ETV Bharat / bharat

সংগ্ৰাহক মিশ্ৰ; কি নাই তেওঁৰ ওচৰত !

নিজৰ ঘৰটোক মিনি সংগ্ৰহালয়ৰ ৰূপ দিছে হেক্টৰ মিশ্ৰই । ২০০০ বছৰ পুৰণি মুদ্ৰাও সংগ্ৰহ কৰিছে মিশ্ৰই ।

Hector Mishra creates mini museum at home
সংগ্ৰাহক মিশ্ৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 5:57 PM IST

5 Min Read
Choose ETV Bharat

পুৰী : তীৰ্থ নগৰী পুৰীৰ সিদ্ধমাহাবীৰ এলেকাত এটা বিশেষ ঘৰ আছে । যিটো কোনো সংগ্ৰহালয় বা ঐতিহাসিক স্থানৰ অংশ নহয় । কিন্তু তাত অতীতক ধৰি ৰাখিছে এগৰাকী লোকে । ভিতৰত সোমালে আপুনি দেখিব কেৱল পৌৰাণিক সামগ্ৰী । তাত আছে পুৰণি মুদ্ৰা আৰু নোট, ভিণ্টেজ ৰেডিঅ', ডাকটিকট, খাম আৰু বহুতো পৌৰাণিক সামগ্ৰী ।

যিবোৰ দেখিলে আপুনি আচৰিত হ'ব । আচলতে এয়া পুৰণি সামগ্ৰী সংগ্ৰহ কৰি ভালপোৱা হেক্টৰ মিশ্ৰৰ ঘৰ । তেওঁৰ বাসগৃহটো এক সুন্দৰ আৰ্কাইভ হোৱা স্বত্বেও তেওঁ লাভ কৰা নাই উচিত প্ৰচাৰ আৰু প্ৰসাৰ ।

৫০বছৰীয়া মিশ্ৰ পেচাত এগৰাকী ব্যৱসায়ী । যিয়ে ব্যক্তিগত ধন আৰু সময় খৰচ কৰি সংগ্ৰহণ কৰিছে বহু প্ৰাচীন সামগ্ৰী । জীৱনৰ বেছিভাগ সময় মিশ্ৰই এই সামগ্ৰীবোৰ সংগ্ৰহ কৰিয়ে কটাইছে । পঞ্চম শ্ৰেণীৰ পৰাই তেওঁ সামগ্ৰীবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল ।

Hector Mishra creates mini museum at home
মিশ্ৰই সংগ্ৰহ কৰা পুৰণি ৰেডিঅ' (ETV Bharat)

যিসময়ত সহকৰ্মীয়ে বিভিন্ন সামগ্ৰী ক্ৰয় কৰিবলৈ পকেটৰ ধন খৰচ কৰিছিল সেই সময়ত মিশ্ৰই মূল্যৱান কিবা এটা কিনিবলৈ খৰচ কৰাটো পছন্দ কৰিছিল । তেওঁৰ তেনে ধৰণৰ প্ৰথম সামগ্ৰী আছিল ৫.৫০ টকাৰ কোৰিয়ান বেংক নোট । তেওঁ ডাঙৰ হৈ অহাৰ লগে লগে প্ৰাচীন সামগ্ৰীবোৰৰ প্ৰতিও তেওঁৰ আগ্ৰহ বাঢ়ি আহিল । তেওঁৰ ভাতৃ অমৰেন্দ্ৰ আৰু সত্যব্ৰত মিশ্ৰাইও তেওঁক এই ক্ষেত্ৰত উৎসাহিত কৰিছিল ।

কম সময়ৰ ভিতৰতে তেওঁ মুদ্ৰা শাস্ত্ৰ আৰু ডাক টিকট সংগ্ৰহৰ পৃথিৱীত ডুব গৈছিল । মাহৰ পিছত মাহ আৰু বছৰৰ পিছত বছৰ ধৰি তেওঁ এই সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিলে । আজি তেওঁৰ ঘৰটো ৩,০০০ তকৈও অধিক পৌৰাণিক মুদ্ৰা, ১৭১ খন দেশৰ ১,৩০০ বেংক নোট, ৬৭ টা ভিণ্টেজ ৰেডিঅ' আৰু ৬৫ টা বিৰল ডাক টিকট আৰু খামৰ সৈতে এক বিশেষ আৰ্কাইভ হৈ পৰিছে ।

