সেন্দূৰ অভিযান ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু সেনা শক্তিৰ প্ৰতীক : ৰাজনাথ সিং
এই অভিযানটো সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী সংকল্প আৰু সামৰিক শক্তিৰ প্ৰদৰ্শন বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ।

By ANI
Published : May 11, 2025 at 4:54 PM IST
লক্ষ্ণৌ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে সেন্দূৰ অভিযানৰ প্ৰশংসা কৰি কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ অভ্যন্তৰত ভাৰত বিৰোধী উপাদানসমূহৰ ওপৰত মোক্ষম আঘাত হানিছে ।
ৰাজনাথ সিঙে লক্ষ্ণৌত ব্রহ্মছ এৰ'স্পেচ ইণ্টিগ্ৰেচন এণ্ড টেষ্টিং ফেচিলিটী ভাৰ্চুৱেলী উদ্বোধন কৰে । এই উপলক্ষে দিয়া ভাষণত ৰাজনাথ সিঙে কয়, সেন্দূৰ অভিযানে ভাৰতৰ ৰাজনৈতিক ইচ্ছাশক্তি, সেনা শক্তি আৰু সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিক প্ৰমাণ কৰে ।
"আজি ভাৰত হৈছে বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ । আমি আমাৰ শক্তি নিৰন্তৰ বৃদ্ধি কৰি আছো । যিসকল ভাৰতৰ বিৰোধী আৰু আমাৰ দেশত আক্ৰমণ কৰি বহু পৰিয়ালক ধ্বংস কৰা সন্ত্ৰাসবাদী সংগঠনসমূহক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সেন্দূৰ অভিযানৰ জৰিয়তে ন্যায়ৰ কাঠগড়াত থিয় কৰাইছে । সমগ্ৰ দেশে আজি ভাৰতীয় সেনাবাহিনীৰ সাহসিকতাক অভিবাদন জনাইছে ।" ৰাজনাথ সিঙে কয় ।
"সেন্দূৰ অভিযান কেৱল এক সামৰিক অভিযান নহয়, বৰং ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু সামৰিক ইচ্ছাৰ প্ৰতীক । এই অভিযানটো হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী সংকল্প আৰু সামৰিক শক্তিৰ এক প্ৰদৰ্শন ।" তেওঁ দৃঢ়তাৰে কয় ।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে এই অভিযানে প্ৰমাণ কৰিছে যে যেতিয়াই ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰিব আনকি সীমান্তৰ সিপাৰতেই নহওক কিয়, সন্ত্ৰাসবাদী বা ইয়াৰ পৃষ্ঠপোষকসকলৰ বাবে এই স্থান সুৰক্ষিত হৈ নাথাকিব ।
ৰাজনাথ সিঙে কয়, "ভাৰতীয় সেনাই পাকিস্তানস্থিত সন্ত্ৰাসবাদী আন্তঃগাঁথনিক ধূলিসাৎ কৰাৰ উদ্দেশ্যে সেন্দূৰ অভিযান আৰম্ভ কৰিছিল । আমি কেতিয়াও তেওঁলোকৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰা নাই । কিন্তু পাকিস্তানে কেৱল ভাৰতৰ নাগৰিকৰ বাসস্থানক আক্ৰমণৰ লক্ষ্য কৰি লোৱাই নহয়, আনকি মন্দিৰ আৰু গুৰুদ্বাৰবোৰতো আক্ৰমণৰ প্ৰচেষ্টা চলায় । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই সাহসিকতা আৰু সংযমৰ পৰিচয় দাঙি ধৰিছে আৰু পাকিস্তানৰ বিভিন্ন স্থানত আক্ৰমণ কৰি উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে ।"
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে কয়, "আমি আমাৰ কাৰ্য সীমান্তৰ কাষত সেনা শিবিৰতে সীমাবদ্ধ ৰখা নাই, ভাৰতৰ সেনা অভিযানৰ শব্দ ৰাৱালপিণ্ডিলৈও শুনা গৈছিল, য’ত পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয় অৱস্থিত । সমগ্ৰ বিশ্বই দেখিছে যে ভাৰতত সন্ত্রাসবাদী আক্ৰমণৰ প্ৰচেষ্টা কৰা ব্যক্তিৰ কি পৰিণাম হয় । উৰি আক্ৰমণৰ পিছত আমাৰ সেনাই পাকিস্তানত এক চৰ্জিকেল ষ্ট্ৰাইক চলাইছিল । পুলৱামাৰ পাছত বালাকোটত বিমান আক্ৰমণ হৈছিল আৰু এতিয়া পহলগামৰ ঘটনাৰ পাছত বিশ্বই প্ৰত্যক্ষ কৰিছে যে ভাৰতে পাকিস্তানৰ অভ্যন্তৰত একাধিক আক্ৰমণ কৰিছে ।"
তেওঁ পুনৰ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূন্য-সহনশীলতাৰ নীতি অনুসৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো স্পষ্ট কৰি দিছে যে এয়া হৈছে এক 'নতুন ভাৰত', যিয়ে সীমান্তৰ ভিতৰত আৰু সিপাৰত দুয়ো ঠাইতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰভাৱশালী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব ।
উল্লেখ্য যে, ২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পহলগামত সংঘটিত ভয়ংকৰ সন্ত্রাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতে ৭ মে'ত সেন্দূৰ অভিযান আৰম্ভ কৰে । ভাৰতে পাকিস্তান আৰু পাক অধিকৃত জম্মু-কাশ্মীৰৰ নটা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰে । আনহাতে, পাকিস্তানে টোপ ড্ৰোণৰ ব্যৱহাৰেৰে অপ্ৰৰোচিতভাৱে নিৰন্তৰ আক্ৰমণ কৰি পৰিস্থিতি অধিক অৱনতি ঘটোৱাৰ চেষ্টা কৰে ।

