দিল্লী: সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে 'নিয়া'ৰ অনুসন্ধান অব্যাহত । বৃহস্পতিবাৰে কাশ্মীৰত সন্ত্ৰাসবাদীৰ কূটাঘাতমূলক কাৰ্যকলাপৰ বিৰুদ্ধে 'নিয়া'ই চলালে অবিৰত অভিযান । কেইবাস্থানতো পাক-সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ সমৰ্থিত সংগঠনসমূহৰ দ্বাৰা কাশ্মীৰক অস্থিৰ কৰি তুলিবলৈ ৰচা অভিসন্ধিৰ বিৰুদ্ধে অভিযান চলাই সংস্থাটোৱে । সংস্থাটোৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তি অনুসৰি বৃহস্পতিবাৰে তেওঁলোকে কেন্দ্ৰীয়শাসিত প্ৰদেশ জম্মু আৰু কাশ্মীৰৰ ৩২ টা স্থানত অভিযান চলাইছিল ।
সেই স্থানসমূহত পাক-সমৰ্থিত সন্ত্ৰাসবাদী গোটৰ ঘাটি আছিল । নিষিদ্ধঘোষিত সন্ত্ৰাসবাদী সংগঠন যেনে লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদৰ সৈতে সম্বন্ধ থকা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী শাখা যেনে দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট, ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট জম্মু-কাশ্মীৰ, মুজাহিদ্দিন গজৱট-উল-হিন্দ, জম্মু কাশ্মীৰ ফ্ৰীডম ফাইটাৰ্চ, কাশ্মীৰ টাইগাৰ্চ, PAAF আদিৰ ঘাটিসমূহত এই অভিযান চলোৱা হৈছিল ।
বিবৃতিটোত উল্লেখ কৰা অনুসৰি, যিসমূহ অঞ্চলত তালাচী চলোৱা হৈছিল, তাত সন্ত্ৰাসবাদীৰ গতিবিধিক সমৰ্থন কৰা কাৰ্য যেনে ষ্টিকী বোমা/মেগনেটিক বোমা, আই ই ডি, নগদ ধন, নিচাজাতীয় সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ/গোলা-বাৰুদ বিতৰণত জড়িত থকাৰ তথ্য 'নিয়া'ৰ তালাচীত পোহৰলৈ আহে ।
জম্মু-কাশ্মীৰত শান্তি ভংগ কৰিবলৈ পাকিস্তানী নেতাৰ দ্বাৰা পৰিচালিত উপৰোক্ত সংগঠনসমূহে স্থানীয় যুৱসকলৰ দ্বাৰা সন্ত্ৰাসবাদ বিয়পোৱা তথা কূটাঘাত সংঘটিত কৰিবলৈ ৰচা অভিসন্ধিৰ কথা 'নিয়া'ৰ অনুসন্ধানত ওলাই পৰে । এই সংগঠনসমূহেই পাকিস্তানৰ পৰা পৰিচালিত ছ'চিয়েল মিডিয়া/অনলাইন এপৰ জৰিয়তে সন্ত্ৰাসবাদ প্ৰচাৰৰ সুবিধা প্ৰদান কৰি আহিছিল । ড্ৰোণৰ জৰিয়তে অপাৰেটৰ আৰু কেডাৰসকললৈ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ, বিভিন্ন বিস্ফোৰক সামগ্ৰী আৰু নিচাজাতীয় সামগ্ৰী কাশ্মীৰৰ ঘাটিলৈ প্ৰেৰণ কৰি আহিছিল বুলি সংস্থাটোৱে বিজ্ঞপ্তিত প্ৰকাশ কৰে ।
অভিযানকালত দুই জাঁই সজীৱ গুলী, এটা ব্যৱহৃত গুলীৰ অৱশিষ্ট, এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰা হয় । ইয়োাৰোপৰি বহু ডিজিটেল ডিভাইচো জব্দ কৰা হয়, য'ত বহু সন্দেহজনক তথা গোপন তথ্য থকা বুলি অনুমান কৰিব পাৰে ।