গুৱাহাটী : দেশ কঁপোৱা মেঘালয়ৰ চেৰাপুঞ্জীত ঘটা মধুচন্দ্ৰিকা হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত নিহত ৰাজা ৰংঘুবংশীৰ পত্নী সোনম এতিয়া আৰক্ষীৰ লকআপত হৈ পৰিছে আৱেগিক ৷ পিছে সোনমৰ এই আৱেগ সঁচা নে অভিনয় ? নে অনুশোচনা তাক লৈ সন্দেহ মেঘালয় আৰক্ষীৰ । এফালে যদি সোনমে অবৈধ প্ৰেমিক ৰাজক মাষ্টাৰমাইণ্ড বুলি কয়, আনহাতে ৰাজে সোনমক মাষ্টাৰমাইণ্ড বুলি আৰক্ষীৰ আগত ভাষ্য দাঙি ধৰিছে ।
এই হত্যাকাণ্ডৰ তদন্তৰ গুৰি ধৰা মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে Operation Honeymoon-ৰ তদন্ত ৷ বৃহস্পতিবাৰে মেঘালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াই এই হত্যাকাণ্ডৰ তদন্তৰ বিষয়ে প্ৰথমবাৰৰ বাবে মুকলিকৈ মন্তব্য প্ৰকাশ কৰিছে ৷ ৰাজা সূৰ্যবংশীৰ হত্যাৰ ষড়যন্ত্ৰত যে তেওঁলোক জড়িত আছিল সেইটো কথা প্ৰেপ্তাৰ হোৱা প্ৰত্যেকেই মেঘালয় আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ।
মেঘালয়ৰ DIG ডি এন আৰ মাৰাকে (DNR Marak) সংবাদমেলত বৃহস্পতিবাৰে কয়, “এই হত্যাৰ ষড়যন্ত্ৰত যে তেওঁলোক জড়িত আছিল সেইটো কথা প্ৰত্যেকেই মেঘালয় আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ এতিয়া তদন্তত ৫ অভিযুক্তৰ পৃথকে পৃথকে গ্ৰহণ কৰা হৈছে ভাষ্য ৷ পৰৱৰ্তী সময়ত ইজনক সিজনৰ মুখামুখি কৰাই জেৰা চলোৱা হ’ব ৷”
হত্যাৰ মূল কাৰণ এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে
কিন্তু এইটো নিশ্চিত হৈছে যে ৰাজ আৰু সোনমৰ মাজত অবৈধ সম্পৰ্ক আছিল । গোটেই ঘটনাৰ মাষ্টাৰমাইণ্ড কোন আছিল সেয়া নিশ্চিত কৰিবলৈ এতিয়াও বাকী । আনহাতে, শীৰ্ষ আৰক্ষী বিষয়া মাৰাকে জনায় যে অভিযুক্ত এজনৰো আনজনৰ লগত কথাৰ মিল নাই ৷
ডি আই জি মাৰাকে কয়, “ভাষ্যৰ অমিল আছে ৫ অভিযুক্তৰে ৷ সোনমে কয় ৰাজ মাষ্টাৰমাইণ্ড । আনহাতে, ৰাজে কয় সোনম মাষ্টাৰমাইণ্ড । এতিয়া আমি প্ৰতিষ্ঠা কৰিব লাগে যে মাষ্টাৰমাইণ্ড কোন ? যাৰ বাবে এতিয়াও অব্যাহত আছে তদন্ত ৷”
ভাষ্যৰ মিল নাই ৫ অভিযুক্তৰ
মেঘালয় আৰক্ষীক এতিয়াও বিভ্ৰান্ত কৰাৰ চেষ্টা অব্যাহত আছে হত্যাত জড়িত ৫ অভিযু্ক্তৰ । হত্যাত জড়িত থকাৰ কথা আটাইকেইজনে স্বীকাৰ কৰিলেও মেঘালয় আৰক্ষীক সকলোৱেই বেলেগ বেলেগ ভাষ্য প্ৰদান কৰিছে ।
আনহাতে, একাংশ সংবাদ মাধ্যমত সমগ্ৰ হত্যাকাণ্ডৰ অপৰাধৰ ঘটনাৰ পুনৰ দৃশ্যায়ন কৰা বুলি প্ৰকাশ পাইছে যদিও এতিয়ালৈ সেয়া কৰা হোৱা নাই বুলি নিশ্চিত কৰিছে মেঘালয় আৰক্ষীয়ে ৷
মেঘালয় আৰক্ষীৰ ডি আই জি ডি আৰ এন মাৰাকৰ মন্তব্য, “এতিয়ালৈকে ক্ৰাইম চীন ৰি-ক্ৰিয়েচন হোৱা নাই । শ্বিলং আৰু চেৰাপুঞ্জীত ক্ৰাইম চীন ৰি-ক্ৰিয়েচন কৰা হ’ব । যেতিয়া সোধা-পোছা কৰা শেষ হ’ব তেতিয়াই ক্ৰাইম চীন ৰি-ক্ৰিয়েচন কৰা হ’ব । যেতিয়ালৈকে তেওঁলোকে সঁচা কৈছে বুলি আমি সন্তুষ্ট নহ’ম তেতিয়ালৈকে আমি জেৰা অব্যাহত ৰাখিম ৷ এতিয়া এজনে যদি এটা কৈছে আন এজনে আন এটা কৈছে । এজনে আন এজনক দোষ জাপি দি আছে ।”
গুৱাহাটীত হত্যাৰ বাবে কিনিছিল দা
