ETV Bharat / bharat

পহলগামৰ আক্ৰমণে বিবাহত দিলে বিধি-পথালি - PAHALGAM ATTACK

পহলগামৰ আক্ৰমণৰ বাবে বন্ধ হ'ল এখন বিয়া । পাকিস্তানলৈ কইনাক আনিবলৈ ওলাইছিল বৰযাত্ৰী ।

Wedding stopped at Pakistan border
পহলগামৰ আক্ৰমণে বিবাহত দিলে বিধিপথালি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 8:25 PM IST

3 Min Read

বাৰমেৰ: হিন্দ আৰু সিন্ধুৰ মাজত পূৰ্বৰে আছে এক ওতঃপ্ৰোত সম্পৰ্ক । কিন্তু পহলগামৰ বৰ্বৰ আক্ৰমণৰ পিছত এই সম্পৰ্কত আহিছে বৃহৎ বাধা । যাৰ প্ৰভাৱ পৰিছে সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰভাৱ পৰিছে পাৰিবাৰিক সম্পৰ্কত । এই প্ৰভাৱে নতুনকৈ পাতনি মেলিব খোজা এটা সম্পৰ্কৰ বাবে ঠিয় দিছে বাধাৰ প্ৰাচীৰ হৈ ।

এই ভয়ংকৰ ঘটনাৰ বাবেই ভাঙো ভাঙো হৈছে এখন বিয়া । পশ্চিম ৰাজস্থানৰ বাৰমেৰ জিলাৰ বাসিন্দা শৈতান সিঙৰ ৩০ এপ্ৰিলত পাকিস্তানৰ অমৰকোটৰ এগৰাকী যুৱতীৰ সৈতে ঠিক হৈছিল বিয়া । কিন্তু দাতাই দিলেও যেন বিধাতাই নিদিয়ে । পহলগামৰ আক্ৰমণ ঘটনাৰ বাবে কেৰোণ লাগিল শৈতান সিঙৰ বিবাহত । বাঘা সীমান্ত অতিক্ৰম কৰাৰ অনুমতি নাপালে শৈতান সিঙে । বাঘা সীমান্তৰ পৰাই উভতিল তেওঁৰ বৰযাত্ৰীৰ দল ।

এই সন্দৰ্ভত শৈতান সিঙে কয় যে এয়া সীমান্তৰ সমস্যা । ভাৰত চৰকাৰে যদি সিদ্ধান্ত লৈছে তেন্তে শুদ্ধ সিদ্ধান্তই গ্ৰহণ কৰিছে । যদি ভুল কৰিছে সেয়া সন্ত্ৰাসবাদীয়ে কৰিছে । চাৰি বছৰ পূৰ্বে বাৰমেৰ শৈতান সিঙৰ পাকিস্তানৰ অমৰকোটৰ এটা পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন হৈছিল । ৩০ এপ্ৰিল তাৰিখে তেওঁলোকৰ বিয়াৰ দিন ঠিক হৈছিল । এনে অৱস্থাত দুয়োটা পৰিয়ালৰ মাজত বিয়াৰ প্ৰস্তুতি জোৰদাৰ হৈছিল । তেনে সময়তে শৈতান সিঙৰ বৰযাত্ৰী বাৰমেৰৰ পৰা পাকিস্তান যাবলৈ ২৪ এপ্ৰিল তাৰিখে আটাৰী-ৱাঘা সীমান্তত উপস্থিত হৈছিল, কিন্তু তেওঁলোকক সীমান্ততেই পাকিস্তানলৈ যাবলৈ বাধা প্ৰদান কৰা হৈছিল ।

উল্লেখ্য যে, তেওঁলোকে পাকিস্তানৰ ভিছাৰ বাবে তিনিবছৰে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰখাৰ পাছত ১৮ ফ্ৰেব্ৰুৱাৰীত ভিছা অনুমোদিত হয় । যাৰ পৰিপ্ৰেক্ষিতত দুয়োটা পৰিয়ালৰ সন্মতিমৰ্মে ৩০ এপ্ৰিলত বিবাহৰ দিন ধাৰ্য কৰিছিল, কাৰণ ভিছা ১২ মে'লৈকেহে বৈধ আছিল । কিন্তু ইয়াৰ মাজতে আহিল অনাকাংক্ষিত খবৰটো ।

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা প্ৰাণঘাতী আক্ৰমণত ২৬ জনৰ মৃত্যু ঘটাৰ পাছত ভাৰত চৰকাৰে পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰে আৰু ভাৰতীয় নাগৰিককো পাকিস্তান এৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । এনে সময়তে শৈতান সিঙৰ বৰযাত্ৰী ২৪ এপ্ৰিলত আটাৰী-ৱাঘা সীমান্তত উপস্থিত হয়, কিন্তু তেওঁলোকক পাকিস্তানলৈ যোৱাৰ অনুমতি দিয়া নহ’ল । ফলত বৰযাত্ৰীৰ দলটো শুকুৰবাৰে নিশা নিজৰ গাঁৱলৈ উভতি আহে ।

গৌৰৱ কৰিবলগীয়া বিষয় যে, পাকিস্তানৰ সিন্ধু প্ৰান্তত সৌড়া ৰাজপুতসকলৰ জনবসতি বহুল । তেওঁলোকে নিজৰ গোত্ৰৰ পৰম্পৰা মানি চলে । এনে পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে নিজৰ গোত্ৰৰ বাহিৰৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ সীমান্তৰ ইটো পাৰৰ ৰাজপুত যুৱকসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে ।

লগতে পঢ়ক: চিক্কা ৱালে ডাক্তৰ ! যাদুও নহয় অস্ত্ৰোপচাৰো নহয়, কেৱল পইচাহে ওলাই আহিব - SIKKA WALE DOCTOR

ETV Bharat / bharat এনিশাতে আটক হ'ল ৫৫০ ৰো অধিক অবৈধ বাংলাদেশী - BANGLADESHI IMMIGRANTS DETAINED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.