ETV Bharat / bharat

কাশ্মীৰত সেনাপ্ৰধান দ্বিবেদীৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা: শ্ৰীনগৰত ৰাহুল গান্ধী - PAHALGAM ATTACK

শুকুৰবাৰে ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে নিৰাপত্তা পৰিস্থিতিৰ মূল্যাংকন আৰু চলিত সন্ত্ৰাসবাদবিৰোধী অভিযানৰ পৰ্যালোচনা কৰিবলৈ শ্ৰীনগৰত উপস্থিত হৈছে ।

Gen Dwivedi Kashmir visit
সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী ফাইল ফটো (Indian Army)
author img

By ETV Bharat Assamese Team

Published : April 25, 2025 at 2:04 PM IST

3 Min Read

শ্ৰীনগৰ: জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা পৰিস্থিতিৰ মূল্যাংকন আৰু চলিত সন্ত্ৰাসবাদবিৰোধী অভিযানৰ পৰ্যালোচনা কৰিবলৈ ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী শুকুৰবাৰে শ্ৰীনগৰত উপস্থিত হয় । সেনা সূত্ৰত এই কথা প্ৰকাশ ।

শ্ৰীনগৰত নিযুক্ত প্ৰতিৰক্ষা বিষয়াসকলৰ মতে, সেনাপ্ৰধানগৰাকীয়ে প্ৰথমতে দক্ষিণ কাশ্মীৰত সামৰিক অভিযানৰ বাবে নিয়োজিত ভিক্টৰ ফ'ৰ্চৰ অৱন্তীপোৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব ।

লগতে কয় যে এই ভ্ৰমণকালত জেনেৰেল দ্বিবেদীয়ে চোৰাংচোৱা তথ্য মূল্যাংকন আৰু চলিত অনুসন্ধান অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ ক্ষেত্ৰ পৰ্যায়ৰ অপাৰেচনেল কমাণ্ডাৰসকলক সাক্ষাৎ কৰিব ।

বিষয়াসকলৰ মতে, সেনাপ্ৰধানগৰাকীক সন্ত্ৰাসবাদবিৰোধী অভিযানৰ স্থিতি আৰু অঞ্চলটোত স্থাপন কৰা বিস্তৃত নিৰাপত্তা গ্ৰিডৰ বিষয়েও অৱগত কৰা হ'ব । আবেলি জেনেৰেল দ্বিবেদীয়ে শ্ৰীনগৰৰ চিনাৰ ক'ৰ্পছৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰাৰ কথা আছে । তাত তেওঁ উত্তৰ সেনাৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল সুচেন্দ্ৰ কুমাৰ আৰু ১৫ ক'ৰ্পছৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল প্ৰশান্ত শ্ৰীবাস্তৱৰ সৈতে বৈঠকত মিলিত হ'ব ।

উল্লেখ্য যে পহলগামৰ বৈছাৰণৰ সেউজ ঘাঁহনিত ২২ এপ্ৰিলত ৰেজিষ্টেন্স ফ্ৰণ্টৰ (টি আৰ এফ) চাৰি সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণৰ ঘটনাত পৰ্যটক আৰু এজন স্থানীয় ঘোঁৰাচালকসহ ২৬ জন সাধাৰণ লোক নিহত হোৱাৰ পিছত সেনাপ্ৰধানগৰাকীৰ এই ভ্ৰমণ ।

আনহাতে, চলিত মাহত সেনাপ্ৰধানগৰাকীৰ এইটো হৈছে দ্বিতীয়টো কাশ্মীৰ ভ্ৰমণ । ৮ এপ্ৰিলত তেওঁ নিৰাপত্তা পৰিস্থিতি আৰু নিৰাপত্তা বাহিনীৰ কাৰ্যকৰী গতিবিধি মূল্যায়ন কৰিবলৈ শ্ৰীনগৰ ভ্ৰমণ কৰে । ভাৰতীয় সেনাৰ এক চৰকাৰী বিবৃতি অনুসৰি, সেনাপ্ৰধানগৰাকীয়ে অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে ।

৮ এপ্ৰিলত জাৰি কৰা বিবৃতিটোত কোৱা হৈছিল, "এই ভ্ৰমণটো ভাৰতীয় সেনাৰ উচ্চ পৰ্যায়ৰ কাৰ্যকৰী মান বজাই ৰখা আৰু অঞ্চলটোত যিকোনো নিৰাপত্তাজনিত ভাবুকিক প্ৰতিহত কৰিবলৈ নিৰাপত্তা বাহিনীবোৰ সুসজ্জিত হোৱাটো নিশ্চিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ আছিল ।"

শ্ৰীনগৰত উপস্থিত ৰাহুল গান্ধী, সাক্ষাৎ কৰিব পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত আহত লোকসকলক

ইফালে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী শুকুৰবাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত আহত লোকসকলক সাক্ষাৎ কৰিবলৈ শ্ৰীনগৰত উপস্থিত হয় । কংগ্ৰেছ সূত্ৰত এই কথা প্ৰকাশ ।

দলৰ এগৰাকী নেতাই কয় যে ৰাহুল গান্ধীয়ে ২২ এপ্ৰিলত সংঘটিত আক্ৰমণত আহতসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ বাদামীবাগত সেনাৰ বেছ হস্পিটেল পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে ।

ৰাহুল গান্ধীয়ে দলীয় আৰু বাণিজ্য আৰু পৰ্যটন খণ্ডকে ধৰি বিভিন্ন প্ৰতিনিধি দলকো সাক্ষাৎ কৰিব বুলি নেতাগৰাকীয়ে কয় । তেওঁ কয় যে বিৰোধী দলপতিগৰাকীয়ে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতেও ব্যক্তিগত বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :দৈত্য-দানৱে শুকুলা বৰফ ৰঙা কৰিলেও কাৰোবাৰ ধমনীৰে এতিয়াও বৈ আছে মানৱতাৰ তেজ - PAHALGAM ATTACK
লগতে পঢ়ক :পানীও সৰকিব নোৱাৰিব ! বন্দীপোৰাত নিশ্চিদ্ৰ অভিযান নিৰাপত্তাৰক্ষীৰ - PAHALGAM TERROR ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.