ETV Bharat / bharat

উত্তৰাখণ্ডত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰূপায়ণ যোগ নীতি

আন্তৰ্জাতিক যোগ দিৱসৰ দিনাই উত্তৰাখণ্ড চৰকাৰে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

IDY 2025
উত্তৰাখণ্ডত যোগ দিৱসৰ কাৰ্যসূচী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 1:41 PM IST

7 Min Read
Choose ETV Bharat

ডেৰাডুন : আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে উত্তৰাখণ্ড চৰকাৰে ৰাজ্যখনত দেশৰ প্ৰথমটো যোগ নীতি ৰূপায়ণ কৰিছে । দেৱভূমিৰ লগতে উত্তৰাখণ্ডক বিশ্বজুৰি যোগ আৰু স্বাস্থ্যসন্মত ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ আয়ুষ বিভাগে যোগ নীতি প্ৰস্তুত কৰিছিল । ২০২৫ চনৰ ২৮ মে'ত অনুষ্ঠিত ধামী কেবিনেটে এই যোগ নীতিত অনুমোদন জনাইছিল ।

উত্তৰাখণ্ডত দেশৰ প্ৰথম যোগ নীতি ৰূপায়ণ :

আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বিধানসভা চৌহদত এক কাৰ্যসূচীৰ আয়োজন কৰা হয় । য'ত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে দেশৰ প্ৰথম যোগ নীতিৰ অধিসূচনা জাৰি কৰে । এই অধিসূচনা প্ৰকাশৰ পিছত উত্তৰাখণ্ড ৰাজ্যত বলবৎ হৈছে যোগ নীতি ।

২ বছৰ পূৰ্বৰে পৰা চলি আছিল চৰ্চা :

দৰাচলতে উত্তৰাখণ্ডত যোগ নীতি ৰূপায়ণৰ কচৰৎ ২০২৩ চনৰ পৰাই চলি আছিল । ৰাজ্যত আয়ুষ নীতি ৰূপায়ণৰ পিছত আয়ুষ মন্ত্ৰালয়ে ২০২৩ চনতেই যোগ নীতি প্ৰস্তুত কৰাৰ দিশত পদক্ষেপ লৈছিল । আয়ুষ মন্ত্ৰালয়ে যোগ নীতিৰ প্ৰাৰম্ভিক খচৰা প্ৰস্তুত কৰি চৰকাৰলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছিল । তাৰ পিছত খচৰাত কিছু সমস্যাৰ বাবে চৰকাৰে খচৰা ঘূৰাই পঠিয়ায় । তাৰ পিছত আয়ুষ মন্ত্ৰালয়ে চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেশৰ প্ৰথমটো যোগ নীতি প্ৰস্তুত কৰে ।

২ বছৰত সম্পূৰ্ণ হ'ল যোগ নীতি :

এই যোগ নীতি প্ৰস্তুত কৰাৰ সময়ত আয়ুষ মন্ত্ৰালয়ে আয়ুৰ্বেদ বিশেষজ্ঞৰ লগতে সকলো অংশীদাৰৰ পৰাও পৰামৰ্শ লৈছিল । প্ৰায় ২ বছৰত আয়ুষ মন্ত্ৰালয়ে যুগুত কৰিছিল যোগ নীতি । ২০২৫ চনৰ মে' মাহত বিধানসভাৰ পৰা অনুমোদন লাভ কৰাৰ পিছত ২৮ মে'ত কেবিনেটত উত্থাপন কৰা হয় আৰু মুখ্যমন্ত্ৰী ধামীৰ নেতৃত্বত কেবিনেটে ইয়াক অনুমোদন জনায় । অৱশেষত আন্তৰ্জাতিক যোগ দিৱসৰ দিনাই উত্তৰাখণ্ডত যোগ নীতি ২০২৫ ৰূপায়ণ কৰা হয় ।

২০৩০ চনৰ ভিতৰত ৫ টা যোগ কেন্দ্ৰ স্থাপনৰ লক্ষ্য

উত্তৰাখণ্ড যোগ নীতি ২০২৫ৰ অধীনত চৰকাৰে কেইবাটাও লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ অধীনত ২০৩০ চনৰ ভিতৰত উত্তৰাখণ্ডত প্ৰায় ৫ টা নতুন যোগ কেন্দ্ৰ স্থাপনৰ লক্ষ্য লোৱা হৈছে । জাগেশ্বৰ, মুক্তেশ্বৰ, ব্যাস ঘাটি, তিহৰি হ্ৰদ আৰু কোলি ঢেক হ্ৰদত যোগ কেন্দ্ৰ স্থাপন কৰা হ'ব । ইয়াৰ সমান্তৰালকৈ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ সকলো আয়ুষ স্বাস্থ্য আৰু ৱেলনেছ কেন্দ্ৰত যোগাসন সেৱা আগবঢ়োৱাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

