ETV Bharat / bharat

কোনে ১২ লাখ টকাত বিক্ৰী কৰিছে এটা গছপুলি ? - PLANT SELLER JALANDHAR

গছপুলি বিক্ৰী কৰি বছৰত উপাৰ্জন কৰিছে ৬০ লাখ টকা ।

One Plant Costs Rs 12 Lakhs
১২ লাখ টকাত বিক্ৰী গছপুলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 3:32 PM IST

4 Min Read

থিৰুভাল্লুৰ : প্ৰায় ২০ বছৰ ধৰি বিশেষ লাভ নিবিচাৰিলেও ডেজাৰ্ট ৰ'জৰ পুলি (Desert Rose Plant) বিক্ৰেতা জলন্ধৰে এতিয়া নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে প্ৰতি বছৰে ৬০ লাখ টকালৈকে উপাৰ্জন কৰি আছে । এয়া আশ্চৰ্যজনক যেন লাগিলেও চেন্নাইৰ সমীপৰ থিৰুভাল্লুৰত জলন্ধৰে গছপুলি উৎপাদনত এনে সফলতা অৰ্জন কৰিছে ।

তিৰুভাল্লুৰ জিলাত উথুকট্টাই তালুকৰ অন্তৰ্গত ইচানম কুপ্পাম নামৰ এটা অঞ্চল আছে । য'ত যোৱা ৪০ বছৰ ধৰি জলন্ধৰে প্ৰায় ১৫ একৰ এলেকাত ডেজাৰ্ট ৰ'জ (এডেনিয়াম) উৎপাদন আৰু বিক্ৰী কৰি আহিছে । তেওঁৰ সফলতাৰ কথা জনাৰ পিছতে ইটিভি ভাৰতৰ সাংবাদিক সেই স্থানত উপস্থিত হয় ।

"আমি জলন্ধৰৰ সুন্দৰ ডেজাৰ্ট ৰ'জৰ বাগিচাত উপস্থিত হৈছিলো । গ্ৰীষ্মৰ প্ৰখৰ ৰ'দৰ তলতো ডেজাৰ্ট ৰ'জৰ পুলিবোৰে যেন আমাৰ আগমনৰ বাবে অপেক্ষা কৰি আছিল । শ শ ডেজাৰ্ট ৰ'জৰ পুলি দেখি আনন্দিত হৈছিলো- কিছুমান ডাঙৰ, মজবুত ডালৰ সৈতে ডাঙৰ আৰু আন কিছুমান সৰু আছিল ।"

বাগিচাখন সন্দৰ্ভত জলন্ধৰে বৰ্ণনা কৰিছিল যে তেওঁৰ বাগিচাখন ১৯৮৬ চনত আৰম্ভ হৈছিল আৰু কেৱল ডেজাৰ্ট ৰ'জৰ পুলি হে বিক্ৰী কৰে । মুঠ ৪৫০ প্ৰকাৰৰ প্ৰজাতিৰ ভিতৰত প্ৰতিটো ডেজাৰ্ট ৰ'জ তিনিটা পৃথক ফুলৰ সৈতে ফুলে । তেওঁ লগতে কয় যে সৰু শিপাৰ পুলিবোৰৰ দাম ১৫০ টকাৰ পৰা আৰম্ভ হয়, আনহাতে ডাঠ শিপা থকা পুলিবোৰ ১২ লাখ টকালৈকে বিক্ৰী কৰিব পাৰে ।

এই ডেজাৰ্ট ৰ'জৰ পুলিবোৰ পৃথিৱীৰ মাত্ৰ ৩ টা স্থানতে উপলব্ধ -চেন্নাই, ভিয়েটনাম আৰু থাইলেণ্ড । তেওঁ জনোৱা মতে ১২ লাখ টকাত বিক্ৰী হোৱা ডাঠ শিপা থকা ওখ পুলিবোৰ অঞ্চলটোৰ বাবে অনন্য ।

