অবৈধ বাংলাদেশী চিনাক্তকৰণ, বিতাড়নৰ দাবীত ১৮ আগষ্টত উত্তৰ-পূবত নেছ’ৰ প্ৰতিবাদ
অবৈধ বিদেশীৰ প্ৰব্ৰজন, এন আৰ চি, নাগৰিকত্ব সংশোধনী আইন, ভাৰত-বাংলাদেশ সীমা সমস্যাৰ বিষয়কে ধৰি কেইবাটাও বিষয়ত বুধবাৰৰ বৈঠকত আলোচনা কৰা হয় ।

Published : August 6, 2025 at 8:11 PM IST
গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ অবৈধ বাংলাদেশীক চিনাক্তকৰণ, বিতাড়নকে ধৰি কেইবাটাও দাবীত ১৮ আগষ্টত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ'ৱে গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী । বুধবাৰে গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত নেছ'ৰ কাৰ্যনিৰ্বাহক সভাৰ অন্তত সংবাদমেলযোগে এই কথা ঘোষণা কৰে নেছ'ৰ নেতৃবৰ্গই ।
সংবাদমেল সম্বোধন কৰি নেছ'ৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "আজিৰ সভাত উত্তৰ-পূবৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা হয় । বিশেষকৈ অবৈধ বিদেশীৰ প্ৰব্ৰজন, এন আৰ চি, নাগৰিকত্ব সংশোধনী আইন, ভাৰত-বাংলাদেশ সীমা সমস্যাৰ বিষয়কে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰা হয় । উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশীক চিনাক্তকৰণ কৰি বহিষ্কৰণকে ধৰি কেইবাটাও দাবীত ১৮ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে নেছ'ৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব ।"
তেওঁ লগতে কয়, "আমাৰ দাবী ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব লাগে । কিয়নো ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধ বাংলাদেশী, মৌলবাদী তথা দেশবিৰোধী চক্ৰই প্ৰৱেশ কৰে । এই কাৰ্যই অকল উত্তৰ-পূৰ্বাঞ্চললৈকে ভাবুকি অনা নাই, সমগ্ৰ দেশলৈ ভাবুকি আনিছে । সেয়েহে কেন্দ্ৰীয় চৰকাৰে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিব লাগে । আমি উত্তৰ-পূবক দ্বিতীয়খন বাংলাদেশ আৰু দ্বিতীয়খন কাশ্মীৰ হ’বলৈ এৰি দিব নোৱাৰোঁ । সেয়েহে দাবী জনাইছোঁ উত্তৰ-পূৰ্বাঞ্চলত থকা অবৈধ বাংলাদেশী আৰু দেশবিৰোধী চক্ৰৰ বিৰুদ্ধে অভিযান চলাব লাগে ।"
আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এন আৰ চি প্ৰস্তুতৰ দাবী জনাই নেছ'ৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, "অসমত এন আৰ চিৰ পুনৰীক্ষণ কৰিব লাগে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে এন আৰ চি প্ৰস্তুত কৰিব লাগে । অবৈধ বাংলাদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ প্ৰক্ৰিয়া নিয়মিতভাৱে চৰকাৰে চলাই থাকিব লাগে ।"
ইফালে অসমৰ বনভূমিত বেদখল হৈছে বুলি উল্লেখ কৰি অসম চৰকাৰে বনভূমিৰ বেদখল উচ্ছেদ কৰাক প্ৰশংসা কৰি তেওঁ উত্তৰ-পূবৰ ৰাজ্যসমূহতো বনভূমিত থকা বেদখল উচ্ছেদ হ’ব লাগে বুলি তেওঁ উল্লেখ কৰে ।
তেওঁ লগতে কয়, "আমি নিজৰ ভূমিতেই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই থাকিব নোৱাৰোঁ । চৰকাৰে অবৈধ বিদেশীক বহিষ্কাৰ কৰক ।"
আনহাতে, সংবাদমেলত আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "বনাঞ্চল আদিত হোৱা বেদখল কোনো কাৰণতে মানি ল'ব নোৱাৰি । তেনে অঞ্চলত উচ্ছেদ অব্যাহত থাকিব লাগিব । বিদেশী চিনাক্তকৰণ, বিতাড়ন চলি থাকিব লাগিব ।"
তেওঁ লগতে উত্তৰ-পূবৰ সকলো ৰাজ্যতে এন আৰ চি হ'ব লাগে বুলি উল্লেখ কৰাৰ লগতে অসমত এন আৰ চিৰ পুনৰীক্ষণ আৰু 'কা'ৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক আঁতৰাই সাংবিধানিক ৰক্ষাকবচ দিয়াৰ বাবে দাবী জনায় ।
সংবাদমেলত নেছ'ৰ সভাপতি ছেমুৱেল জেৰৱাহ (Samwel Jerwah), সচিব প্ৰধান মুটচুখুয়ু য়ুবুকে (Mutsukhyoyo Yhobu) ধৰি সংগঠনটোৰ আন সদস্যসকল উপস্থিত থাকে ।

