পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰ গ্ৰহণ কৰিব NIA ই ! মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি
বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ এক সুপৰিকল্পিত কৌশলৰ অংশ । সন্ত্ৰাসবাদী সংগঠনসমূহে সদায় বিশ্বজুৰি নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ আগ্ৰহী ।

Published : April 23, 2025 at 7:59 AM IST
|Updated : April 23, 2025 at 10:00 AM IST
নতুন দিল্লী : জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী ভয়ংকৰ আক্ৰমণত মৃতকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে ৷ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় তদন্ত সংস্থা (নিয়া)ই হয়তো এই গোচৰৰ তদন্তৰ দায়িত্ব ল’ব পাৰে । সূত্ৰ অনুসৰি বুধবাৰে নিয়াৰ এটা দলে পহলগাম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত এই গোচৰৰ সম্যক আৰু ব্যাপক তদন্তৰ আশা বৃদ্ধি পাইছে ।
লক্ষণীয় যে পাহলগামত পাকিস্তান সমর্থিত সন্ত্ৰাসবাদী সংগঠনে নিৰস্ত্ৰ পৰ্যটকক লক্ষ্য কৰি লোৱা এই ভয়াবহ আক্ৰমণ ভাৰতৰ নিৰাপত্তা খণ্ডৰ বিশেষজ্ঞসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ কেৱল অঞ্চলটোত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাই নহয়, কাশ্মীৰ সমস্যাৰ প্ৰতি আন্তৰ্জাতিক দৃষ্টি আকৰ্ষণ কৰাৰ লক্ষ্যৰে এক সুপৰিকল্পিত কৌশলৰ অংশ ।
সন্ত্ৰাসবাদী সংগঠনসমূহে আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে : নিৰাপত্তা বিশেষজ্ঞ সুলখান সিং
উত্তৰ প্ৰদেশৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা নিৰাপত্তা বিশেষজ্ঞ সুলখান সিঙে ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত কয়, "কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনসমূহে সদায় বিশ্বজুৰি নিজৰ উপস্থিতি অনুভৱ কৰিবলৈ আগ্ৰহী । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ ভাৰত ভ্ৰমণৰ সময়ত এনে আক্ৰমণে দেখুৱাইছে যে তেওঁলোকে (সন্ত্রাসবাদী) আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে ।"
তেওঁ আৰু কয় যে এই আক্ৰমণৰ এটা উদ্দেশ্য হৈছে পৰ্যটকৰ মাজত ভয়ৰ সৃষ্টি কৰা । সিঙে কয়, "জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু নিজৰ উপস্থিতি দেখুৱাবলৈ সন্ত্ৰাসবাদীয়ে পৰ্যটনস্থলীত আক্ৰমণ চলাইছে ।"
টি আৰ এফৰ জড়িততা
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে পাকিস্তানস্থিত লস্কৰ-ই-তৈবা সম্পৰ্কীয় সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ) এই আক্ৰমণৰ সৈতে জড়িত হ’ব পাৰে । এই আক্ৰমণৰ দায়িত্বও লৈছে টি আৰ এফে । ইতিমধ্যে গৃহ মন্ত্ৰালয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত ২০২৩ চনৰ জানুৱাৰী মাহত টি আৰ এফ নিষিদ্ধ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত ২০১৯ চনৰ ৫ আগষ্টত এই সংগঠনটো অস্তিত্বলৈ আহিছিল । টি আৰ এফে লস্কৰ আৰু অন্যান্য সন্ত্ৰাসবাদী সংগঠনৰ পৰা নিজৰ সদস্য নিযুক্তি দিয়ে ।
২০২২ চনৰ তথ্য অনুসৰি জম্মু-কাশ্মীৰত নিহত হোৱা মুঠ ১৭২জন সন্ত্ৰাসবাদীৰ ভিতৰত ১০৮জন টি আৰ এফৰ সৈতে জড়িত আছিল, যিটোৱে অঞ্চলটোত এই সংগঠনটোৰ কাৰ্যকলাপৰ তথ্য দেখুৱাইছে ।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণ আৰু অমৰনাথ যাত্ৰাৰ সৈতে সম্পৰ্ক
২১ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ ভাৰত ভ্ৰমণৰ সময়ত এই আক্ৰমণ সংঘটিত হৈছে । বিশেষজ্ঞসকলৰ মতে, ভ্যান্সৰ ভ্ৰমণৰ সময়ত এই আক্ৰমণ ইচ্ছাকৃতভাৱে এই বিষয়টোৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সংঘটিত কৰা হৈছিল ।
তদুপৰি ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰনাথ যাত্ৰাৰ পূৰ্বে এই আক্ৰমণ সংঘটিত হৈছে । এই প্ৰসংগত অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকীয়ে কয় যে, "এই আক্ৰমণ বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পূৰ্বে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াসো । মই বিশ্বাস কৰোঁ যে আমাৰ নিৰাপত্তা সংস্থাসমূহে নিশ্চিতভাৱে এনে আক্ৰমণ প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।"
কাশ্মীৰৰ পৰ্যটন উদ্যোগক লক্ষ্য
বিশেষজ্ঞসকলৰ মতে কাশ্মীৰৰ ক্ৰমবৰ্ধমান পৰ্যটন উদ্যোগৰ ক্ষতি কৰাটোও এই আক্ৰমণৰ লক্ষ্য । কাশ্মীৰ উপত্যকাৰ পৰ্যটন খণ্ডৰ সমৃদ্ধি আৰু স্বাভাৱিকতাৰ কাহিনীক বিঘ্নিত কৰাৰ প্ৰয়াস কৰা বুলিও সিঙে কয় ।
কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ
কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে শেহতীয়াকৈ সংসদত জনাইছিল যে তেওঁৰ মন্ত্ৰালয়ে ‘স্বদেশ দৰ্শন’, ‘ৰাষ্ট্ৰীয় তীৰ্থযাত্ৰা পুনৰুজ্জীৱন আৰু আধ্যাত্মিক ঐতিহ্য বৃদ্ধি ড্ৰাইভ (প্ৰাছাড)’ আৰু ‘পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়ন’ ৰ বাবে কেন্দ্ৰীয় এজেন্সীসমূহক সহায় কৰা আঁচনিৰ অধীনত জম্মু-কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন পৰ্যটনস্থলীত পৰ্যটন সম্পৰ্কীয় সা-সুবিধাসমূহৰ উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে ৷ এই আক্রমণ এই প্রচেষ্টা বিফল কৰাৰ প্রয়াস ৷