১৩ হাজাৰৰো অধিক চাকৰি মুকলি হ'ব

ৰাজ্য চৰকাৰৰ মতে এই যোগ নীতি ৰূপায়ণৰ পাছত উত্তৰাখণ্ডত ১৩ হাজাৰৰো অধিক চাকৰি মুকলি হ'ব । ২৫০০ যোগ শিক্ষকক যোগ প্ৰমাণীকৰণ ব'ৰ্ডৰ দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব । ১০ হাজাৰৰো অধিক যোগ প্ৰশিক্ষকে হোমষ্টে, হোটেল আদিত কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে ।

দেশৰ প্ৰথম যোগ নীতিৰ উদ্দেশ্য

  • উত্তৰাখণ্ড যোগ নীতিয়ে কেৱল জনস্বাস্থ্যৰ উন্নতি সাধন কৰাই নহয় পৰ্যটনকো উৎসাহিত কৰিব
  • যোগ নীতিৰ অধীনত যোগ সঞ্চালকালয় স্থাপন কৰা হ'ব
  • যোগ প্রতিষ্ঠানৰ বাবে নীতি-নির্দেশনা প্রস্তুত কৰা হ'ব
  • উত্তৰাখণ্ডক যোগ আৰু ৱেলনেছ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা হ'ব
  • এই নীতিয়ে উত্তৰাখণ্ডক এখন শক্তিশালী আৰু উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰিব
  • যোগ নীতি ৰূপায়ণৰ পিছত দেশত যোগৰ আধ্যাত্মিক ঐতিহ্য সুৰক্ষিত হ'ব
  • শিক্ষাত যোগাসন যোগ দিয়া হ'ব
  • যোগ ধ্যান কেন্দ্ৰসমূহে প্ৰচাৰৰ সমান্তৰালকৈ উন্নয়নো লাভ কৰিব
  • যোগ আৰু আধ্যাত্মিকতাৰ গৱেষণাকো উৎসাহিত কৰা হ'ব
  • উত্তৰাখণ্ডত যোগ, আধ্যাত্মিকতা আৰু পৰ্যটনৰ উন্নয়ন ঘটিব
  • যোগ নীতিৰ অধীনত যোগ প্ৰশিক্ষক কেন্দ্ৰ স্থাপন কৰা হ'ব
  • যোগ প্ৰশিক্ষণৰ পঞ্জীয়ন আৰু যোগ সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ'ব
  • উত্তৰাখণ্ড যোগ নীতিৰ অধীনত যোগৰ প্ৰচাৰৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰা হ'ব
  • বিদ্যালয়সমূহত আৰম্ভ হ'ব যোগৰ পাঠ্যক্ৰম
  • সাধাৰণ জনতা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়সমূহলৈ পোনপটীয়া যোগৰ সম্প্ৰচাৰ কৰা হ'ব
  • যোগ নীতিয়ে যোগ প্ৰশিক্ষক, যোগ নিৰ্দেশক হিচাপে ৰাজ্যৰ ১৩ হাজাৰ লোকক উপকৃত কৰিব
  • হোটেল, ৰিজৰ্ট, হোমষ্টে, স্কুল, কলেজ আৰু কৰ্পৰেট খণ্ডত যোগাসনৰ অধিৱেশন অনুষ্ঠিত হ'ব

উত্তৰাখণ্ডত যোগ নীতি ৰূপায়ণৰ পিছতে এতিয়া যোগ নীতি পৰিচালনা, নিয়ম প্ৰণয়ন আৰু কাৰ্যকৰী, অনুদান প্ৰদান আৰু সকলো বিভাগীয় কাম-কাজ নিৰীক্ষণৰ বাবে "যোগ সঞ্চালকালয়" গঠন কৰা হ'ব । যোগ নীতিত বহুতো গুৰুত্বপূৰ্ণ ব্যৱস্থা কৰা হৈছে । যাৰ অধীনত যোগ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব, যোগ প্ৰশিক্ষিতসকলৰ পঞ্জীয়ন আৰু যোগ সম্পৰ্কীয় আন্তঃগাঁথনি গঢ়ি তোলা হ'ব ।

কেৱল এয়াই নহয় যোগ নীতিৰ অধীনত যোগৰ প্ৰচাৰৰ বাবে সকলো সুবিধা প্ৰদান কৰা হ'ব । য'ত যোগ আৰু জ্ঞান কেন্দ্ৰক মূলধনী অনুদান দিয়া হ'ব । যোগ গৱেষণাৰ বাবে অনুদানৰ ব্যৱস্থা, ৰাজ্যত উপলব্ধ সম্পদত যোগৰ প্ৰচাৰৰ লগতে ষ্টাৰ্টআপক উৎসাহিত কৰা হ'ব । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সহযোগত যোগৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশৰ কাম কৰা হ'ব । লগতে বিশ্বমানৰ যোগ কেন্দ্ৰ স্থাপনক উৎসাহিত কৰা হ'ব ।

