ETV Bharat / bharat

কৱচ ৪.০ৰ অধীনত সামৰি লোৱা হ’ব উত্তৰ-পূব সীমান্ত ৰে’লৱে : ৰে’ল মন্ত্ৰী - NF Railways

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 8:59 PM IST

Indian Railway : ৰে'ল মন্ত্ৰালয়ে যোৱা কেইবা বছৰ ধৰি কৱচ সুৰক্ষা স্থাপন প্ৰণালীৰ ওপৰত কাম কৰি আছে । ই ৰে’লৰ বাবে এক স্বদেশীভাৱে ডিজাইন কৰা সংঘৰ্ষ-বিৰোধী সঁজুলি । ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কৱচ ৪.০ যোৱা সপ্তাহত অনুমোদিত হৈছিল ।

INDIAN RAILWAY KAVACH
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সংবাদমেল (ETV BHARAT)

নেশ্যনেল ডেস্ক, 24 জুলাই : উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উন্নয়ন আৰু সংযোগৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ বাকী অংশৰ সমপৰ্যায়ত বহু বেছি মনোযোগ দিছে বুলি পুনৰ উল্লেখ কৰি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে কয় যে অনাগত দিনত ৰে'ল মন্ত্ৰালয়ৰ "কৱচ 4.0" (Kavach 4.0) সুৰক্ষা প্ৰকল্পৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে'লৱে (NFR) অঞ্চলসমূহ সামৰি লোৱা হ'ব ৷

বৈষ্ণৱে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয়- "উত্তৰ-পূব সীমান্ত ৰে'লৱে (NFR) জ’নৰ অধীনত অহা সকলো ৰে'লপথ অনাগত দিনত ৰে'ল মন্ত্ৰালয়ৰ "কৱচ 4.0" সুৰক্ষা প্ৰকল্পৰ অধীনত সামৰি লোৱা হ'ব ৷"

তেওঁ কয় যে কৱচ 4.0 যোৱা সপ্তাহত অনুমোদিত হৈছিল ৷ এই কৱচ সুৰক্ষা প্ৰণালীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহকে ধৰি সকলো অঞ্চল সামৰি ল'ব ৷ কৱচ হৈছে ৰে’লৰ বাবে এক স্বদেশীভাৱে ডিজাইন কৰা সংঘৰ্ষ-বিৰোধী সঁজুলি (Anti-collision Device) ৷ এতিয়ালৈকে, ৰে'লৱেৰ 68,000 ৰো অধিক আৰ কে এমৰ 1465 টা পথ কিঃমি (আৰ কে এম)ত কৱচ কভাৰেজ আছে ৷

উল্লেখযোগ্য যে গুৱাহাটীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় ৰে’লৱেৰ 19 টা ৰে’লৱে জ’নৰ ভিতৰত এন এফ আৰ অন্যতম ৷ উত্তৰ-পূবৰ সকলো ৰাজ্য আৰু পূব বিহাৰ আৰু উত্তৰ পশ্চিম বংগৰ কিছু জিলাত ৰে’ল নেটৱৰ্ক পৰিচালনা আৰু সম্প্ৰসাৰণৰ বাবে ইয়াৰ দায়িত্ব আছে ৷

যোৱা কেইমাহমানত কেবাটাও ৰে'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচত কৱচ প্ৰণালী স্থাপন কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে, যাৰ ভিতৰত আছে শেহতীয়া কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনা য'ত 17 জুনত নিউ জলপাইগুৰিৰ ওচৰত বহুলোক আহত হোৱাৰ উপৰিও কমেও 10 জন লোকৰ মৃত্যু হৈছিল ৷

উত্তৰ-পূবৰ পৰিস্থিতি অনন্য বুলি স্বীকাৰ কৰি বৈষ্ণৱে কয় যে ভাৰতীয় ৰে'লৱেই কৱচ সুৰক্ষা ব্যৱস্থা স্থাপনৰ সকলো কাৰক বিবেচনা কৰিব ৷

বৈষ্ণৱে কয়- "নৰেন্দ্ৰ মোদী চৰকাৰ শাসনলৈ অহাৰ পিচৰে পৰা আমি 2016 চনৰ পৰা কৱচ ব্যৱস্থাৰ ওপৰত কাম কৰা আৰম্ভ কৰিছো ৷ 2019 চনত এই সুৰক্ষা ব্যৱস্থাবোৰ প্ৰমাণিত হৈছিল আৰু যোৱা সপ্তাহত আমি কৱচ 4.0ত অনুমোদন জনাইছিলো ৷ আমি দ্ৰুতগতিত প্ৰণালীটো আৰম্ভ কৰিবলৈ ইয়াৰ ওপৰত কাম কৰি আছো ৷"

ৰে'ল মন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰে'ল কাৰ্যকলাপৰ বাবে 10,376 কোটি টকা আৱণ্টন দিয়া হৈছে ৷ বৈষ্ণৱৰ মতে, 2024-25 চনৰ বাবে মুঠ বাজেট আবণ্টনৰ 2,55,393 কোটি টকাৰ ভিতৰত 40 শতাংশতকৈ অধিক ধন কৱচ স্থাপনকে ধৰি ৰে’লৱেৰ সুৰক্ষা বৃদ্ধিৰ দিশত ব্যৱহাৰ কৰা হ’ব ৷ তেওঁ কয় যে বৰ্তমান উত্তৰ-পূবত 74,972 কোটি টকাৰ 18 টা ৰে’ল প্ৰকল্প আছে যিয়ে 1,368 কিলোমিটাৰ দৈৰ্ঘ্য সামৰি লৈছে ৷

লগতে পঢ়ক : বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.