Hector Mishra creates mini museum at home
মিশ্ৰই সংগ্ৰহ কৰা পুৰণি মুদ্ৰা (ETV Bharat)
  • প্ৰতিটো যুগৰ মুদ্ৰা

সংগ্ৰহালয়টোত মিশ্ৰাৰ আটাইতকৈ প্ৰিয় মুদ্ৰাবোৰৰ ভিতৰত আছে আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ সময়ৰ মুদ্ৰা আৰু মৌৰ্য সাম্ৰাজ্য, নন্দা ৰাজবংশ, কুশান সাম্ৰাজ্য আৰু শ্বেৰ শ্বাহ সূৰী, আকবৰ আৰু ঔৰঙ্গজেবৰ দৰে শাসকসকলৰ দিনৰ মুদ্ৰা । তাৰ ভিতৰত ৰাজ শাসন, মোগল যুগ আৰু ঔপনিৱেশিক ভাৰতৰ মুদ্ৰাও আছে ।

তেওঁৰ ওচৰত থকা কিছুমান পুৰণি মুদ্ৰা ২,০০০ বছৰতকৈও অধিক পুৰণি । তেওঁ এই সংগ্ৰহৰ ওপৰত গৌৰৱ কৰি কয়, "মোৰ প্ৰতিটো মুদ্ৰাৰ এটা কাহিনী আছে - ইয়াৰ শাসক, সমাজ, অৰ্থনীতি আৰু সেই সময়ৰ সংস্কৃতিৰ ওপৰত ।"

Hector Mishra creates mini museum at home
মিশ্ৰই সংগ্ৰহ কৰা পুৰণি বেংক নোট (ETV Bharat)
  • বেংক নোটৰ পৃথিৱী

মিশ্ৰাৰ ১৭১ খন দেশৰ বেংক নোট আছে, য'ত কিছুমান বিৰল আৰু ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ মুদ্ৰা নোট আছে । অষ্ট্ৰেলিয়াত জাৰী কৰা বিশ্বৰ প্ৰথম প্লাষ্টিক মুদ্ৰা নোটৰ দৰে; চীনৰ আটাইতকৈ সৰু বেংক নোট, স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম বেংক নোট যাক ১৯৪৮ চনত ছপা কৰা হৈছিল; ১৯৫০ চনৰ এক বিৰল ১০০ টকীয়া নোট আৰু ১৯৫৫ চনৰ ১০ টকাৰ নোট আৰু ইষ্ট ইণ্ডিয়া কোম্পানী যুগৰ ২০ খন বেংক নোট ।

এই সন্দৰ্ভত তেওঁ কয়, "মই বিশ্বাস কৰো যে বাস্তৱ শিল্পকলাতকৈ আমাক একোৱেই ইতিহাস ভালদৰে শিকিবলৈ সক্ষম কৰিব নোৱাৰে । বেংক নোট হৈছে তেওঁলোকৰ সময়ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ বৰ্ণনা কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় ।"

Hector Mishra creates mini museum at home
মিশ্ৰই সংগ্ৰহ কৰা পুৰণি বেংক নোট (ETV Bharat)
  • ভিণ্টেজ সামগ্ৰী সংৰক্ষণ

মিশ্ৰাৰ ভিণ্টেজ যোগাযোগ সঁজুলিৰ প্ৰতিও আগ্ৰহ আছে । তেওঁ ৬৭ টা বিভিন্ন প্ৰকাৰৰ পুৰণি ৰেডিঅ'ৰ গৰাকী । যাৰ ভিতৰত আছে মাৰ্কনি, ভিক্টৰ, জেনিথ, গ্ৰুণ্ডিগ, চনি, মাৰ্ফি, ফিলিপচ আৰু মট'ৰোলাৰ দৰে ব্ৰেণ্ডৰ বিৰল মডেল । কিন্তু তেওঁৰ ব্যক্তিগত প্ৰিয় হৈছে নৌ অভিযানত ব্যৱহৃত চাবমেৰিন ৰেডিঅ' ।

