ETV Bharat / bharat

সতীৰ্থৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদত বহিল ইউ পি এছ চি প্ৰত্যাশী - Rau’s IAS Study circle in Delhi

Flood in Delhi IAS Coaching Centre: সতীৰ্থৰ মৃত্যুৰ ন্যায় দাবী কৰি অৱশেষত ৰাজপথত প্ৰতিবাদত বহিল ইউ পি এছ চি প্ৰত্যাশী ৷ দিল্লী আৰক্ষীয়ে দেওবাৰৰ পুৱাই আটক কৰে আই এ এছ কোচিং চেণ্টাৰটোৰ মালিক আৰু সমন্বয়কক ৷

Delhi Police detains owner, coordinator of IAS coaching centre after basement flooding kills three students
সতীৰ্থৰ মৃত্যুৰ ন্যায় দাবী কৰি প্ৰতিবাদত বহিল ইউ পি এছ চি প্ৰত্যাশী (ANI)
author img

By ANI

Published : July 28, 2024 at 12:46 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 28 জুলাই: পশ্চিম দিল্লীৰ জনপ্ৰিয় এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানী প্ৰৱেশ কৰাৰ ফলত চাৰি ঘণ্টাৰো অধিক সময় আৱদ্ধ হৈ থকা তিনিগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ পাচতে দিল্লী আৰক্ষীয়ে দেওবাৰে আই এ এছ কোচিং চেণ্টাৰটোৰ মালিক আৰু সমন্বয়কগৰাকীক আটক কৰে ৷

কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু

কেন্দ্ৰীয় আৰক্ষী উপ আয়ুক্ত (ডিচিপি) এম হৰ্ষবৰ্ধনেও কয়, "আৰক্ষীয়ে কোচিং ইনষ্টিটিউট, অট্টালিকাটোৰ পৰিচালনা, আৰু সেই স্থানত নলাটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । ভাৰতীয় ন্যায় সংহিতাৰ 105, 106 (1), 115 (2), 290 আৰু 35 নং ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে গোচৰ । এই গোচৰটো কোচিং ইনষ্টিটিউট আৰু বিল্ডিংটোৰ পৰিচালনা আৰু সেই ঠাইৰ নলা ৰক্ষণাবেক্ষণৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে ৰুজু হৈছে ৷ এতিয়ালৈকে আমি উক্ত কোচিং চেণ্টাৰৰ মালিক আৰু সমন্বয়কগৰাকীক আটক কৰিছো ৷ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে ।"

ভুক্তভোগীৰ পৰিচয়

এই ঘটনাত উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ বাসিন্দা শ্ৰেয়া যাদৱ, তেলেংগানাৰ তনয়া ছোনী আৰু কেৰালাৰ এনাৰকুলামৰ বাসিন্দা নিভিন ডালউইনৰ মৃত্যু ঘটে ।

আৰক্ষীয়ে কয়, "উদ্ধাৰ অভিযান আৰম্ভ হৈছে, দিল্লী আৰক্ষী আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ লগতে এন ডি আৰ এফেও এই অভিযানত জড়িত আছিল । অনুসন্ধান আৰু উদ্ধাৰ কাৰ্যৰ শেষলৈকে বেছমেণ্টৰ পৰা 3 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । 3 টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু পৰিয়ালক অৱগত কৰা হৈছে ।"

আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ মৃতদেহ ৰাম মনোহৰ লোহিয়া হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

প্ৰতিবাদত বহিল শিক্ষাৰ্থী

অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত শচীন শৰ্মাই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি কয়, "তিনিজন লোকৰ মৃত্যু ঘটিছে । আমি কিয় কিবা লুকুৱাই ৰাখিম ? আমি আপোনালোকক আশ্বাস দিছো যে আমি আইনগতভাৱে যি সম্ভৱ কৰিম । তদন্ত চলি আছে ।"

প্ৰতিবাদকাৰী ইউ পি এছ চি প্ৰত্যাশীসকলে দিল্লী পৌৰ নিগম আৰু আই এ এছ কোচিং ইনষ্টিটিউট পৰিচালনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যুক লৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

লগতে পঢ়ক: পানীয়ে প্ৰাণ কাঢ়িলে তিনিগৰাকীকৈ ইউ পি এছ চি প্ৰত্যাশীৰ - Rau’s IAS Study circle in Delhi

গ্ৰীষ্মপ্ৰবাহৰ পিছত ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত: স্তব্ধ স্বাভাৱিক জনজীৱন - Heavy Rain In Delhi NCR