ই-নিলামত প্ৰধানমন্ত্ৰীৰ হাজাৰোধিক উপহাৰ
মোদীৰ জন্মদিন উপলক্ষে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সমগ্ৰ দেশতে আয়োজন কৰা সেৱা পখোৱাড়াৰ লগত সংগতি ৰাখি বিভিন্ন উপহাৰৰ নিলাম অনুষ্ঠিত হৈছে ।

Published : September 24, 2025 at 2:41 PM IST
নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা বিভিন্ন উপহাৰৰ ই-নিলাম PM Mementoes নামৰ ৱেবছাইটৰ জৰিয়তে ১৭ ছেপ্টেম্বৰৰ পৰা চলি আছে । ই-নিলামৰ পৰা পোৱা সকলো ধন গংগা আৰু ইয়াৰ পৰিৱেশতন্ত্ৰৰ সজীৱতা, সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ এক উল্লেখনীয় পদক্ষেপ নমামি গংগা প্ৰকল্পত ব্যৱহাৰ কৰা হ'ব ।
এই সপ্তম সংস্কৰণৰ নিলাম তেওঁৰ জন্মদিনৰ স্মৃতিত সমগ্ৰ দেশতে আয়োজন কৰা সেৱা পখোৱাড়াৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ অনুষ্ঠিত হৈছে । কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ মতে, এইবাৰৰ সংস্কৰণত নতুন দিল্লীৰ নেচনেল গেলেৰী অব মডাৰ্ণ আৰ্টত (এন জি এম এ) বৰ্তমান প্ৰদৰ্শিত ১৩০০ৰো অধিক সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব ।
Over the past few days, the online auction for the various gifts I have received during my different programmes has been underway. The auction includes very interesting works which illustrate the culture and creativity of India. The proceeds from the auction will go towards… pic.twitter.com/ONOq88XOXZ
— Narendra Modi (@narendramodi) September 24, 2025
এই সন্দৰ্ভত মোদীয়ে X পোষ্টত শ্বেয়াৰ কৰি কয়, "বিগত কেইদিনমানৰ পৰা মোৰ বিভিন্ন অনুষ্ঠানৰ সময়ত পোৱা বিভিন্ন উপহাৰৰ অনলাইন নিলাম চলি আছে । নিলামত ভাৰতৰ সংস্কৃতি আৰু সৃষ্টিশীলতাক প্ৰতিনিধিত্ব কৰা অতি আকৰ্ষণীয় কামসমূহ অন্তৰ্ভুক্ত কৰা হৈছে । নিলামৰ পৰা পোৱা ধন নমামী গংগেলৈ যাব । নিলামত সকলোৱে অংশগ্ৰহণ কৰক ।"
এই সংস্কৰণৰ এটা বিশেষ উল্লেখযোগ্য দিশ হ’ল ২০২৪ চনৰ পেৰিছ পেৰা অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ পেৰা এথলীটসকলে উপহাৰ দিয়া ক্ৰীড়া স্মৃতিচিহ্ন । এই টোকেনসমূহ ভাৰতীয় ক্ৰীড়াৰ স্থিতিস্থাপকতা, উৎকৃষ্টতা আৰু অদম্য মনোভাবৰ প্ৰতীক বুলি এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে । নিলাম হ’বলগীয়া আন সামগ্ৰীসমূহৰ ভিতৰত আছে চিত্ৰ, শিল্পকৰ্ম, ভাস্কৰ্য, দেৱ-দেৱীৰ মূৰ্তি আৰু কিছুমান ক্ৰীড়া সামগ্ৰী ।
উল্লেখ্য যে ২০১৯ চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ স্মাৰকৰ প্ৰথম নিলাম অনুষ্ঠিত হয় । তাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীক উপহাৰ দিয়া হাজাৰ হাজাৰ অনন্য উপহাৰ নিলাম কৰা হয় । ইয়াৰ ফলত নমামি গংগা প্ৰকল্পৰ সমৰ্থনত ৫০ কোটিৰো অধিক ধন সংগ্ৰহ কৰা হয় । এই উদাৰ কামৰ প্ৰতি সকলো স্মাৰক উছৰ্গা কৰা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী মোদী বুলিও শেখাৱাটে কয় ।
আনুষ্ঠানিক বিবৃতিটোত কোৱা হৈছে যে এই সংগ্ৰহত পৰম্পৰাগত শিল্প, চিত্ৰকলা, ভাস্কৰ্য, হস্তশিল্প আৰু জনজাতীয় শিল্পকৰ্মৰ পৰা আৰম্ভ কৰি সন্মানৰ উপহাৰলৈকে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰতিফলিত হৈছে ।
নিলামৰ বাবে উপলব্ধ কিছুমান সামগ্ৰীৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ অতি জটিলভাৱে এম্ব্ৰয়ডাৰী কৰা পছমিনা শ্বল, ৰাম দৰবাৰৰ তাঞ্জোৰ চিত্ৰ, নটৰাজৰ ধাতুৰ মূৰ্তি, জীৱন বৃক্ষক চিত্ৰিত কৰা গুজৰাটৰ ৰগন আৰ্ট আৰু হাতেৰে বোৱা নগা শ্বল ।
বিবৃতিটোত কোৱা হৈছে যে ই-নিলাম কেৱল নাগৰিকসকলৰ বাবে ইতিহাসৰ এক স্মৃতিৰ গৰাকী হোৱাৰ সুযোগ নহয়, বৰঞ্চ এক উদাৰ অভিযানত অংশগ্ৰহণৰ সুযোগো, যি হৈছে আমাৰ পবিত্ৰ নদী গংগাৰ সংৰক্ষণ ।