  • জলন্ধৰৰ মতে এই গছবোৰ প্ৰতিপালন কৰাটো সহজ :

তেওঁ কয়, "ৰ'দত থকাৰ সময়ত এইবোৰত সাৰ নিদিয়াকৈ সপ্তাহত কেৱল দুবাৰ পানী দিলেই হয় ।" তেওঁ লগতে কয় যে এই গছবোৰ বৰফৰ অঞ্চলৰ বাহিৰে যিকোনো ঠাইতে হ'ব পাৰে । তদুপৰি, বিগত বছৰবোৰত এই গছৰ মূল্য বৃদ্ধি পাইছে । ২০ বছৰৰ কোনো লাভ নোহোৱাৰ অন্তত জলন্ধৰে অৱশেষত উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁ গুৰুত্ব দিছে যে ৰিটাৰ্ণ পাবলৈ সময় লাগিব ।

তেওঁ উল্লেখ কৰে, "গ্ৰাফ্টিং কৰিলে এজোপা গছত বহুৰঙী ফুল ফুলে, যিয়ে মূল্য সামান্য বৃদ্ধি কৰে । মোৰ গছবোৰ কেৰালা, গুজৰাট আৰু দিল্লীৰ দৰে ৰাজ্যত আৰু মুখ্যতঃ ডুবাইৰ দৰে আৰৱ দেশকে ধৰি বিদেশতো যথেষ্ট পৰিমাণে বিক্ৰী কৰা হয় । শেহতীয়াকৈ, থিৰুভাল্লুৰ জিলা উপায়ুক্ত প্ৰতাপে মোৰ বাগিচা পৰিদৰ্শন কৰিছিল আৰু আচৰিত হৈছিল । মই এতিয়া বছৰত ৫০ ৰ পৰা ৬০ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰো ।"

ইফালে জলন্ধৰে বাগিচাৰ শ্ৰমিকসকলক তেওঁৰ এই সফলতাৰ বাবে কৃতিত্ব প্ৰদান কৰে । তেওঁ উল্লেখ কৰে যে যদি কোনোৱে এই ডেজাৰ্ট ৰ'জবোৰ উভালি লৈ গৈ সেইবোৰ সূৰ্যৰ পোহৰত ৰোপণ কৰে তেন্তে সেইবোৰ দুমাহৰ ভিতৰতে গজি উঠে ।

তেওঁ লগতে উল্লেখ কৰে যে ৩ বা ৬ মাহৰ পিছত একেটা পুলি পুনৰ ৰোপণ কৰা তেনেহ'লে একে ধৰণৰ ফলাফল পোৱা যায় । জলন্ধৰে কয় যে এই গছবোৰ সোনকালে মৰি নাযায় আৰু বেছি পানীৰ প্ৰয়োজন নহয় ।

তেওঁ কয় যে তামিলনাডু উদ্যান শস্য বিভাগে ৰাষ্ট্ৰীয় কৃষি উন্নয়ন আঁচনিৰ অধীনত ১০.৬৫ লাখ টকাৰ ৰাজসাহায্যত তেওঁক ছাঁৰ বাবে ৩,০০০ বৰ্গ মিটাৰ দৈৰ্ঘ্যৰ নেট প্ৰদান কৰিছিল, যিয়ে উদ্ভিদবোৰ বৃদ্ধি হোৱাত যথেষ্ট সহায় কৰে । তেওঁ কয় যে শীঘ্ৰে ১৫ একৰ ভূমিৰ ডেজাৰ্ট ৰ'জৰ বাগিচাখন দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব ।

লগতে পঢ়ক :ঘৰ-বাৰীত উপদ্ৰৱ চলোৱা বান্দৰ ধৰায়ে পেছা এই পৰিয়ালটোৰ; ক'ত, কেনেদৰে কৰে এই কাম ? - MONKEY WHISPERERS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.