ETV Bharat / bharat

এন এছ জিৰ বেষ্টনী নাথাকিব সৰ্বানন্দ সোণোৱালৰ

সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা ৷ অহা মাহৰ পৰা নাথাকিব এন এছ জিৰ "ব্লেক কেট" বাহিনী ৷

NSG will be withdrawn from Sarbananda Sonowal
এন এছ জিৰ বেষ্টনী নাথাকিব সৰ্বানন্দ সোণোৱালৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 17, 2024 at 3:24 PM IST

|

Updated : October 17, 2024 at 5:44 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 17 অক্টোবৰ: সৰ্বানন্দ সোণোৱালৰ সোঁৱে-বাৱে আৰু দেখা পোৱা নাযাব ক'লা বসনধাৰী দেশৰ দুৰ্ধৰ্ষ নিৰাপত্তা বাহিনী বুলি পৰিচিত এন এছ জিৰ বেষ্টনী ৷ কেৱল সোণোৱালেই নহয়, দেশৰ ৰাজনীতিত অতিকৈ চৰ্চিত ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাক যোৱা দীঘলীয়া সময়ছোৱাত এন এছ জিয়ে নিৰাপত্তা দি আহিছিল ৷

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ উপৰিও এন এছ জিৰ এই Z+ নিৰাপত্তা লাভ কৰি অহা বাকী ৮ গৰাকী নেতা হ'ল প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানী, জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা, উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে যোগী আদিত্যনাথ আৰু মায়াৱতী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰমন সিং, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু জম্মু কাশ্মীৰৰ আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নৱী আজাদ ৷

কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে ভি আই পিৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এন এছ জিক প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইয়াক কাৰ্যকৰী কৰিবলৈ সাজু হৈছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ এক শীৰ্ষ সুত্ৰই জানিবলৈ দিয়া মতে আগন্তুক মাহৰ পৰাই দেশৰ এই ৯ গৰাকী ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰ দায়িত্বত থকা এন এছ জিৰ "ব্লেক কেট" বাহিনী প্ৰত্যাহাৰ কৰা হ'ব ৷

এতিয়াৰে পৰা এন এছ জিৰ Z+ নিৰাপত্তাৰ পৰিবৰ্তে এই ৯ গৰাকী নেতাৰ নিৰাপত্তাৰ দায়িত্বত থাকিব চি আৰ পি এফৰ বিশেষ কামাণ্ডো বাহিনী ৷ চি আৰ পি এফৰ বিশেষ কামাণ্ডোৰ Z+ বেষ্টনীৰ মাজত দেখা যাব এই ৯ গৰাকী ভি আই পিক ৷ উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে সৰ্বানন্দ সোণোৱালে লাভ কৰি আহিছে এন এছ জিৰ Z+ নিৰাপত্তা ৷

মন কৰিবলগীয়া যে ১৯৮৬ চনত পাঞ্জাৱৰ স্বৰ্ণ মন্দিৰত খালিস্থানী উগ্ৰপন্থীৰ বিৰুদ্ধে ভাৰত চৰকাৰে চলাইছিল অপাৰেচন ব্লুষ্টাৰ ৷ সেই সময়তে ১৯৮৬ চনৰ ১৬ অক্টোবৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত দেশত গঠন কৰা হৈছিল নেছনেল ছিকিউৰিটি গাৰ্ড চমুকৈ এন এছ জিক ৷ এন এছ জি গঠনৰ মূল উদ্দেশ্য কোনো ভি আই পি ৰাজনৈতিক নেতাক নিৰাপত্তা দিয়াটো নাছিল, মূল উদ্দেশ্য আছিল পণবন্দী উদ্ধাৰ, কাউণ্টাৰ হাইজেক অভিযান আদিৰ বাবে এই বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত বাহিনীটোক ব্যৱহাৰ কৰা ৷ কিন্তু পৰৱৰ্তী সময়ত একাংশ ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এন এছ জিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে যদিও অহা মাহৰ পৰা দেশৰ কোনো ভি আই পি ৰাজনৈতিক নেতা বা মন্ত্ৰীৰ লগত দেখা নাযাব এন এছ জিৰ বেষ্টনী ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱস: ইয়াৰ ইতিহাস, তাৎপৰ্য আৰু কাৰ্যকলাপ

Last Updated : October 17, 2024 at 5:44 PM IST