ETV Bharat / bharat

নিমিশা প্ৰিয়া গোচৰ: মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতিৰ; মৃতকৰ ভাতৃৰ অস্বীকাৰ

২০১৭ চনৰ জুলাইত য়েমেনৰ এজন নাগৰিকক হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈছিল কেৰালাৰ কলেংগোডৰ প্ৰিয়া ।

NIMISHA PRIYA DEATH SENTENCE
য়েমেনত কাৰাবন্দী ভাৰতীয় নাগৰিক নিমিশা প্ৰিয়া (File photo) (ANI)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 10:18 AM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: য়েমেনত কাৰাবন্দী হৈ থকা ভাৰতীয় নাগৰিক নিমিশা প্ৰিয়াৰ মৃত্যুদণ্ড স্থগিত ৰখা হৈছে ! য়েমেনত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ভাৰতীয় নাৰ্ছগৰাকীক বুধবাৰে ফাঁচিৰ সময় নিৰ্ধাৰণ কৰা হৈছিল যদিও য়েমেন কৰ্তৃপক্ষই মৃত্যুদণ্ড স্থগিত ৰখা বুলি ভাৰতীয় গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ে দাবী কৰিছে ।

অৱশ্যে ইয়াৰ বিপৰীতে মৃত ব্যক্তিজনৰ ভাতৃ আব্দুল ফাত্তাহ মাহদীয়ে এই দাবী খণ্ডন কৰিছে । ছ’চিয়েল মিডিয়াত এটা পোষ্টত ফাত্তাহে কয় যে গ্ৰেণ্ড মুফতি কান্থাপুৰমৰ এ পি আবুবাকাৰ মুছলিয়াৰ (কেৰালাৰ এজন ইছলামিক নেতা)ৰ কাৰ্যালয়ে ফাঁচি বাতিল কৰাৰ বাবে চুক্তি হোৱা বুলি দিয়া বক্তব্যটো সম্পূৰ্ণ মিছা ।

তেওঁলোকৰ বিবৃতিত এ এন আইৰ মতে, আবুবাকাৰ মুছলিয়াৰৰ কাৰ্যালয়ে কয়, "পূৰ্বতে স্থগিত ৰখা নিমিশা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰা হৈছে । ছানাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত পূৰ্বে সাময়িকভাৱে স্থগিত ৰখা মৃত্যুদণ্ড সম্পূৰ্ণৰূপে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।" উল্লেখ্য়ে যে যোৱা ২০১৮ ৰ জুনত য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ৩৭ বছৰীয়া প্ৰিয়াক ১৬ জুলাইত ফাঁচি দিয়াৰ কথা আছিল । মৃত্য়ুদণ্ড দিয়াৰ সিদ্ধান্ত ২০২৩ৰ নৱেম্বৰত দেশখনৰ উচ্চতম ন্যায়িক পৰিষদে সমৰ্থন কৰিছিল ।

ফাত্তাহৰ মতে, "তেওঁলোকৰ অনুমতি অবিহনে পৰিৱেশন কৰা খবৰটো মিছা ।" ফাটাহে দাবী কৰিছে যে মুছলিয়াৰৰ সৈতে কোনে যোগাযোগ কৰিছিল আৰু এনে ভুৱা অভিযানৰ আঁৰত কোন আছে সেই কথা স্পষ্ট কৰক । তদুপৰি তেওঁ যিকোনো টিভি চেনেলত লাইভ সম্প্ৰচাৰৰ জৰিয়তে ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰি মিছা আৰু মিছলীয়া স্পষ্ট কৰিবলৈ আহ্বান জনায় ।

ফাত্তাহে ফেচবুকত দিয়া পোষ্টত কয় যে ইছলাম সকলো ব্যাখ্যাৰ পৰা মুক্ত যিয়ে অমানৱীয় হৈ ধৰ্ম, যুক্তি আৰু বিবেকৰ সকলো পবিত্ৰতা উলংঘা কৰা হত্যাকাৰীক দয়া দেখুৱাবলৈ ব্যৱহাৰ কৰা হয় আৰু সেই ধৰ্মক অপৰাধৰ নিষ্ঠুৰতা লুকুৱাবলৈ আৱৰণ হিচাপে ব্যৱহাৰ কৰা উচিত নহয় ।

তেওঁ কয় যে য়েমেনৰ সংবিধান আৰু ন্যায়িক ব্যৱস্থা ইছলামিক শ্বৰিয়াৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । তেওঁ পুনৰ কয়, “হত্যাকাৰীৰ বিৰুদ্ধে জাৰি কৰা আদালতৰ ৰায়দানৰ ক্ষেত্ৰত কোনো আপোচ হ’ব নালাগে ।" ফাত্তাহ মাহদীয়ে কয় "শ্বহীদৰ আত্মীয় আৰু তেওঁলোকৰ দুখ-কষ্টক সন্মান কৰা আৰু আল্লাহৰ বিধান কাৰ্যকৰী কৰাৰ তেওঁলোকৰ অধিকাৰক সন্মান কৰা বাধ্যতামূলক ।" লিয়াৰৰ কাৰ্যালয়ে এতিয়াও ফাত্তাহৰ দাবীৰ কোনো সঁহাৰি দিয়া নাই। এই লেখাটো আপডেট কৰা হ'ব যদি আৰু যেতিয়া তেওঁলোকে কৰে।

