এন আই আৰ এফ ২০২৫: একেৰাহে সপ্তমবাৰৰ বাবে শীৰ্ষস্থানত উজলিল আই আই টি মাদ্ৰাজ
দেশৰ ১ নম্বৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠান হিচাপে স্থান লাভ আই আই এছ, বেংগালুৰুৰ । মহাবিদ্যালয়ৰ শীৰ্ষস্থানত হিন্দু কলেজ ।

Published : September 4, 2025 at 2:49 PM IST
নতুন দিল্লী: শিক্ষা মন্ত্ৰালয়ৰ নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক(NIRF) ২০২৫ত শীৰ্ষস্থান দখল কৰিছে আই আই টি মাদ্ৰাজে । বৃহস্পতিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত এক লাইভ অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে NIRF ৰেংকিং ঘোষণা কৰে ।
বিশ্ববিদ্যালয়সমূহৰ ভিতৰত আই আই এছ চি বেংগালুৰুৱে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু কলেজে মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে । আই আই এছ চি বেংগালুৰু শীৰ্ষ ৰেংকিং গৱেষণা প্ৰতিষ্ঠান আৰু আই আই এম আহমেদাবাদ দেশৰ শীৰ্ষ বি-স্কুল । স্থাপত্য আৰু পৰিকল্পনাত আই আই টি ৰুৰকীয়ে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে মুক্ত বিশ্ববিদ্যালয়ৰ ভিতৰত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU) শীৰ্ষ স্থানত আছে ।
সামগ্ৰিক ৰেংকিং :
আই আই টি মাদ্ৰাজ
আই আই এছ, বেংগালুৰু
আই আই টি বোম্বে
আই আই টি দিল্লী
আই আই টি কানপুৰ
আই আই টি খড়গপুৰ
আই আই টি ৰুৰকী
এইমছ, দিল্লী
জে এন ইউ, নতুন দিল্লী
বেনাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰাণসী
ইঞ্জিনিয়াৰিঙৰ শীৰ্ষ প্ৰতিষ্ঠান
আই আই এছ, বেংগালুৰু
জে এন ইউ, নতুন দিল্লী
মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্যন, মণিপাল
জামিয়া মিলিয়া ইছলামিয়া, নতুন দিল্লী
দিল্লী বিশ্ববিদ্যালয়, নতুন দিল্লী
বেনাৰস হিন্দু বিশ্ববিদ্যালয়, বাৰাণসী
বিৰলা ইনষ্টিটিউট অৱ টেকন'লজি এণ্ড ছায়েন্স -পিলানি
অমৃত বিশ্ব বিদ্যাপীথম, কইম্বাটুৰ
যাদৱপুৰ বিশ্ববিদ্যালয়, কলকাতা
আলিগড় মুছলিম বিশ্ববিদ্যালয়, আলিগড়
শীৰ্ষ ১০ খন মহাবিদ্যালয় :
হিন্দু কলেজ
মিৰাণ্ডা হাউচ
হন্সৰাজ কলেজ
কিৰোৰিমল কলেজ
ছেইণ্ট ষ্টিফেন্স কলেজ
ৰামকৃষ্ণ মিছন বিবেকানন্দ চেণ্টিনেৰী কলেজ
আত্মাৰাম সনাতন ধৰ্ম মহাবিদ্যালয়
ছেইণ্ট জেভিয়াৰ্ছ কলেজ
পি এছ জি আৰ কৃষ্ণমল কলেজ ফৰ উইমেন
পি এছ জি কলেজ অৱ আৰ্টছ এণ্ড ছায়েন্স
শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে আলোকপাত কৰে যে শেহতীয়া চৰকাৰী আঁচনিসমূহে সমগ্ৰ উচ্চ শিক্ষানুষ্ঠানসমূহত উদ্ভাৱনক প্ৰসাৰিত আৰু পাঠদানৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । সুকান্ত মজুমদাৰে লগতে কয়, "ওৱান নেশ্যন-ওৱান চাবস্ক্ৰিপচন, গ্ল'বেল ইনিচিয়েটিভ ফৰ একাডেমিক নেটৱৰ্ক আৰু স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ দৰে আঁচনিসমূহে মানসম্পন্ন পাঠদান আৰু উদ্ভাৱনক লাভান্বিত কৰিছে ।"
