নক্সালবাদীৰ বিৰুদ্ধে অব্যাহত অভিযান; চি আৰ পি এফৰ অভিযানত বৃহৎসংখ্যক সামগ্ৰী বিনষ্ট
চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চি আৰ পি এফৰ ৬৫ নং বেটালিয়নৰ এটা দলে মাওবাদীয়ে লুকুৱাই থোৱা বহু সামগ্ৰী জব্দ কৰে ।

Published : August 31, 2025 at 5:04 PM IST
গৰিয়াবন্দ: দেশত অব্যাহত আছে নক্সালবিৰোধী অভিযান ৷ চি আৰ পি এফৰ এটা দলে নক্সালৰ বিৰুদ্ধে নিজৰ অভিযান ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ৷ তেনেদৰে দলটোৱে এই অভিযানত সফলতাও লাভ কৰিছে । ছত্তীশগড়ৰ ভালুদিগ্গীৰ অৰণ্যত মাওবাদীয়ে মজুত কৰি ৰখা বহু সামগ্ৰী জব্দ কৰে চি আৰ পি এফৰ জোৱানসকলে ৷
চোৰাংচোৱাই দিয়া তথ্যৰ ভিত্তিত মীনপুৰ থানাৰ অন্তৰ্গত ভালুদিগ্গী বনাঞ্চলত নক্সালে বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখাৰ খবৰ লাভ কৰিছিল চি আৰ পি এফে ৷ এই তথ্য লাভৰ পিছত চি আৰ পি এফৰ ৬৫ নং বেটালিয়নৰ জোৱানসকল ভালুদিগ্গীৰ বনাঞ্চললৈ ৰাওনা হয় ।
নক্সালসকলৰ সা-সামগ্ৰী জব্দ
অভিযানৰ সময়ত চি আৰ পি এফৰ জোৱানসকলে কুলহাদিঘাট আৰু বিন্দ্ৰনাগড়ৰ সমীপত উপস্থিত হয় ৷ সেই অঞ্চলতে নক্সালে লুকুৱাই ৰাখিছিল বৃহৎ পৰিমাণৰ বিস্ফোৰকৰ লগতে অন্যান্য সা-সামগ্ৰী ৷ অভিযানকাৰী দলটোৱে সামগ্ৰীসমূহ জব্দ কৰে ৷

জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত আছে ক্ৰমে- চিলাই মেচিন, বেকপেক, জোতা আৰু তিৰপাল । লগতে বিভিন্ন ঔষধ আৰু ৰেচনৰ সামগ্ৰীও দলটোৱে জব্দ কৰিবলৈ সক্ষম হয় ৷
জব্দকৃত সামগ্ৰীসমূহ জ্বলাই নষ্ট কৰে
জব্দকৃত সামগ্ৰীসমূহ চি আৰ পি এফৰ জোৱানসকলে এটা স্থানত জমা কৰি জুই লগাই দিয়ে ৷ দলটোৱে নক্সালৰ মেৰুদণ্ড ভাঙিবলৈ বদ্ধপৰিকৰ হৈছে ৷ জিলা প্ৰশাসনে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদৰ অন্ত পেলাবলৈ অভিযান অব্যাহত ৰাখিছে ৷ তদুপৰি নক্সাল বিৰোধী অভিযানত কোনোধৰণৰ শিথিলতা নাথাকিব নালাগে বুলিও আৰক্ষীক কঠোৰ নিৰ্দেশ দিছে ।
চি আৰ পি এফৰ ৬৫ নং বেটালিয়ন
নক্সাল বিৰোধী অভিযানত জড়িত চি আৰ পি এফ জোৱানসকলে ধাৰাবাহিকভাৱে এই অভিযান তীব্ৰতৰ কৰি তুলিছে । দীৰ্ঘদিন ধৰি গৰিয়াবন্দৰ ভালুদিগ্গী বনাঞ্চলত মাওবাদী বা নক্সালসকলে বাহৰ পতাৰ খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে ৷
নক্সালসকলৰ উপস্থিতি
অভিযানকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ সা-সামগ্ৰী জব্দ কৰাৰ পিছত অঞ্চলটোত নক্সালবাদীসকলৰ এটা বৃহৎ দলে বাহৰ পতাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ যাৰ বাবে অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে ৷
২০২৬ ৰ ৩১ মাৰ্চৰ ভিতৰত অন্ত পৰিব নক্সালবাদৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব ।
লগতে পঢ়ক: ৰূপৰ চপষ্টিকসহ ভিনটেজ বাটি আৰু পশমিনা চাদৰ: জাপানৰ প্ৰধানমন্ত্ৰীক মোদীৰ উপহাৰ

