উৰন্ত বিমানত বোমাৰ আতংক
বিমানৰ শৌচালয়ত যাত্ৰীয়ে পালে এখন বিশেষ টোকা । লগে লগে হাহাকাৰ লাগিল ।

Published : March 10, 2025 at 4:46 PM IST
নতুন দিল্লী: মুম্বাইৰ পৰা নিউয়ৰ্কলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমাৰ আতংক । বিমানখনৰ শৌচালয়ৰ ভিতৰত বোমাৰ এক ভাবুকিপূৰ্ণ টোকা পোৱাৰ লগে লগে সোমবাৰে বিমানখন পুনৰ মুম্বাইলৈ উভতি আহে । ৩২০ ৰো অধিক যাত্ৰীক লৈ যোৱা বিমানখন মুম্বাইত সুৰক্ষিতভাৱে অৱতৰণ কৰে আৰু নিৰাপত্তা সংস্থাসমূহৰ দ্বাৰা তাৎক্ষণিকভাৱে তন্ন-তন্নকৈ পৰীক্ষা কৰা হয় । এগৰাকী আৰক্ষী বিষয়াই কয়, "এজন যাত্ৰীয়ে শৌচালয়ৰ ভিতৰত এটা টোকা পাইছিল য'ত লিখা আছিল- বিমানত এটা বোমা আছে । লগে লগে তেওঁ কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়ে ।
তেওঁ লগতে কয়, "বিমানখনে পিছত ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে । এতিয়ালৈকে সন্দেহজনক একো পোৱা হোৱা নাই আৰু আমি তদন্ত চলাই আছো ।" বিষয়াজনে লগতে কয় যে তেওঁলোকে বিষয়টো সন্দৰ্ভত অচিনাক্ত লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে ।
সূত্ৰৰ মতে ব'য়িং ৭৭৭-৩০০ ই আৰ বিমানখনত ১৯ গৰাকী ক্ৰু সদস্যসহ ৩২২ গৰাকী লোক আছিল । এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, "সোমবাৰে মুম্বাই-নিউয়ৰ্ক (জে এফ কে) পৰিচালনা কৰা এ আই-১১৯ ত এক সম্ভাৱ্য নিৰাপত্তাৰ ভাবুকি ধৰা পৰিছিল । প্ৰয়োজনীয় প্ৰটোকল অনুসৰণ কৰাৰ পিছত বিমানখনত থকা সকলোৰে সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত বিমানখন মুম্বাইলৈ উভতি আহিছিল । বিমানখন পুৱা ১০.২৫ বজাত মুম্বাইত সুৰক্ষিতভাৱে অৱতৰণ কৰে । বিমানখন নিৰাপত্তা সংস্থাসমূহে পৰীক্ষা কৰি আছে আৰু এয়াৰ ইণ্ডিয়াই কৰ্তৃপক্ষক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ।"
মঙলবাৰে পুৱা ৫ বজাত পুনৰ বিমানখনৰ যাত্ৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু তেতিয়ালৈকে সকলো যাত্ৰীক হোটেলত থকা, খোৱা আৰু অন্যান্য সহায় আগবঢ়াব বুলিও এয়াৰ ইণ্ডিয়াই কৈছে । ইফালে এয়াৰলাইনৰ কৰ্মীসকলে এই ব্যাঘাতৰ ফলত যাত্ৰীসকলৰ অসুবিধা কম কৰিবলৈ যিখিনি সহায়ৰ প্ৰয়োজন সেয়া কৰি আছে । এয়াৰ ইণ্ডিয়াই কয়, "এয়াৰ ইণ্ডিয়াই সদায় যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে ।"
লগতে পঢ়ক :কাশ্মীৰক অনুসৰণ কৰি লাডাখতো আৰম্ভ কেশৰ বিপ্লৱ - LADAKH SAFFRON CULTIVATION

