ্ৰীনগৰ: পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তিনিদিন পিছত অৰ্থাৎ শুকুৰবাৰে দক্ষিণ কাশ্মীৰৰ ট্ৰাল আৰু বিজভেৰা অঞ্চলত নিৰাপত্তাৰক্ষীয়ে দুটাকৈ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰিবলৈ সক্ষম হয় ৷

পহলগামৰ আক্ৰমণৰ সৈতে জড়িত আছিল এই সন্ত্ৰাসবাদী দুটা, যাৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২৬ গৰাকীকৈ দেশী-বিদেশী পৰ্যটকে ৷

চৰকাৰী সূত্ৰই সদৰী কৰা মতে, বৈছাৰণ পহলগাম আক্ৰমণত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পিছতে পুলৱামা জিলাৰ ট্ৰালত থকা আছিফ শ্বেখ আৰু অনন্তনাগ জিলাৰ বিজভেৰাত থকা আদিল গুৰীৰ বাসগৃহত বিস্ফোৰণ ঘটাই ধ্বংস কৰা হয় ৷

মঙলবাৰে বৈছাৰণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত পহলগামৰ এজন স্থানীয় লোককে ধৰি ২৫ জন পৰ্যটকৰ উপৰিও কমেও ২৬ জন লোক নিহত হয় ৷ ইয়াৰে এজন নেপালৰ লোক হোৱাৰ বিপৰীতে মৃত আন আন ব্যক্তিসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাসিন্দা ।

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ বিজবেহাৰা ব্লকৰ গুৰী গাঁৱৰ বাসিন্দা আদিল গুৰী পহলগাম আক্ৰমণত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ইতিমধ্যে তেওঁক মষ্ট ৱাণ্টেড বুলি ঘোষণা কৰা হৈছে আৰু অনন্তনাগ আৰক্ষীয়ে তেওঁৰ সন্দৰ্ভত যিকোনো নিৰ্দিষ্ট তথ্যৰ বাবে ২০ লাখ টকাৰ বঁটা ঘোষণা কৰিছে । এই গোচৰত দুজন পাকিস্তানী নাগৰিককো মষ্ট ৱাণ্টেড বুলি ঘোষণা কৰা হয় ।

উল্লেখ্য যে, ২০১৮ চনত আদিলে আইনগতভাৱে পাকিস্তানলৈ গৈছিল ৷ যোৱা বছৰ জম্মু-কাশ্মীৰলৈ উভতি অহাৰ পূৰ্বে তেওঁ সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: দৈত্য-দানৱে শুকুলা বৰফ ৰঙা কৰিলেও কাৰোবাৰ ধমনীৰে এতিয়াও বৈ আছে মানৱতাৰ তেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.