ETV Bharat / bharat

পহলগাম আক্ৰমণ; সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া দুজনক গ্ৰেপ্তাৰ

এন আই এয়ে গ্ৰেপ্তাৰ কৰা দুয়োজনে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ লগতে খাদ্য আৰু লজিষ্টিক সমৰ্থন আগবঢ়াইছিল ।

Security agencies had released sketches of three suspects soon after the April 22 terror attack
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িতসকলৰ স্কেচ্চ (File)
author img

By ETV Bharat Assamese Team

Published : June 22, 2025 at 12:35 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : যোৱা ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । আক্ৰমণত জড়িত সন্ত্ৰাসবাদী এতিয়াও আৰক্ষীৰ জালত পৰা নাই । তাৰ মাজতে আক্ৰমণকাৰী সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগত তদন্তকাৰী সংস্থা এন আই এয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

দেওবাৰে এন আই এয়ে জনোৱা মতে অভিযুক্ত দুজন হৈছে ক্ৰমে বাটকোটেৰ পাৰভেজ আহমদ জোথাৰ আৰু পহলগামৰ হিল পাৰ্কৰ বছিৰ আহমদ জোথাৰ । আক্ৰমণত জড়িত ৩ অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ পৰিচয়ো প্ৰকাশ কৰিছে এই দুই লোকে । তেওঁলোকে জেৰাৰ সময়ত নিশ্চিত কৰিছে যে আক্ৰমণকাৰীসকল নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰে জড়িত পাকিস্তানী নাগৰিক আছিল ।

এন আই এয়ে এই সন্দৰ্ভত কয়, "আক্ৰমণৰ পূৰ্বে পাৰভেজ আৰু বছিৰে হিল পাৰ্কৰ এটা জুপুৰিত তিনিওটা সশস্ত্ৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিছিল ।" সংস্থাটোৱে জনোৱা মতে লোক দুজনে সন্ত্ৰাসবাদীক খাদ্য, বাসস্থান আৰু লজিষ্টিক সহায়ো আগবঢ়াইছিল ।

সংস্থাটোৱে এক বিবৃতিত কয় যে ১৯৬৭ চনৰ অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ১৯ ​​নং ধাৰাত এই দুই লোকক গ্ৰেপ্তাৰ কৰা হৈছে । এন আই এয়ে আক্ৰমণৰ পিছতে পঞ্জীয়ন হোৱা গোচৰ আৰচি-০২/২০২৫/এনআইএ/জেএমইউৰ আধাৰত অধিক তদন্ত অব্যাহত ৰাখিছে ।

যোৱা মাহত এন আই এয়ে সকলো পৰ্যটক, দৰ্শনাৰ্থী আৰু স্থানীয় লোকক আহ্বান জনাইছিল যে যিসকলৰ হাতত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত কোনো তথ্য, ফটো বা ভিডিঅ' আছে, তেওঁলোকে তাৎক্ষণিকভাৱে সংস্থাটোৰ সৈতে যোগাযোগ কৰিব লাগে । ঘটনাৰ দুমাহৰ পাছতো তদন্তকাৰী সংস্থাৰ লগতে নিৰাপত্তা বাহিনীয়ে আক্ৰমণৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ পলাতক হৈ আছে ।

উল্লেখ্য যে, ২২ এপ্ৰিলৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে বিভিন্ন স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছে । য'ত কেইবাটাও সন্ত্ৰাসবাদী নিহত হৈছে । কিন্তু আচৰিত কথাটো হ'ল যে এতিয়ালৈ সেই সন্ত্ৰাসবাদীকেইটা জালত পৰা নাই ।

ইফালে এন আই এয়ে এই ঘটনাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হ'ব পৰা ১০০ৰো অধিক সন্দেহযুক্ত লোকক জেৰা কৰিছে । সোধা-পোছা কৰা লোকসকলৰ ভিতৰত আছে ঘটনাস্থলীত থকা ফুড ষ্টলৰ মালিক, জিপলাইন অপাৰেটৰ, পানীপুৰি বিক্ৰেতা আদি ।

নিৰাপত্তা সংস্থাটোৱে ঘটনাত জড়িত থকা সন্দেহজনক ৩ টা সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে । অনন্তনাগৰ বাসিন্দা আদিল হুছেইন থোকৰ আৰু দুই পাকিস্তানী নাগৰিক ক্ৰমে আলী ভাই ওৰফে তালহা ভাই আৰু হাছিম মুছা ওৰফে ছুলেইমানৰ স্কেচ্চ প্ৰকাশ কৰিছে । বিভিন্ন স্থানত এই ৩ জনৰ পোষ্টাৰ লগোৱা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰত সহায় কৰা লোকক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক :গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী বিমানৰ মে'ডে কল - INDIGO MAYDAY CALL