ETV Bharat / bharat

১ জুলাইৰ পৰা ডিপোত হাহাকাৰ লাগিব ! বাছি বাছিহে পেট্ৰ’ল-ডিজেল দিয়া হ'ব গাড়ীত

এই নতুন নিৰ্দেশনা সন্দৰ্ভত চৰকাৰ আৰু পেট্ৰ’ল ডিলাৰ এছ’চিয়েশ্যনৰ মাজত সৃষ্টি হৈছে সংঘাত ।

NO FUEL FOR OLD VEHICLES POLICY
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 4:28 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰদূষণৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ ৷ ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ’ব চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত ৷

চৰকাৰৰ নিৰ্দেশ অনুসৰি, ১৫ বছৰীয়া পুৰণি পেট্ৰ’লচালিত আৰু ১০ বছৰ পুৰণি ডিজেলচালিত বাহনক দিয়া নহ’ব ইন্ধন ৷ কোনো ধৰণৰ পেট্ৰ’ল পাম্পে যাতে এনে পুৰণি বাহনসমূহক ইন্ধনৰ যোগান নধৰে তাত চোকা দৃষ্টি ৰাখিব চৰকাৰে ৷

এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ পৰিবহণ বিভাগৰ তথ্যকোষৰ সৈতে সংযুক্ত পেট্ৰ’ল পাম্পত স্থাপন কৰা হৈছে এ আই প্ৰযুক্তিসম্পন্ন অত্যাধুনিক কেমেৰা । এ আই কেমেৰাই নম্বৰপ্লেটৰ সহায়ত চিনাক্ত নিৰ্ণয় কৰিব বাহনখন পুৰণি নে নতুন ৷

প্ৰায় ৬০ লাখ এনে বাহন আছে, যিবোৰ এই নতুন নিয়মৰ অধীনত পৰে ৷ অৰ্থাৎ এই বাহনসমূহৰ আয়ুস উকলিছে বুলি চৰকাৰে জনাইছে ।

অৱশ্যে চৰকাৰে বিগত ১ এপ্ৰিলৰ পৰাই এনে ব্যৱস্থা ৰূপায়ণ কৰিছিল যদিও পেট্ৰ’ল পাম্পত কেমেৰা নথকাৰ বাবে ই সম্পূৰ্ণকৈ কাৰ্যকৰী হোৱা নাছিল ৷ যাৰ বাবে ১ জুলাইৰ পৰাহে এই ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব ।

এই সিদ্ধান্তক লৈ চৰকাৰ আৰু পেট্ৰ’ল ডিলাৰ এছ’চিয়েশ্যনৰ মাজত সৃষ্টি হৈছে সংঘাত ৷ অৱশ্যে এয়া অসম চৰকাৰে লোৱা সিদ্ধান্ত নহয় ৷ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেখা গুপ্তা পৰিচালিত দিল্লী চৰকাৰে ৷

ৰাজধানী চহৰ দিল্লীত প্ৰায় ৪০০ পেট্ৰ’ল পাম্প আছে । এই পেট্ৰ’ল পাম্পসমূহত কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক নম্বৰপ্লেট ৰিডাৰ কেমেৰা স্থাপন কৰা হৈছে । এই কেমেৰাবোৰ দিল্লী পৰিবহণ বিভাগৰ ডাটাবেছৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ থাকিব । পুৰণি তথা এতিয়াও চলি থকা বাহনসমূহে ইন্ধন ভৰোৱাৰ বাবে পাম্পত উপস্থিত হোৱাৰ লগে লগে এই এ আই কেমেৰাবোৰে তাৰ নম্বৰপ্লেট স্কেন কৰি বাহনখনৰ বয়স নিশ্চিত কৰিব ।

যদি নিয়ম অনুসৰি বাহনখনৰ ম্যাদ উকলিছে তেন্তে পেট্ৰ’ল পাম্পত লগোৱা স্পীকাৰত এলাৰ্ম বাজিব । স্পীকাৰে বাহনৰ নম্বৰৰ লগতে ম্যাদ উকলিছে বুলি প্ৰকাশ কৰিব ৷ ততাতৈয়াকৈ এই তথ্য পৰিবহণ বিভাগলৈ প্ৰেৰণ কৰা হ’ব যাতে বাহনখনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ।

পেট্ৰ’ল পাম্পত নিয়োগ কৰা হ’ব কৰ্মচাৰী

সম্পূৰ্ণ প্ৰস্তুতিৰে দিল্লী চৰকাৰে ২৭ জুনত পেট্ৰ’ল পাম্পসমূহলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ দিল্লীৰ ৩৫০ টা পেট্ৰ’ল-ডিজেল পাম্পক চাৰিটা ভাগত বিভক্ত কৰা হৈছে বুলি উক্ত নিৰ্দেশনাত উল্লেখ কৰা হৈছিল ।

সেই অনুসৰি, ১-১০০ নম্বৰৰ পাম্পত দিল্লী আৰক্ষীৰ জোৱান নিয়োগ কৰা হ’ব ।১০১-১৫৯ নম্বৰৰ পাম্পত পৰিবহণ বিভাগৰ দল উপস্থিত থাকিব । দিল্লী আৰক্ষী আৰু পৰিবহণ বিভাগৰ যুটীয়া দল ১৬০-২৫০ নম্বৰৰ পাম্পত নিয়োগ কৰা হ’ব । দিল্লী আৰক্ষীৰ পৰা ৯১ গৰাকী বিষয়াৰ হাতত থাকিব চালান জাৰি কৰাৰ ক্ষমতা । ২৫১-৩৫০ নম্বৰৰ পাম্পত কৰ্তব্যত থাকিব পৌৰ নিগমৰ দল ।

