ETV Bharat / bharat

পৰ্যটকৰ বাবে মুকলি জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ চামোলিৰ পুষ্প উপত্যকা

বাৰিষা আগমনৰ লগে লগে উপত্যকাটোত ফুলবোৰে হাঁহি মাৰি ফুলিবলৈ আৰম্ভ কৰে আৰু ছেপ্টেম্বৰলৈকে ইয়াৰ শোভা শিখৰত উপনীত হয় । ৰঙীন কাৰ্পেটৰ দৰে হৈ পৰে ।

Valley of Flowers in Uttarakhand
জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ উত্তৰাখণ্ডৰ চামোলি জিলাৰ পুষ্প উপত্যকাৰ মনোৰম দৃশ্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 5:50 PM IST

4 Min Read
Choose ETV Bharat

চামোলি : উত্তৰাখণ্ডৰ চামোলি জিলাত অৱস্থিত প্ৰখ্যাত পুষ্প উপত্যকা চলিত ঋতুৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে । এই উপত্যকা স্থানীয় আলপাইন ফুল আৰু বিভিন্ন উদ্ভিদ প্ৰজাতিৰ বাবে এক অন্যতম আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হৈ আহিছে ।

২০০৫ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হোৱা এই শান্ত-সমাহিত ঠাইখন প্ৰতিবছৰে জুন মাহত মুকলি কৰি দিয়া হয় আৰু পৰ্যটকে অক্টোবৰ মাহলৈকে, যেতিয়া বৰফ পৰিবলৈ আৰম্ভ কৰে ইয়াৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰে ।

ইউনেস্কোৱে নিজৰ ৱেবছাইটত এই মনোৰম স্থানৰ বৰ্ণনা কৰি লিখিছে, "পুষ্প উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ মনোৰম প্ৰাকৃতিক দৃশ্য নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ ঠেক পাহাৰীয়া প্ৰান্তৰ পৰিপূৰক । লগতে ই জান্সকাৰ আৰু গ্ৰেট হিমালয়ৰ পৰ্বতমালাৰ মাজৰ এক অনন্য পৰিৱৰ্তন অঞ্চলক একেলগে সামৰি লৈছে, যিটো পৰ্বতাৰোহী আৰু উদ্ভিদবিদসকলে শতিকাজুৰি প্ৰশংসা কৰি আহিছে আৰু হিন্দু পৌৰাণিক কাহিনীত ইয়াতকৈও অধিককাল পূৰ্বে ইয়াক জনা যায় ।"

পুষ্প উপত্যকাৰ বন বিট বিষয়া চেতনা কাণ্ডপালে কয় যে ঘংগৰিয়াৰ পৰা অহা ৮৩জন পৰ্যটকৰ প্ৰথমটো দলক ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে অনুমতি প্ৰদান কৰা হৈছে । চাৰিজন পৰ্যটকে অনলাইনত অনুমতি লোৱাৰ বিপৰীতে ৭৯ জন পৰ্যটকে গতানুগতিক পদ্ধতিৰে অনুমতি লোৱা বুলিও তেওঁ লগতে কয় ।

বাৰিষা আৰম্ভ হোৱাৰ লগে লগে উপত্যকাটোত ফুল ফুলিবলৈ আৰম্ভ কৰে । ই ছেপ্টেম্বৰৰ ভিতৰত শিখৰত উপনীত হয় । এই সময়ত ব্ৰহ্ম কমল, নীলা পপি আৰু কোব্ৰা লিলিৰ দৰে শ শ প্ৰজাতিৰ ফুল ফুলে । যাৰ ফলত ই এক ৰঙীন কাৰ্পেটৰ সাজ-সজ্জাৰে সুশোভিত হৈ পৰে ।

এইবোৰৰ বাহিৰেও ইয়াত অৰ্কিড, পপি, প্ৰাইমুলা, মেৰিগল্ড, ডেইজী আৰু এনিমনৰ দৰে প্ৰজাতিৰো ইয়াত লালন-পালন কৰা হয় । নন্দা দেৱীলৈ উছৰ্গা কৰা ব্ৰহ্ম কমলৰ দৰে ধৰ্মীয় তাৎপৰ্যপূৰ্ণ ঔষধি উদ্ভিদ, বনৌষধি আৰু ফুলৰ যথেষ্ট সম্ভাৰ এই ভূ-প্ৰকৃতিত আছে ।

