ETV Bharat / bharat

আহমেদাবাদ ট্ৰেজেদি; এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ বিমানত কোনো ডাঙৰ ত্ৰুটি ধৰা পৰা নাই : DGCA

DGCA-এ এয়াৰ ইণ্ডিয়াত ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি বিমান সংস্থাটোক নিজৰ বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে ।

No Major Safety Concerns Found During Air India's Boeing 787 Fleet Surveillance: DGCA
এয়াৰ ইণ্ডিয়াৰ বিমান (ANI)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 8:14 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ১২ জুনৰ বিয়লি সংঘটিত হ’ল কাহানিও পাহৰিব নোৱৰা এক বিমান দুৰ্ঘটনা ৷ এই অঘটনৰ কথা ভাবিলে আজিও কঁপি উঠে বুকু ৷ এই বিমান দুৰ্ঘটনাৰ ফলত বহুতে হেৰুৱালে আপোনজনক, শুদা হ’ল বহু মাতৃৰ হৃদয় ৷

পিছে সকলোৰে মনত এটাই প্ৰশ্ন- আচলতে কি হৈছিল সেই অভিশপ্ত বিমানখনত ? তদন্তকাৰী দলসমূহে এফালৰ পৰা কৰি গৈছে তদন্ত ৷ জানিব পৰা মতে, আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ বিমানৰ শেহতীয়া পৰিদৰ্শনত সুৰক্ষাৰ ক্ষেত্ৰত কোনো ডাঙৰ ত্ৰুটি ধৰা পৰা নাই ৷ মঙলবাৰে এই কথা প্ৰকাশ কৰে বিমান নিয়ন্ত্ৰক ডিজিচিএই (DGCA) ।

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছতে এয়াৰ ইণ্ডিয়াই নিৰাপত্তাজনিত কাৰণত ১২ জুনৰ পৰা ১৭ জুনৰ ভিতৰত বয়িং ৭৮৭ বিমানেৰে চলাচল কৰা মুঠ ৬৬খন বিমান বাতিল কৰিছিল ৷ যাৰ ফলত উদ্বেগ বৃদ্ধি পাইছিল ।

DGCA-এ এক বিবৃতিত কয়, "এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ বহৰত শেহতীয়া পৰিদৰ্শনত সুৰক্ষাজনীত কোনো ডাঙৰ ক্ৰতিৰ তথ্য পোহৰলৈ অহা নাই । বিমান আৰু আনুষংগিক ৰক্ষণাবেক্ষণ ব্যৱস্থাসমূহ প্ৰচলিত সুৰক্ষা মানদণ্ডৰ সৈতে মিল থকা দেখা গৈছে ।" অৱশ্যে DGCA-এ এয়াৰ ইণ্ডিয়াত ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰি বিমান সংস্থাটোক নিজৰ বিভাগসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : পাইলটৰ শেষ বাৰ্তা... ঠেলিব পৰা নাই...তললৈ গৈছে; দুৰ্ঘটনাৰ তদন্তৰ বাবে সমিতি গঠন

লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যুক জিনা ছাত্ৰই ক'লে কেনেদৰে পৰিছিল জীৱন ৰক্ষা

DGCA-এ প্ৰকাশ কৰা অনুসৰি ১২ জুনৰ পৰা ১৭ জুনৰ ভিতৰত এয়াৰ ইণ্ডিয়াই বয়িং ৭৮৭ বিমান ব্যৱহাৰ কৰি চলাবলগীয়া ৬৬খন বিমান বাতিল কৰিছিল । এই সময়ছোৱাত বিমান সংস্থাটোৱে বি৭৮৭ (B787) বিমানেৰে ২৪৮ খন বিমান চলাইছিল ।

ৰক্ষণাবেক্ষণ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবে DGCA-এ টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থাসমূহক কিছুমান নিৰ্দেশনা জাৰি কৰিছে । বিবৃতিটোত কোৱা হৈছে, ‘‘বিমান সংস্থাটোক অভিযান্ত্ৰিক, পৰিচালনা, গ্ৰাউণ্ড হেণ্ডলিং ইউনিটসমূহৰ মাজত আভ্যন্তৰীণ সমন্বয় শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু এনে সমস্যাৰ বাবে বিমান উৰণত পলম হোৱা কাৰকবোৰ নিশ্চিত কৰিবলৈ আৰু নিয়মসমূহ কঠোৰভাৱে মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে ।’’

প্ৰতিবেদন অনুসৰি, DGCA-এ কাৰ্যকৰী আৰু সুৰক্ষা সম্পৰ্কীয় বিভাগসমূহলৈ সময়মতে আপডেট নিশ্চিত কৰিবলৈ অধিক পদ্ধতিগত আৰু বাস্তৱ সময়ৰ দোষ প্ৰতিবেদন ব্যৱস্থা ৰূপায়ণৰ পৰামৰ্শও দিছে ।

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াই বৰ্তমান ৩৩খন বয়িং ৭৮৭-৮ আৰু ৭৮৭-৯ বিমান চলাই আছে; আৰু একেলগে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে দৈনিক ১০০০ৰো অধিক বিমান চলা-চল কৰাই আছে ।

আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত DGCA-এ ৭৮৭খন বিমানৰ তদন্তৰ নিৰ্দেশ দিছিল । মঙলবাৰে DGCA-এ এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ উচ্চপদস্থ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকতো মিলিত হয় ।

লগতে পঢ়ক : অৱশেষত উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানৰ ককপিট ভইচ ৰেকৰ্ডাৰ

লগতে পঢ়ক : আহমেদাবাদৰ বিমান ট্ৰেজেডি : ৮০টা DNA-ৰ নমুনা মিল, আত্মীয়ৰ হাতত অৰ্পণ ৪৭টা মৃতদেহ