উত্তৰ-পূব ভাৰত অভূতপূৰ্ব উন্নতিৰ সাক্ষী হৈছে: প্ৰধানমন্ত্ৰী
ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ ছামিটত উত্তৰ-পূৰ্বাঞ্চলৰ অভূতপূৰ্ব অগ্ৰগতিৰ বিষয়ে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

By PTI
Published : May 23, 2025 at 5:35 PM IST
নতুন দিল্লী: শুকুৰবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ থকা ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ ছামিটত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই সন্মিলনতে উত্তৰ-পূব ভাৰত সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
তেওঁ কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব অগ্ৰগতিৰ সাক্ষী হৈ আছে আৰু চৰকাৰে নিজৰ এই কাৰ্য ত্বৰান্বিত কৰিবলৈ সদায় দৃঢ়প্ৰতিজ্ঞ ।’’
ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টাৰ্ছ ছামিটত ভাষণ দি তেওঁ লগতে কয় যে উত্তৰ-পূবৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ শক্তি আৰু এই অঞ্চলটো বৃদ্ধিৰ অগ্ৰণী হিচাপে আত্মপ্ৰকাশ কৰিছে ।
দুদিনীয়া অনুষ্ঠানটো উদ্বোধন কৰি তেওঁ কয়, "উত্তৰ-পূব অঞ্চলত অভূতপূৰ্ব অগ্ৰগতি দেখা গৈছে । ইয়াৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ এই কাৰ্যসূচীত ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, আমোলা, কূটনীতিবিদ আদিয়ে অংশগ্ৰহণ কৰিছে ।’’
Addressing the North East Rising Summit in Delhi. The region is witnessing unprecedented progress. We are determined to accelerate its growth story. https://t.co/Az6CDuMIEp
— Narendra Modi (@narendramodi) May 23, 2025
এই উদ্বোধনী অধিৱেশনত মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালাকে ধৰি শীৰ্ষ উদ্যোগীসকলেও অংশগ্ৰহণ কৰে ।
Team North East with our Captain Adarniya Shri @narendramodi ji. pic.twitter.com/Lncl75os17
— Himanta Biswa Sarma (@himantabiswa) May 23, 2025
মোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ বাবে EAST মানে - "Empower, Act, Strengthen and Transform." X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীৰ এই কথা উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘‘এটা সময়ত উত্তৰ-পূবক কেৱল সীমান্ত বুলি কোৱা হৈছিল, এতিয়া ই উন্নতিৰ শীৰ্ষ হৈ পৰিছে ৷’’
Once neglected, the North East is now the powerhouse of growth, enabled by growing infrastructure in the region.
— Himanta Biswa Sarma (@himantabiswa) May 23, 2025
From Sela Tunnel to Dr Bhupen Hazarika Setu & much more, connectivity has reached new heights in a decade.
Adarniya @narendramodi ji at #RisingNortheast Summit. pic.twitter.com/DthYfC0tCg
তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চল পূৰ্বতে বোমা, বন্দুক আৰু অৱৰোধৰ সমাৰ্থক আছিল, যিয়ে তাত থকা যুৱক-যুৱতীসকলৰ পৰা বহু সুযোগ কাঢ়ি লৈ গৈছিল । বৰ্তমান উত্তৰ-পূবৰ ১০ হাজাৰৰো অধিক যুৱকে যোৱা দশকত হিংসাৰ পথ ত্যাগ কৰিছে বুলিও তেওঁ কয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে শূন্য সহনশীলতা নীতি মানি চলে, সেয়া সন্ত্ৰাসবাদেই হওক বা নক্সালবাদেই হওক ।
উল্লেখ্য যে, উত্তৰ-পূব অঞ্চলক সুযোগৰ দেশ হিচাপে উজ্জ্বল কৰি তোলা, বিশ্ব আৰু ঘৰুৱা বিনিয়োগক আকৰ্ষণ কৰা আৰু মূল অংশীদাৰ, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকলক একক মঞ্চত একত্ৰিত কৰাৰ লক্ষ্যৰে এই সন্মিলন আয়োজন কৰা হৈছে বুলি বিষয়াসকলে জনায় ।
এই সন্মিলনত মন্ত্ৰী অধিৱেশন, ব্যৱসায়ৰ পৰা চৰকাৰলৈ অধিৱেশন, ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ বৈঠক, ষ্টাৰ্ট আপ আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে বিনিয়োগ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা নীতি আৰু আনুষংগিক পদক্ষেপসমূহৰ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
বিনিয়োগ প্ৰসাৰৰ মূল কেন্দ্ৰবিন্দু খণ্ডসমূহৰ ভিতৰত আছে পৰ্যটন আৰু আতিথ্য, কৃষি খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সংশ্লিষ্ট খণ্ড, বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প, স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি সক্ষম সেৱা, আন্তঃগাঁথনি আৰু লজিষ্টিক, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়া ৷

