নতুন দিল্লী : অশান্তজৰ্জৰ মণিপুৰৰ পৰা আহিছে কিছু বিশেষ খবৰ । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) দেওবাৰে প্ৰকাশ কৰা অনুসৰি, ২০২৪ চনৰ ১৭ জানুৱাৰীত মণিপুৰৰ টেংগনৌপাল জিলাৰ মৰেহত নিৰাপত্তাৰক্ষীৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ সৈতে জড়িত তিনি বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰা হৈছে । লগতে এই ঘটনাত দুজন আৰক্ষী কমাণ্ডাৰৰ মৃত্যু হয় আৰু এই সঘৰ্ষৰ ফলত কেইবাজনো লোক আহত হয় ।
নিয়াই জাৰি কৰা এক বিবৃতি অনুসৰি, সংস্থাটোৱে যোৱা ১৯ মে’ত অসমৰ শিলচৰৰ পৰা কুকি ইনপি টেংগনৌপাল (Kuki Inpi Tengnoupal চমুকৈ KIT) গোটৰ মূল অৰ্কেষ্ট্ৰেটৰ থাংমিনলেন মেটে আৰু ৬ জুনত ইম্ফলৰ পৰা কুকি নেশ্যনেল আৰ্মীৰ কামগিনথাং গাংটে আৰু ভিলেজ ভলাণ্টিয়াৰছ গোটৰ হেন্টিনথাং কিপগেন ওৰফে থাংনেও কিপগেন নামৰ আন দুজনক গ্ৰেপ্তাৰ কৰে ।
ধৃত তিনিওৱে তেওঁলোকৰ সহযোগীসকলৰ সৈতে মৰেহত থকা ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নৰ এটা পোষ্ট আৰু নিৰাপত্তা বাহিনীক আক্ৰমণৰ পৰিকল্পনাৰ ষড়যন্ত্ৰ ৰচিছিল লগতে কাৰ্যকৰীও কৰিছিল । গুৱাহাটীৰ নিয়াৰৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ পিছত মেটক আৰু ২৮ মে’ পৰ্যন্ত জিম্মাত ৰখা হৈছিল ।
ইফালে, NIAৰ এই সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ সময়তে বাকী দুজনক অধিক তদন্তৰ বাবে গুৱাহাটীৰ NIAৰ বিশেষ আদালতলৈ প্ৰেৰণ কৰা হয় । বিবৃতিটোত কোৱা হৈছে যে যোৱা বছৰ মণিপুৰত নিৰাপত্তাৰক্ষীৰ ওপৰত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণৰ সৈতে জড়িত গোচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তিনিজন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে ।
"ধৃত অভিযুক্তসকলৰ ভিতৰত আছে টেংগনৌপাল জিলাৰ বাসিন্দা তথা কুকি ইনপি টেংগনৌপাল (KIT) বিদ্ৰোহী গোটৰ সদস্য থাংমিনলেন মেটে, যিয়ে এই আক্ৰমণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০২৫ চনৰ ১৯ মে'ত তেওঁক শিলচৰ(বৰ্তমানৰ শ্ৰীভূমি)ৰ কৰি গুৱাহাটীৰ নিয়াৰ আদালতত হাজিৰ কৰোৱা হৈছিল । ২৮ মে'ত আনজন অভিযুক্ত কুকি ৰাষ্ট্ৰীয় সেনাবাহিনীৰ সদস্য কামগিনথাং গাংটে আৰু চুৰাচান্দপুৰ জিলাৰ গাঁও স্বেচ্ছাসেৱক গোটৰ সৈতে জড়িত হেন্টিনথাং কিপগেন @থাংনেও কিপগেনক ৬ জুনত ইম্ফলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।" নিয়াই জাৰি কৰা বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে ।