ETV Bharat / bharat

যুদ্ধবিৰতিত সহমত প্ৰকাশ কৰিলেও অব্য়াহতআছে অপাৰেশ্য়ন সেন্দূৰ : বায়ু সেনা

জনসাধাৰণক আনুমানিক আৰু অসত্য় তথ্য প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ ভাৰতীয় বায়ু সেনাৰ ।

OPERATION SINDOOR
অপাৰেশ্য়ন সেন্দূৰ (X/ @ADG PI - INDIAN ARMY)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 3:45 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰত আৰু পাকিস্তানে শনিবাৰে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিত সহমত প্ৰকাশ কৰিলেও ভাৰতীয় বায়ু সেনাই অপাৰেশ্য়ন সেন্দূৰ এতিয়াও অব্য়াহত ৰখা বুলি স্পষ্ট কৰি দিছে । লগতে বায়ু সেনাই জনসাধাৰণক আনুমানিক আৰু অসত্য় তথ্য প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে । ইয়াৰ বাৰে সময়ত তথ্য দিয়া হ'ব বুলি সেনাই সদৰী কৰিছে ।

বায়ু সেনাই টুইট কৰি কয় যে ভাৰতীয় বায়ু সেনা (IAF)ই অপাৰেশ্য়ন সেন্দূৰত তেওঁলোকৰ ওপৰত ন্য়স্ত কৰা কামসমূহ সঠিক আৰু দায়িত্বপূৰ্ণতাৰে সম্পাদন কৰিছে । অপাৰেশ্য়ন ৰাষ্ট্ৰীয় উদ্দেশ্যৰ উপৰিও চিন্তা-ভাবনা কৰি আৰু বিবেকতাৰে পৰিচালনা কৰা হৈছে । যিহেতু অপাৰেশ্য়ন এতিয়াও চলি আছে, সেয়েহে সময়ত বিস্তৃত তথ্য দিয়া হ'ব । ভাৰতীয় বায়ু সেনাই সকলোকে আনুমানিক আৰু অসত্য় তথ্য় প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে ।

সেনাৰ অভিযান বন্ধ কৰিবলৈ চুক্তি :

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে শনিবাৰে কয় যে ভাৰত আৰু পাকিস্তানে গুলীয়া গুলি আৰু সেনাৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ এক চুক্তি সম্পাদন কৰিছে । ভাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজৰ দৃঢ় আৰু অটল স্থিতি অব্য়াহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় ।

ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দুয়ো দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিছিল । ট্ৰাম্পে কয়, "মই এই ঘোষণা কৰি সুখী যে ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ বাবে ঐক্যমতত উপনীত হৈছে । সাধাৰণ জ্ঞান আৰু উৎকৃষ্ট চোৰাংচোৱা ব্যৱস্থা ব্যৱহাৰ কৰাৰ বাবে দুয়োখন দেশলৈ অভিনন্দন জনাইছো ।"

৭ মে'ত আৰম্ভ হৈছিল অপাৰেশ্য়ন সেন্দূৰ :

উল্লেখ্য় যে, কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্য়ুত্তৰত যোৱা ৭ মে'ত অপাৰেশ্য়ন সেন্দূৰ আৰম্ভ কৰিছিল ভাৰতীয় সেনাই । এই সময়ছোৱাত ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পাকিস্তানৰ অধিকৃত কাশ্মীৰৰ (POK) ৯ টা স্থান আক্রমণৰ লক্ষ্য কৰি লৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে দিছে নাম :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে এই জৰুৰী স্থানসমূহত চলোৱা সামৰিক আক্ৰমণক 'অপাৰেশ্য়ন সেন্দূৰ' নামকৰণ কৰিছে, যাতে ২২ এপ্ৰিলত পহলগামত হোৱা আক্ৰমণত নিহত মহিলাসকলক সন্মান জনানো হয় ।

উল্লেখ্য় যে পহলগামত চলোৱা আক্ৰমণৰ সময়ত কেইবাগৰাকী মহিলাই তেওঁলোকৰ স্বামীক হেৰুৱাইছিল । এই মহিলাকেইগৰাকীৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ স্বামীক হত্য়া কৰিছিল ।

লগতে পঢ়ক:যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় সামৰিক বাহিনী সম্পূৰ্ণ সাজু আৰু সজাগ হৈ আছে : কমাণ্ডাৰ ৰঘু আৰ নাইৰ - OPERATION SINDOOR

যুদ্ধবিৰতিত সহমত ভাৰত-পাকিস্তানৰ : ড’নাল্ড ট্ৰাম্প; বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কৰিছে নিশ্চিত - INDIA AND PAKISTAN WAR