এই দলসমূহ এনেদৰে নিয়োগ কৰা হৈছে যাতে কোনো বাহনৰ গৰাকীয়ে পাম্পসমূহে ইন্ধন নিদিলে হ’ব পৰা পৰিস্থিতি চম্ভালিব পাৰে আৰু যান-বাহনসমূহ জব্দ কৰাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷

অনুশীলন কৰা হোৱা নাই, হ'ব পাৰে সমস্যা

দিল্লী চৰকাৰৰ এই পৰিকল্পনাক লৈ উত্থাপন হৈছে প্ৰশ্ন । দিল্লী পেট্ৰ’ল ডিলাৰ এছ’চিয়েশ্যনৰ সভাপতি নিশাল সিংহানিয়াই কয়- ‘‘চৰকাৰে এই ব্যৱস্থাৰ কোনো ট্ৰাইল ৰাণ কৰা নাই । এনে পৰিস্থিতিত যেতিয়া ১ জুলাইৰ পৰা ব্যৱস্থাটো কাৰ্যকৰী হ’ব, তেতিয়া বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ।’’

তেওঁ লগতে কয়- ‘‘আমি ব্যৱসায়ী । কাকো পেট্ৰ’ল বা ডিজেল নিদিওঁ বুলি কোৱাটো স্বাভাৱিকতে কঠিন হ’ব । যদি কোনো গ্ৰাহকে তৰ্ক-বিতৰ্ক কৰে বা বিবাদৰ সৃষ্টি কৰে, তেন্তে কোনে মোকাবিলা কৰিব ? এই সমস্যা চৰকাৰৰ সন্মুখত উত্থাপন কৰাৰ সময়ত চৰকাৰে আৰক্ষী আৰু পৰিবহণ বিভাগৰ কৰ্মচাৰীক নিয়োগ কৰাৰ নিৰ্দেশ দিছিল, কিন্তু পেট্ৰ’ল-ডিজেল পাম্পত কিমান দিন থাকিব এই কৰ্মচাৰীসকল ? ২৪ ঘণ্টাতো থাকিব নোৱাৰিব কৰ্মচাৰীসকল ।’’

যদি কেমেৰাই নম্বৰপ্লেট সঠিকভাৱে পঢ়িব নোৱাৰে, ডাটাবেছ আপডেট নহয় বা চিষ্টেম বিফল হয়, তেন্তে বিবাদৰ সৃষ্টি হ'ব পাৰে । যিহেতু দিল্লী চৰকাৰে স্পষ্টভাৱে সকীয়াই দিছে যে যদি কোনো পেট্ৰ’ল পাম্পে নিয়ম উলংঘা কৰি ম্যাদ উকলি যোৱা বাহনক ইন্ধন যোগান ধৰে, তেতিয়া পাম্প অপাৰেটৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

মাত্ৰ এটা কেমেৰাৰে ব্যৱস্থা এটা প্ৰণয়ন কৰাটো কেনেকৈ সম্ভৱ ?

দিল্লী পেট্ৰ’ল ডিলাৰ্ছ এছ’চিয়েশ্যনৰ সভাপতি লগতে নিশাল সিংহানিয়াই কয় যে দিল্লীত প্ৰায় ৪০০ টা পেট্ৰ’ল পাম্প আছে । পেট্ৰ’ল পাম্প এটা সম্পূৰ্ণৰূপে পৰিচালিত কৰিবলৈ ১৩-১৫ টা অপাৰেটৰে কেমেৰা স্থাপন কৰিব লাগিব । তাৰ সলনি মাত্ৰ এটা কেমেৰাহে স্থাপন কৰিছে দিল্লী পৰিবহণ বিভাগে । এটা কেমেৰাৰে সকলো বাহনৰ নম্বৰপ্লেট কেনেকৈ পঢ়িব পাৰি ?

আন এটা সমস্যা হ’ল বহু পেট্ৰ’ল পাম্পৰ এনে স্থানত পৰিবহণ বিভাগে কেমেৰা স্থাপন কৰিছে যি ঠাইৰ পৰা ইন্ধন ভৰাই লৈ যোৱাৰ পিছতহে বাহনখনৰ নম্বৰপ্লেট পঢ়িব পাৰিব । এনেক্ষেত্ৰত ব্যৱস্থাটো বিফল হ’ব পাৰে । এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ বহু কৌশলৰ প্ৰয়োজন ।

যদি কোনোৱে দিল্লীত ইন্ধন লাভ নকৰে, তেন্তে দিল্লীৰ গাতে লাগি থকা নয়দা, গাজিয়াবাদ, গুৰুগ্ৰাম, ফৰিদাবাদ আদি ঠাইৰ পেট্ৰ’ল পাম্পতো বাহনত ইন্ধন ভৰাব পাৰে ।

লগতে পঢ়ক: ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত ৬ জনকৈ শ্ৰমিকৰ মৃত্যু