ইলেক্টৰেল বণ্ড আঁচনি বাতিলে অধিক স্বচ্ছ কৰিব নিৰ্বাচনী প্ৰক্ৰিয়া: অমৰ্ত্য সেন
Supreme Court on Electoral Bond: নোবেল বঁটা বিজয়ী তথা অৰ্থনীতিবিদ অমৰ্ত্য সেনে ইলেক্টৰেল বণ্ড আঁচনি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে । সেনে কয় যে এই পদক্ষেপে জনসাধাৰণৰ মাজত অধিক স্বচ্ছতাৰ সুবিধা প্ৰদান কৰিব ।


Published : February 26, 2024 at 11:18 AM IST
নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: বিশিষ্ট অৰ্থনীতিবিদ তথা নোবেল বঁটা বিজয়ী অমৰ্ত্য সেনে সোমবাৰে উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড আঁচনি বাতিল কৰাৰ শেহতীয়া ৰায়ক আদৰণি জনাই ইয়াক কেলেংকাৰী বুলি অভিহিত কৰে ।
আমেৰিকাৰ মেছাচুচেটছৰ পৰা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সেনে কয় যে এই পদক্ষেপে নিৰ্বাচনী প্ৰেক্ষাপটত মানুহৰ মাজত অধিক স্বচ্ছতাৰ সূচনা কৰিব । "ইলেক্টৰেল বণ্ড এটা কেলেংকাৰী আছিল আৰু মই আনন্দিত যে এতিয়া সেইবোৰ বাদ দিয়া হৈছে । নিৰ্বাচনী প্ৰেক্ষাপটত মানুহে ইজনে সিজনক যি সমৰ্থন দিয়ে তাত অধিক স্বচ্ছতা থাকিব বুলি আশা কৰিলোঁ ।’’ সেনে কয় ।
এক গুৰুত্বপূৰ্ণ ৰায়দানত উচ্চতম ন্যায়ালয়ে চলিত মাহৰ আৰম্ভণিতে ইলেক্টৰেল বণ্ড আঁচনিখন বাতিল কৰি বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সাংবিধানিক অধিকাৰৰ লগতে তথ্যৰ অধিকাৰ উলংঘা কৰাৰ কথা উল্লেখ কৰে ।
উচ্চতম ন্যায়ালয়ে ভাৰতীয় ষ্টেট বেংকক ৰাজনৈতিক দলসমূহে নগদ ধনলৈ অনা প্ৰতিটো ইলেক্টৰেল বণ্ডৰ সবিশেষ নিৰ্বাচন আয়োগক প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে । এই তথ্যত নগদ ধনৰ গ্ৰহণৰ তাৰিখ আৰু বণ্ডৰ মূল্য অন্তৰ্ভুক্ত হ’ব লাগে আৰু ৬ মাৰ্চৰ ভিতৰত প’ল পেনেলত তথ্য দাখিল কৰিব লাগে ।
সেনৰ মতে, ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত ৰাজনীতিৰ স্বৰূপে যথেষ্ট প্ৰভাৱ পেলাইছে, যাৰ ফলত সাধাৰণ জনতাৰ কথা শুনিবলৈ অসুবিধা হৈছে । তেওঁ কয় যে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা দলীয় ৰাজনীতিৰ প্ৰকৃতিৰ বাবে বহুখিনি প্ৰভাৱিত হৈছে, যাৰ বাবে সাধাৰণ লোকে নিৰ্বাচনত যি শুনানি পাব লাগে সেই শুনানি পোৱাটো অতি কঠিন হৈ পৰিছে ।
‘‘বিৰোধী দলৰ প্ৰতি চৰকাৰে কেনে ব্যৱহাৰ কৰে তাৰেই প্ৰভাৱ পৰিছে দেশৰ নিৰ্বাচনী ব্যৱস্থাত । বিৰোধী দল আৰু চৰকাৰে নিষেধাজ্ঞাৰ অধীনত ৰাখিব বিচৰা দলসমূহৰ সৈতে কৰা ব্যৱহাৰৰ দ্বাৰা ই প্ৰভাৱিত হৈছে । আমি নাগৰিকৰ বাক আৰু কাৰ্যৰ স্বাধীনতাৰ উপৰিও যিমান পাৰি মুক্ত নিৰ্বাচনী ব্যৱস্থা বিচাৰো ।’’ সেনে লগতে কয় ৷
সেনে জোৰ দি কয়, ‘‘ভাৰতীয় সংবিধানে সকলো নাগৰিককে যথেষ্ট ৰাজনৈতিক স্বাধীনতা দিব বিচাৰিছিল আৰু কোনো বিশেষ সম্প্ৰদায়ে বিশেষ সুবিধাপ্ৰাপ্ত স্থান লাভ কৰাটো নিবিচাৰে ।’’ প্ৰসংগক্ৰমে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমেও উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ড আঁচনিখন বন্ধ কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰি কয় যে এয়া স্বচ্ছতাৰ বাবে এক বৃহৎ জয় ।
লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ে কিয় বাতিল কৰিলে নিৰ্বাচনী বণ্ড আঁচনি ?