ভাৰতৰ সম্প্ৰসাৰিত উচ্চ শিক্ষাৰ পৰিৱেশ তন্ত্ৰক ধৰি ৰখা বিভিন্ন শিতানত এই ৰেংকিং প্ৰকাশ কৰা হৈছে । সামগ্ৰিক আৰু বিশ্ববিদ্যালয়ৰ তালিকাৰ উপৰিও NIRF এ অভিযান্ত্ৰিক, পৰিচালনা, চিকিৎসা, দন্ত চিকিৎসা, ফাৰ্মাচী, আইন, স্থাপত্য আৰু পৰিকল্পনা, গৱেষণা প্ৰতিষ্ঠান, মহাবিদ্যালয় আৰু উদ্ভাৱনৰ বাবে পৃথক ৰেংকিং প্ৰকাশ কৰে ।
ৰেংকিঙৰ পেৰামিটাৰ
NIRF ৰেংকিং ৫ টা পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয়:
শিক্ষকতা, শিক্ষণ আৰু সম্পদ (TLR): শিক্ষকৰ মানদণ্ড, ছাত্ৰ শিক্ষকৰ অনুপাত, আন্তঃগাঁথনি আৰু শিক্ষণ সম্পদৰ বিষয়ে বৰ্ণনা ।
গৱেষণা আৰু পেছাদাৰী পদ্ধতি (RP): গৱেষণাৰ ফলাফল, প্ৰকাশনৰ মানদণ্ড, পেটেণ্ট, পৰামৰ্শ আৰু পুঁজি গণনা কৰা হয় ।
স্নাতক ফলাফল (GO): ছাত্ৰ-ছাত্ৰীৰ সংস্থাপন, ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ অধ্যয়ন, স্নাতক হোৱা ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী পৰীক্ষাত তেওঁলোকৰ ফলাফল ।
আউটৰিচ এণ্ড ইনক্লুচিভিটি (OI): আঞ্চলিক বৈচিত্ৰ্য, লিংগ বিতৰণ আৰু বঞ্চিত গোটসমূহৰ অন্তৰ্ভুক্তিৰ মূল্যায়ন ।
ধাৰণা (PR): বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাবিদ, শৈক্ষিক সমনীয়া, নিয়োগকৰ্তা আৰু বিশাল জনসাধাৰণৰ মাজত সুনাম ।
এন আই আৰ এফ কিয় গুৰুত্বপূৰ্ণ ?
এই ৰেংকিঙৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে ক'ত নামভৰ্তি কৰিব সেয়া সিদ্ধান্ত লোৱাত সুবিধা হয় । শিক্ষক আৰু গৱেষকৰ বাবে ৰেংকিঙে সেই প্ৰতিষ্ঠানসমূহক সূচায় যিবোৰে সহায়ক গৱেষণাৰ বাবে এক অনুকূল পৰিৱেশ প্ৰদান কৰিব পাৰে আৰু পেছাদাৰী বিকাশৰ বাবে অভিজ্ঞতা থাকে । চৰকাৰৰ বাবে ৰেংকিঙে উচ্চ শিক্ষা ব্যৱস্থাত নীতি আৰু বিনিয়োগৰ প্ৰভাৱক সূচায় ।
ব্যক্তিগত খণ্ডৰ কথা ক'বলৈ গ'লে, নিযুক্তিৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱা হয় যে নিযুক্তি প্ৰদানকাৰী আৰু কোম্পানীসমূহে কেম্পাছ প্লেচমেণ্ট চলাবলৈ প্ৰতিষ্ঠানসমূহক চৰ্টলিষ্ট কৰিবলৈ NIRF ৰেংকিং ব্যৱহাৰ কৰে; ৰেংকিঙৰ নিয়োগযোগ্যতা আৰু কেৰিয়াৰৰ পথৰ বাবে যথেষ্ট প্ৰভাৱ আছে ।
২০২৪ চনৰ ১২ আগষ্টত NIRF ইণ্ডিয়া ৰেংকিং ঘোষণা কৰাৰ বিপৰীতে ২০২৩ চনত ৫ জুনত ঘোষণা কৰা হৈছিল । ২০২২, ২০২১ আৰু ২০২০ চনত ক্ৰমে ১৫ জুলাই, ৯ ছেপ্টেম্বৰ আৰু ১১ জুনত এই ৰেংকিং প্ৰকাশ কৰা হৈছিল ।
লগতে পঢ়ক :বেলাগাভীৰ 'জেইল স্কুল': কাৰাগাৰৰ পৰা জ্ঞানৰ কোঠালৈ - BELAGAVI JAIL SCHOOL