ইয়াৰ পূৰ্বে ১৭ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিমিশা প্ৰিয়াক সমৰ্থন কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি থকা বুলি উল্লেখ কৰিছিল আৰু গোচৰটোত সকলো ধৰণৰ সাহাৰ্য আগবঢ়াইছে । এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদমেলৰ সময়ত কয় যে এম ই এয়ে য়েমেনৰ জটিল আইনী প্ৰক্ৰিয়াত প্ৰিয়াৰ পৰিয়ালক সহায় কৰিবলৈ এজন অধিবক্তা নিযুক্তি দিছে । ইয়াৰ ভিতৰত শ্বৰীয়ত আইন অনুসৰি ক্ষমা বা ক্ষমাৰ বিকল্প অন্বেষণ কৰাটোও অন্তৰ্ভুক্ত বুলি তেওঁ কয় ।

নিমিশা প্ৰিয়া এগৰাকী প্ৰশিক্ষিত নাৰ্ছ আৰু তেওঁ কেইবছৰমান য়েমেনৰ ব্যক্তিগত চিকিৎসালয়ত কাম কৰিছিল । ২০১৪ ত তেওঁৰ স্বামী আৰু নাবালিকা কন্যাই আৰ্থিক কাৰণত ভাৰতলৈ উভতি আহিছিল । সেই বছৰতে য়েমেনত গৃহযুদ্ধ হোৱা বাবে দেশখনে নতুন ভিছা প্ৰদান বন্ধ কৰাত স্বামী আৰু নাবালিকা কন্যা উভতি যাব পৰা নাছিল । পিছলৈ ২০১৫ ত নিমিশাই য়েমেনৰ এজন নাগৰিকমাহদীৰ সৈতে মিলি ছানাত নিজৰ ক্লিনিক আৰম্ভ কৰে।

উল্লেখ্য় যে য়েমেনৰ আইন অনুসৰি বিদেশীক স্বতন্ত্ৰভাৱে ব্যৱসায় চলাবলৈ অনুমতি দিয়া নহয় । সেইবাবে মাহদীৰ সৈতে প্ৰিয়াৰ সম্পৰ্কত আইনৰ প্ৰয়োজন হৈ পৰিল । ইয়াৰ পিচত সময় অতিবাহিত হোৱাৰ লগে লগে তেওঁৰ মাহদীয়ে দুৰ্ব্য়ৱহাৰ কৰিবলৈ আৰম্ভ কৰে । ভাৰত ভ্ৰমণৰ সময়ত তোলা বিয়াৰ ফটো এখন অপব্যৱহাৰ কৰি প্ৰিয়াৰ সৈতে বিবাহৰ মিছা দাবী কৰে মাহদীয়ে । তাৰ পিছতেই তেওঁ ক্লিনিকখন নিয়ন্ত্ৰণ কৰি প্ৰিয়াৰ উপাৰ্জন নিজৰ হাতলৈ আনিবলৈ আৰম্ভ কৰা বুলি প্ৰিয়াৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে ।

পৰিয়ালৰ অভিযোগ মতে, মাহদীয়ে প্ৰিয়াক কেইবামাহো ধৰি শাৰীৰিক নিৰ্যাতন, ড্ৰাগছৰে আক্ৰমণৰ বলি কৰিছিল । আনকি তেওঁক পাছপ’ৰ্টখনো নিজৰ কব্জাত ৰাখিছিল । সেইবাবে তেওঁ দেশখনতেই আৱদ্ধ হৈ হতাশ হোৱাত প্ৰিয়াই মাহদীৰ পৰা পাছপ’ৰ্ট উদ্ধাৰৰ চেষ্টা কৰা বুলি অনুমান কৰা হৈছে । অত্যাচাৰ সহ্য কৰিব নোৱৰা প্ৰিয়াই পৰৱৰ্তী সময়ত লোকজনক নিচাযুক্ত বেজী দি পাছপ’ৰ্ট লৈ পলাই যায় । অৱশ্যে তাৰপিছত আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰে ৷

ইফালে তালালৰ মৃতদেহ তেওঁৰ ক্লিনিকৰ পৰা উদ্ধাৰ হোৱাত হত্যাৰ গোচৰ চলে । এই গোচৰত নাম সাঙোৰ খোৱা নিমিশাই য়েমেনৰ আদালতক পতিয়ন নিয়াব নোৱাৰিলে যে তেওঁ তালালক হত্যা কৰা নাই । যাৰ বাবে আদালতে প্ৰিয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে ৷

লগতে পঢ়ক:শেষ মুহূৰ্ততো অটল স্থিতিত নিমিশা প্ৰিয়া, বিশ্বব্যাপী প্ৰচেষ্টাৰ মাজত আশাৰ ৰেঙণি - NIMISHA PRIYA CASE

নিমিশা প্ৰিয়ালৈ সাময়িক সকাহ; য়েমেন কৰ্তৃপক্ষই স্থগিত ৰাখিলে ভাৰতীয় নাৰ্ছগৰাকীৰ ফাঁচিৰ তাৰিখ - RELIEF FOR NIMISHA PRIYA