Valley of Flowers in Uttarakhand
এই স্থানৰ হিন্দু পৌৰাণিক লোকবিশ্বাসতো আছে অন্যতম গুৰুত্ব (ETV Bharat)

অসংখ্য জীৱ প্ৰজাতিৰ বাসস্থান এই বিস্তৃত উপত্যকাটোত পাহাৰৰ তলৰ পৰা আলপাইন অঞ্চললৈকে আৰু জলপ্ৰপাত আৰু নৈৰ পৰা বনাঞ্চললৈকে এক সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য আছে ।

হিন্দু পৌৰাণিক লোককথাত সদায় এই স্থানটুকুৰাক বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে । ইয়াত স্থানীয় জনগোষ্ঠী ভূটীয়াসকলে বাস কৰে । ১৯৩১ চনত ব্ৰিটিছ পৰ্বতাৰোহীৰ এটা দল ফ্ৰেংক এছ স্মাইথ, এৰিক শ্বিপটন আৰু আৰ এল হোল্ডছৱৰ্থে মাউণ্ট কামেটৰ পৰা উভতি অহাৰ পথত বাট হেৰুৱাই ইয়াত উপনীত হোৱাৰ পিছতে এই ঠাইটুকুৰা বিশ্বৰ দৃষ্টিলৈ আহে ।

ইয়াৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ তেওঁলোকে ইয়াৰ নাম ৰাখে পুষ্প উপত্যকা । এই আৱিষ্কাৰে সমগ্ৰ বিশ্বৰ পৰ্বতাৰোহীৰ বাবে এই ঠাইডোখৰক উন্মোচন কৰে । স্মাইথে 'ভেলী অব ফ্লাৱাৰ্ছ' নামৰ এখন গ্ৰন্থত লিখে, যিখন ১৯৩৮ চনত প্ৰকাশ পাইছিল ।

পুষ্প উপত্যকাত পদাৰ্পণ কৰাটোও আন এক ৰোমাঞ্চকৰ অভিজ্ঞতা । গোবিন্দঘাটৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ বগাই যোৱাৰ পিছত মূল বেছ কেম্প আৰু পুষ্প উপত্যকালৈ যাত্ৰাৰ আৰম্ভণি বিন্দু ঘাংগৰিয়া বেছ কেম্পত উপনীত হোৱা যায়, য’ৰ পৰা এই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত ।

উত্তৰাখণ্ড পৰ্যটন বিভাগৰ পৰ্টেল অনুসৰি, "উপত্যকাটোলৈ যোৱা এই ট্ৰেকিঙত মনোৰম জলপ্ৰপাত আৰু বন্য-নৈৰ দৰে চকু কপালত তুলিব পৰা দৃশ্য বিৰাজমান । সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,৬০০ ফুট উচ্চতাত অৱস্থিত এই উপত্যকাটো ধূসৰ বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, হিমালয়ান কেৰ্কেটুৱা, হিমালয়ান ক'লা ভালুক, ৰঙা শিয়াল, বিৰল প্ৰজাতিৰ পখিলা আৰু বৰফত বাস কৰা নাহৰফুটুকীৰ (snow leopard) দৰে দুৰ্লভ আৰু বিচিত্ৰ বন্যপ্ৰাণী প্ৰজাতিৰ বাসস্থান ।"

উল্লেখ্য যে এই পুষ্প উপত্যকাত প্ৰৱেশৰ অনুমতি কেৱল দিনৰ ভাগতহে দিয়া হয় আৰু পৰ্যটকসকলে সূৰ্যাস্তৰ পূৰ্বেই তাৰ পৰা ওলাই আহিব লাগে ।

লগতে পঢ়ক :তেলেংগানা ৰাজ্য গঠনৰ ১১ বছৰ সম্পূৰ্ণ; ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ সামাজিক মাধ্যমত শুভেচ্ছা - TELANGANA STATEHOOD DAY
লগতে পঢ়ক :ছাদৰ ওপৰতো কৰিব পাৰি সুস্বাদু আপেলৰ খেতি: আপুনিও চেষ্টা কৰিব পাৰে - APPLE CULTIVATION AT ROOFTOP