ETV Bharat / bharat

কঠোৰ নিৰাপত্তাবাহিনী; অনন্তনাগত ১৭৫ জন সন্দেহযুক্ত লোকক আটক

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে কঠোৰ হৈছে নিৰাপত্তা বাহিনী । অব্যাহত আছে অহৰহ তালাচী অভিযান ।

TERRORIST ATTACK
অনন্তনাগ জিলাত ব্যাপক তালাচী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 6:19 PM IST

2 Min Read
Choose ETV Bharat

অনন্তনাগ : জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে অনন্তনাগ জিলাত ব্যাপক তালাচী অভিযান আৰম্ভ কৰে । জম্মু-কাশ্মীৰ আৰক্ষীৰ উপৰিও ইয়াত সেনা, চি আৰ পি এফকে ধৰি অন্যান্য নিৰাপত্তা বাহিনীও আছে ।

জানিব পৰা মতে, ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ১৭৫ জন সন্দেহযুক্ত লোকক আটক কৰা হৈছে । লগতে কুপৱাৰাত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ভাঙি পেলোৱাৰ সময়তে উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ।

TERRORIST ATTACK
অনন্তনাগ জিলাত ব্যাপক তালাচী (ETV Bharat)

অনন্তনাগ আৰক্ষীৰ মতে, জিলাখনৰ বিভিন্ন স্থানত কেইবাটাও অভিযান চলোৱা হয় । ইয়াৰ উপৰিও দিনে নিশাই কঠোৰ তালাচী অভিযানো চলোৱা হৈছে । সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় কৰা নেটৱৰ্কটো ভাঙি পেলোৱাৰ উদ্দেশ্যে এতিয়ালৈকে প্ৰায় ১৭৫ জন সন্দেহযুক্ত লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে ।

TERRORIST ATTACK
অনন্তনাগ জিলাত ব্যাপক তালাচী (ETV Bharat)

নিৰাপত্তা আৰু অধিক বৃদ্ধিৰ বাবে সমগ্ৰ জিলাতে অতিৰিক্ত ভ্ৰাম্যমাণ বাহন চেকপইণ্ট (MVCP) স্থাপন কৰি সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা হৈছে । এজন আৰক্ষী বিষয়াই জনোৱা মতে, বিশেষকৈ উচ্চ ঘনত্বৰ বনাঞ্চলত কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন (CASO), এম্বুছ আৰু ধাৰাবাহিকভাৱে টহল দিয়া হৈছে যাতে যিকোনো সম্ভাৱ্য সন্ত্ৰাসবাদীৰ উপস্থিতি নাইকিয়া হয় আৰু জিলাখন সুৰক্ষিত হয় ।

TERRORIST ATTACK
অনন্তনাগ জিলাত ব্যাপক তালাচী (ETV Bharat)

পহলগামত সংঘটিত হোৱা এই আক্ৰমণৰ পিছতে জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ, পুলৱামা, শ্বোপিয়ান আৰু কুলগাম জিলাত লস্কৰ-ই-তৈবা (লেট)ৰ এজন অধিনায়ককে ধৰি পাঁচটা সক্ৰিয় সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলাইছে নিৰাপত্তা বাহিনীয়ে ।

TERRORIST ATTACK
অনন্তনাগ জিলাত ব্যাপক তালাচী (ETV Bharat)
  • কুপৱাৰাত সন্ত্ৰাসবাদীৰ আত্মগোপনস্থলী উদ্ধাৰ, অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত কুপৱাৰাৰ মুস্তাকাবাদ মাচিলৰ চেদোৰী নল্লাৰ বনাঞ্চলত বিশেষ অভিযান গোট (এছ অ’ জি) কেম্প মাচিল আৰু ভাৰতীয় সেনাৰ ১২ শিখলী ইউনিটে যৌথ অভিযান আৰম্ভ কৰে । অভিযানৰ সময়ত এটা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধৰা পেলাই ধ্বংস কৰা হয় ।

TERRORIST ATTACK
অনন্তনাগ জিলাত ব্যাপক তালাচী (ETV Bharat)

ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বিশাল ভঁৰাল । ইয়াৰ ভিতৰত আছে ৫টা এ কে ৪৭ ৰাইফল, ৮টা এ কে ৪৭ মেগজিন, এটা পিষ্টল, এটা পিষ্টল মেগজিন, ৬৬০ ৰাউণ্ড এ কে ৪৭ গুলী, এটা পিষ্টল গুলী আৰু ৫০ ৰাউণ্ড এম ৪ গুলী ।

লগতে পঢ়ক : এনিশাতে আটক হ'ল ৫৫০ ৰো অধিক অবৈধ বাংলাদেশী

লগতে পঢ়ক : পহলগাম আক্ৰমণৰ প্ৰতিশোধ: দক্ষিণ কাশ্মীৰত মাটিত মিহলাই দিয়া হ'ল ৫ সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ ঘৰ