ETV Bharat / bharat

অপাৰেশ্যন সেন্দূৰ কেৱল নাম নহয়; প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক সম্বোধন কৰি কয় - OPERATION SINDOOR

প্ৰধানমন্ত্ৰীয়ে কয় যে অপাৰেশ্যন সেন্দূৰ কেৱল এটা নাম নহয় বৰঞ্চ ই এটা জাতিৰ সংকল্প আৰু ন্যায়ৰ সন্ধান ।

Operation sindoor is not just a name but a reflection of nation resolve says PM Modi
প্ৰধানমন্ত্ৰী মোদী (X@BJP4India)
author img

By ETV Bharat Assamese Team

Published : May 12, 2025 at 9:30 PM IST

2 Min Read

নতুন দিল্লী : সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্যন সেন্দূৰক প্ৰশংসা কৰি কয় যে ই কেৱল এটা নাম নহয় বৰঞ্চ দেশৰ অগণন আৱেগৰ প্ৰতিফলন । তেওঁ কয় যে এই অভিযান ভাৰতৰ ন্যায়ৰ প্ৰতি অটল দায়বদ্ধতাৰ প্ৰতীক ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেনেকৈ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণৰ পিছত পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ পৰিৱৰ্তে আক্ৰমণ কৰাৰ সাহস লাভ কৰিছিল । তেওঁ কয়, ''আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে গম পাইছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ পৰা সেন্দূৰ মচি পেলোৱাৰ পৰিণতি কেনে হ'ব পাৰে ।''

ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা

তেওঁ কয় যে অপাৰেচন সিন্দুৰ হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা । ৭ মে’ৰ পুৱা সমগ্ৰ বিশ্বই এই প্ৰতিশ্ৰুতি ফলাফললৈ পৰিণত হোৱা দেখিছিল । প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় বাহিনীয়ে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান আৰু প্ৰশিক্ষণ কেন্দ্ৰক লক্ষ কৰি আক্ৰমণ চলাইছিল ।

সন্ত্ৰাসবাদীয়ে সপোনতো ভবা নাছিল

তেওঁ কয়, "সন্ত্ৰাসবাদীয়ে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল'ব বুলি সপোনতো দেখা নাছিল । কিন্তু যেতিয়া দেশ একত্ৰিত হয়, তেতিয়া জাতি সৰ্বোচ্চ হয়, তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় ।

পাকিস্তানৰ বুকুত আক্ৰমণ

ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সন্মুখত পাকিস্তানৰ ড্ৰোণ আৰু মিছাইল কেনেকৈ নিমিষতে খহি পৰিল সেয়া বিশ্বই দেখিছে । ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই পাকিস্তানৰ ড্ৰোণ আৰু মিছাইলবোৰ আকাশতে ধ্বংস কৰি পেলালে । পাকিস্তানে সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল যদিও ভাৰতে পাকিস্তানক বুকুত আক্ৰমণ কৰিছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, "সন্ত্ৰাসবাদ আৰু ব্যৱসায় একেলগে চলিব নোৱাৰে, পানী আৰু তেজও একেলগে থাকিব নোৱাৰে... পাকিস্তানৰ সেনা আৰু চৰকাৰে যিদৰে সন্ত্ৰাসবাদক আগবাঢ়ি যোৱাত সহায় কৰিছে, পাকিস্তান এদিন শেষ হ'ব । পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে সন্ত্ৰাসবাদক শেষ কৰিব লাগিব ।"

লগতে পঢ়ক : আমাৰ যুদ্ধ সন্ত্রাসবাদৰ বিৰুদ্ধেহে, পাকিস্তানৰ বিৰুদ্ধে নহয়: এয়াৰ মাৰ্শ্বেল এ কে ভাৰতী

লগতে পঢ়ক : ভাৰতলৈ আহিব পুটিন, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আমন্ত্ৰণ ৰক্ষা কৰিব প্ৰধানমন্ত্ৰী মোদীৰ

লগতে পঢ়ক : প্ৰতিৰক্ষা মন্ত্ৰীসহ সশস্ত্ৰ বাহিনীৰ শীৰ্ষ বিষয়াৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

লগতে পঢ়ক : ভাৰত-পাক সংঘৰ্ষৰ অৱসান: পুনৰ আৰম্ভ ৩২ বিমানবন্দৰৰ বিমান সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.