সোনম-ৰাজা গুৱাহাটীলৈ অহাৰ আগতেই ৰে’লেৰে গুৱাহাটীলৈ আহিছিল তিনি ঘাতক ৷ ৰে’লৰ পৰা নামি তিনি ভাৰাতীয়া ঘাতকে গুৱাহাটীৰ পাণবজাৰৰ আনন্দ ল’জ নামৰ এখন হোটেলত আছিল ।
আৰক্ষী বিষয়া মাৰাকে এই হত্যাকাণ্ডৰ সৈতে গুৱাহাটী লিংকৰ বিষয়ে এইদৰে কয়, “গুৱাহাটীতে হোটেলৰ কাষতেই ক্ৰয় কৰিছিল হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা ৷ গুৱাহাটীৰ পৰা সোনম আৰু ৰাজা চেৰাপুঞ্জীলৈ অহাৰ প্ৰায় একে সময়তে তেওঁলোক আহিছিল ।”
আৰক্ষীৰ জিম্মাত সোনমৰ আৱেগিক নাটক
মেঘালয় আৰক্ষীৰ মতে, জেৰাৰ সময়ত আৱেগিক হৈছে সোনম । কিন্তু সঁচাই আৱেগিক হৈছে নে নাটক কৰিছে তাক লৈও সন্দেহ মেঘালয় আৰক্ষীৰ ৷ এই সন্দেহ প্ৰকাশ কৰিছে মেঘালয় আৰক্ষীৰ ডি আই জিয়ে ।
উল্লেখ্য যে পাঁচ অভিযুক্তক যিহেতু ৮ দিনৰ জিম্মাত লৈছে মেঘালয় আৰক্ষীয়ে, গতিকে কিছু সময়লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিব মেঘালয় আৰক্ষীয়ে ৷
ইন্দোৰলৈ অভিযুক্তক নিব আৰক্ষীয়ে
সোনম আৰু ৰাজকে ধৰি পাঁচ অভিযুক্তই সঘনে ভাষ্য সলালেও SIT-ৰ তদন্তত হত্যাৰ কথা স্বীকাৰ কৰিছে । জেৰাত ভাষ্যৰ মিল হ’লে তদন্তত এটা সিদ্ধান্তলৈ অহাৰ পিছতে ইন্দোৰলৈ নিয়া হ’ব পাৰে পাঁচ অভিযুক্তক ৷ প্ৰয়োজনত কেৱল ইন্দোৰেই নহয়, আন আন স্থানলৈও নিয়া হ'ব পাৰে সোনম আৰু আন ৪ অভিযুক্তক ৷ সংবাদমেলত এই কথাও সদৰী কৰে মেঘালয়ৰ ডি আই জি মাৰাকে ।
গৰ্ভৱতী নহয় সোনম
সোনম আৰক্ষীৰ জালত পৰাৰ পিছতেই চৰ্চা হৈছিল যে তেওঁ গৰ্ভৱতী অৱস্থাত আছে ৷ মেঘালয় আৰক্ষীয়ে নিশ্চিত কৰিছে সোনম গৰ্ভৱতী নহয় ৷
“অভিযুক্ত সোনম গৰ্ভৱতী নহয় । সোনমৰ এই কথা নিশ্চিত হৈছে । যেতিয়া তেওঁৰ মেডিকেল পৰীক্ষা হৈছে তেতিয়া প্ৰেগনেন্সী টেষ্টো কৰোৱা হৈছেো ৷ প্ৰেগনেন্সী টেষ্ট নিগেটিভ আহিছে ৷” ডিআইজি মাৰাকে নিশ্চিত কৰি কয় ।
সোনম জীয়াই থকাৰ সন্দেহ কিয় কৰিছিল আৰক্ষীয়ে ?
মংগলসূত্ৰৰ আঁতধৰি সোনমৰ পিছ লৈছিল আৰক্ষীয়ে । নিশ্চিত হৈছিল সোনম জীয়াই থকাৰ কথা । সন্দেহ কৰিছিল সোনম জীয়াই থকাৰ কথা । মধুচন্দ্ৰিকাত স্বামী ৰাজাক হত্যা কৰি ৰহস্যৰ ঘন জাল মেলি দিয়া সোনম জীয়াই থকা বুলি কেনেকৈ আৰক্ষীয়ে সন্দেহ কৰিছিল ? কাৰণ, ৰাজাৰ পচিব ধৰা মৃতদেহ উদ্ধাৰৰ পিছত সোনম সন্ধানহীন হৈ থকাক লৈ সৃষ্টি হৈছিল ব্যাপক ৰহস্যৰ ৷ মেঘালয় আৰক্ষী বিষয়াজনে পৱৰকাশ কৰে এই তথ্যও ।
ডি আই জি ডি আৰ এন মাৰাকৰ মন্তব্য, “যেতিয়া আমি এই ঘটনাটো নিৰুদ্দেশ, অপহৰণ বা হত্যা কি নিশ্চিত হ’ব পৰা নাছিলো, তেতিয়া আমি ছোহৰাৰ এটা হোমষ্টে’ত সোনমৰ এটা চ্যুটকেছ পাইছিলো । তাত আমি কিছু কাপোৰ-কানি, মংগলসূত্ৰ আৰু এটা আঙুঠি পাইছিলো । তেতিয়াই আমাৰ সন্দেহ হৈছিল যে তেওঁ জীয়াই আছে । কিয়নো কোনো ট্যুৰিষ্টেই নিজৰ মংগলসূত্ৰ থৈ ৰুম এৰি থৈ নাযায় ।”
উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা ৫ জনৰ উপৰি আন এজনৰ নামো আহিছে এই হত্যাকাণ্ডত জড়িত থকাৰ । মেঘালয় আৰক্ষীয়ে শীঘ্ৰেই তেৱোঁ জালত পৰিব বুলি আশা প্ৰকাশ কৰিছে ।