ETV Bharat / bharat

ভাৰতীয় নৌ সেনাৰ শক্তি প্ৰদৰ্শন; ৰক্ষা নাই পাকিস্তানৰ ! - PAHALGAM TERROR ATTACK

শত্ৰুক ৰুধিবলৈ সাজু ভাৰতীয় নৌ সেনা । ভাৰতৰ মিছাইল পৰীক্ষণে চিন্তাত পেলাইছে পাকিস্তানক ।

Indian Navy Ships undertook successful multiple anti-ship firings
ভাৰতীয় নৌ সেনাৰ শক্তি প্ৰদৰ্শন;ৰক্ষা নাই পাকিস্তানৰ ! (X@indiannavy)
author img

By ETV Bharat Assamese Team

Published : April 27, 2025 at 2:40 PM IST

2 Min Read

হায়দৰাবাদ : পহলগামৰ ঘটনাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্ক অধিক অৱনতি ঘটিছে । সীমান্তত অধিক সেনা মোতায়েন কৰা হৈছে । একেদৰে যিকোনো মুহূৰ্তত শত্ৰুক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় বায়ু সেনা আৰু নৌ সেনা । বিশেষকৈ ভাৰতীয় নৌ সেনাই যুদ্ধৰ প্ৰস্তুতি ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে । ভাৰতীয় নৌসেনাৰ জাহাজসমূহে দীৰ্ঘ দূৰত্বৰ নিখুঁত আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ প্লেটফৰ্ম, মিছাইল আৰু অস্ত্ৰ প্ৰণালী পৰীক্ষা কৰি আছে । নৌ বাহিনীয়ে একপ্ৰকাৰ যুদ্ধৰ আখৰাত নিয়োজিত হৈ আছে । শেহতীয়াকৈ কেইবাটাও জাহাজ বিৰোধী গুলীচালনা পৰীক্ষা সফলভাৱে সম্পন্ন কৰিছে । ভাৰতীয় নৌ সেনাই এক্সৰ এটা পোষ্টত এই কথা স্পষ্ট কৰিছে ।

নৌসেনাই কৈছে যে তেওঁলোকে দেশৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যুদ্ধৰ বাবে সাজু হৈ আছে । পোষ্টটোত ভাৰতীয় নৌ সেনাই লিখিছে, "যিকোনো সময়তে যিকোনো স্থানতে ভাৰতীয় নৌসেনাই দেশৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যুদ্ধৰ বাবে সাজু আৰু ভৱিষ্যত ৰক্ষাৰ বাবে সাজু হৈ আছে ।

ভাৰতীয় নৌসেনাই যুদ্ধৰ প্ৰস্তুতি সন্দৰ্ভত অফিচিয়েল এক্স হেণ্ডেলত ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত জাহাজৰ পৰা মিছাইল নিক্ষেপ কৰা দেখা গৈছে । এদিন পূৰ্বে নৌসেনাই সাগৰত নিজৰ যুদ্ধ জাহাজৰ ফটোও শ্বেয়াৰ কৰিছিল । ভাৰতীয় নৌসেনাৰ এই পোষ্টটোক ভাৰতৰ শত্ৰুৰ বাবে এক স্পষ্ট সতৰ্কবাণী হিচাপে দেখা গৈছে ।

ভাৰতীয় নৌসেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰি যুদ্ধজাহাজ আইএনএছ চুৰাটৰ পৰা মধ্যম দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ মিছাইল ব্যৱহাৰ কৰি আৰৱ সাগৰত দ্ৰুত, কম উচ্চতাৰ লক্ষ্যত সফলতাৰে পৰীক্ষণ কৰিছে । এই পৰীক্ষাটো ভাৰতীয় নৌসেনাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দেখা গৈছে । ভাৰতীয় নৌসেনাৰ দ্বাৰা এই মিছাইল পৰীক্ষাৰ সময় অতি গুৰুত্বপূৰ্ণ । কিয়নো পাকিস্তানে আৰৱ সাগৰত আসন্ন মিছাইল পৰীক্ষা সন্দৰ্ভত সামুদ্ৰিক সতৰ্কবাণী জাৰি কৰাৰ কেইঘণ্টামান পিছতে ভাৰতে এই পৰীক্ষা কৰিছে ।

পাকিস্তানে আৰৱ সাগৰৰ ওপৰেৰে নো-ফ্লাই জ'ন ঘোষণা কৰিছিল আৰু লাইভ-ফায়াৰ এলাৰ্ট জাৰি কৰিছিল । লগতে নাবিকসকলক অঞ্চলটোৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । পাকিস্তানে এক নতুন মিছাইল পৰীক্ষা কৰাৰ প্ৰস্তুতি চলাই আছে বুলিও বাতৰি পোৱা গৈছে ।

লগতে পঢ়ক :ভাৰতক প্ৰতিশোধ লোৱাত কোনেও বাধা দিব নোৱাৰে: হিমন্ত বিশ্ব শৰ্মা - HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.