তেওঁ নেশ্যনেল পেনাছনিকৰ দ্বাৰা নিৰ্মিত সৰ্ববৃহৎ ৰেডিঅ'ৰ গৌৰৱান্বিত গৰাকী, যি হৈছে ৰেডিঅ' সম্প্ৰচাৰৰ সোণালী যুগৰ এক স্মৃতি । ইয়াৰ উপৰিও তেওঁৰ ওচৰত ৬৫ টা পুৰণি ডাক টিকট আৰু খাম আছে । যিবোৰ ১৮৪৫ৰ পৰা ১৮৯৮ চনৰ ভিতৰত ।

তেওঁ কয়, "এই সামগ্ৰীবোৰে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে যোগাযোগ কেনেদৰে হৈছিল তাৰ আভাস দিয়ে ।" আনকি ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত জাৰী কৰা প্ৰথম ডাক পত্ৰৰ গৰাকীও তেওঁ ।

Hector Mishra creates mini museum at home
মিশ্ৰই সংগ্ৰহ কৰা পুৰণি ডাক টিকট (ETV Bharat)
  • পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ অভিযান

মিশ্ৰাই সমগ্ৰ ওড়িশা আৰু তাৰ বাহিৰতো প্ৰদৰ্শনীৰ আয়োজন কৰি আহিছে । য'ত তেওঁ লোকসকলক, বিশেষকৈ শিক্ষাৰ্থীসকলক ইতিহাসৰ বিষয়ে শিক্ষিত কৰিবলৈ তেওঁৰ প্ৰাচীন সামগ্ৰী প্ৰদৰ্শন কৰে । অল ওড়িশা ফিলেটেলিক আৰু নিউমিচমেটিক এছ'চিয়েচনৰ সদস্য হিচাপে তেওঁ অন্যান্য প্ৰাচীন সংগ্ৰাহকৰ সৈতেও একেলগে কাম কৰে যাতে যুৱ প্ৰজন্মৰ মাজত সজাগতাৰ সৃষ্টি হয় ।

মিশ্ৰই কয়, "আমাৰ যুৱ প্ৰজন্মই ইতিহাসৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছে । মই শিক্ষাৰ্থীসকলৰ মাজত কৌতূহল সৃষ্টি কৰিব বিচাৰো যাতে তেওঁলোকে অতীতৰ মাজেৰে যাবলৈ অনুপ্ৰাণিত হয় । আমি কেনেকৈ ইতিহাস সংৰক্ষণ কৰো সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে ।"

২০১৭ চনত মিশ্ৰক দিল্লীত কাগজৰ নোট সংগ্ৰহৰ বাবে সৰ্বভাৰতীয় নিউমিচমেটিক এছ'চিয়েচনৰ সৰ্বোচ্চ বঁটা প্ৰদান কৰা হৈছিল । মিশ্ৰৰ বাবে সংগ্ৰহ কৰাটো কেৱল বিৰল বস্তুৰ গৰাকী হোৱাই নহয় উত্তৰাধিকাৰ সংৰক্ষণৰ এক প্ৰয়াস ।

Hector Mishra creates mini museum at home
মিশ্ৰই সংগ্ৰহ কৰা পুৰণি বেংক নোট (ETV Bharat)

তেওঁ কয়, "মোৰ সংগ্ৰহৰ প্ৰতিটো নিদর্শন ইতিহাসৰ এক অংশ । মই আশা কৰো যে মোৰ কামৰ জৰিয়তে যুৱ প্ৰজন্মই ইতিহাসৰ গুৰুত্ব বুজি পাব আৰু ইয়াক সংৰক্ষণ কৰিবলৈ আগ্ৰহী হ'ব ।"

লগতে পঢ়ক :দ্বৈত নিয়ন্ত্ৰণত অসম ৰাইফলছ; প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ হস্তক্ষেপৰ আহ্বান - ASSAM RIFLES