যোগ নীতিৰ অধীনত নিৰ্ধাৰিত লক্ষ্য

  • ২০৩০ বৰ্ষৰ ভিতৰত উত্তৰাখণ্ডত ৫ টা নতুন যোগ কেন্দ্ৰ স্থাপন কৰা হ'ব
  • যোগ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব জাগেশ্বৰ, মুক্তেশ্বৰ, ব্যাস ঘাটি, তিহৰি হ্ৰদ আৰু কোলি ঢেক হ্ৰদ
  • ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ সকলো আয়ুষ স্বাস্থ্য আৰু ৱেলনেছ কেন্দ্ৰত যোগ সেৱা উপলব্ধ কৰা হ'ব
  • সম্প্ৰদায়ভিত্তিক মাইণ্ডফুলনেছ কাৰ্যসূচী আৰম্ভ কৰা হ'ব
  • বিভিন্ন বয়স, লিংগ আৰু শ্ৰেণীৰ প্ৰয়োজনীয়তাক মনত ৰাখি কাৰ্যসূচী আৰম্ভ কৰা হ'ব
  • ৰাজ্যৰ সকলো যোগাসন প্ৰতিষ্ঠানৰ পঞ্জীয়ন কৰা হ'ব
  • মুকলি কৰা হ'ব এক বিশেষ অনলাইন যোগাসন মঞ্চ
  • যোগ পৰ্যটনৰ প্ৰচাৰৰ বাবে আৰম্ভ হ'ব প্ৰচাৰ অভিযান
  • আন্তঃৰাষ্ট্ৰীয় যোগ সন্মিলনৰ আয়োজন কৰা হ'ব
  • ২০২৮ চনৰ মাৰ্চ মাহৰ ভিতৰত ১৫ৰ পৰা ২০ টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্য
  • নতুন যোগ কেন্দ্ৰ খোলাৰ বাবে ৰাজসাহায্যৰ ব্যৱস্থা
  • নতুন যোগ কেন্দ্ৰ খুলিলে চৰকাৰে ২৫ৰ পৰা ৫০ শতাংশ ৰাজসাহায্য দিব
  • পাহাৰীয়া অঞ্চলত যোগ কেন্দ্ৰ খুলিলে ২০ লাখ টকা পৰ্যন্ত ৫০ শতাংশ ৰাজসাহায্য
  • ভৈয়াম অঞ্চলত যোগ কেন্দ্ৰ খুলিলে ১০ লাখ টকা পৰ্যন্ত ২৫ শতাংশ ৰাজসাহায্য
  • এবছৰত ৫ কোটি টকা পৰ্যন্ত ৰাজসাহায্য দিয়া হ'ব
  • যোগ, ধ্যান আৰু প্ৰাকৃতিক চিকিৎসাৰ ক্ষেত্ৰত গৱেষণাৰ ওপৰত অনুদান প্ৰদান কৰা হ'ব
  • এটা গৱেষণাৰ বাবে ১০ লাখ টকা পৰ্যন্ত অনুদান দিয়া হ'ব
  • এই সুবিধা বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, স্বাস্থ্য সংস্থা, আয়ুষ প্ৰতিষ্ঠান আৰু বেচৰকাৰী সংস্থাসমূহৰ বাবে হ'ব
  • গৱেষণাৰ বাবে মুঠ ১ কোটি টকা অনুদান নিৰ্ধাৰণ কৰা হৈছে

উত্তৰাখণ্ড চৰকাৰে যোগ আৰু প্ৰাকৃতিক চিকিৎসা সঞ্চালকালয় গঠন কৰিব, যিয়ে নীতি, নিয়ন্ত্ৰণ, অনুদান প্ৰদান আৰু সকলো কাম-কাজ ৰূপায়ণৰ তদাৰক কৰিব । সঞ্চালকালয়ত থাকিব এজন সঞ্চালক, যুটীয়া সঞ্চালক, উপ-সঞ্চালক, যোগ বিশেষজ্ঞ, পঞ্জীয়ক আৰু অন্যান্য প্ৰয়োজনীয় কৰ্মচাৰী ।

এই সঞ্চালকালয়ৰ দায়িত্ব হ'ব যোগ কেন্দ্ৰৰ মান নিশ্চিত কৰা, যোগ প্ৰতিষ্ঠানসমূহক যোগ প্ৰমাণীকৰণ ব'ৰ্ডৰ অধীনত পঞ্জীয়ন আৰু স্বীকৃতি দিয়া, যোগ কেন্দ্ৰসমূহৰ বাবে ৰেটিং ব্যৱস্থা সৃষ্টি কৰা আৰু বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা স্থাপন কৰা ।

নীতি পুনৰীক্ষণ আৰু নিৰীক্ষণৰ বাবে এখন উচ্চ পৰ্যায়ৰ ৰাজ্যিক সমিতি গঠন কৰা হ'ব । এই নীতি ভালদৰে ৰূপায়ণৰ বাবে অহা ৫ বছৰত ৰাজ্য চৰকাৰে প্ৰায় ৩৫ কোটি টকা ব্যয় কৰিব ।

লগতে পঢ়ক :এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ: বিশাখাপট্টনমৰ কেন্দ্ৰীয় অনুষ্ঠানৰ নেতৃত্বত প্ৰধানমন্ত্ৰী - IDY 2025