NEET-UG 2025 ৰ ফলাফল ঘোষণা, শীৰ্ষত ৰাজস্থানৰ ছাত্ৰ মহেশ কুমাৰ
এইবাৰ কঠিন প্ৰশ্নকাকতৰ বাবে যোৱা বছৰৰ তুলনাত কাট অফ মাৰ্ক যথেষ্ট হ্ৰাস পাইছে । পৰীক্ষাৰ্থীসকলে লাভ কৰা নম্বৰ আৰু অল ইণ্ডিয়া ৰেংক প্ৰকাশ NTAৰ ।

Published : June 14, 2025 at 4:44 PM IST
হায়দৰাবাদ : যোৱা ৪ মে’ত অনুষ্ঠিত হোৱা NEET UG 2025 ৰ ফলাফল শনিবাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই । NEET UG 2025 ত অৱতীৰ্ণ হোৱা ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২,৩৬,৫৩১ গৰাকীক যোগ্য ঘোষণা কৰা হৈছে । সৰ্বোচ্চ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ (১.৭০ লাখ), তাৰ পিছতে আছে মহাৰাষ্ট্ৰ (১.২৫ লাখ) আৰু ৰাজস্থান (১.১৯ লাখ)।
যোৱা বছৰৰ ১৩.১৫ লাখ যোগ্য প্ৰাৰ্থীৰ তুলনাত এইবাৰ যোগ্য প্ৰাৰ্থীৰ সংখ্যা কম । অৱশ্যে যোৱা বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও ২৩.৩৩ লাখতকৈ অধিক আছিল ।
প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ আৰু অন্যান্য প্ৰাসংগিক তথ্য লিখি https://neet.nta.nic.in/ ৰ পৰা স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব । স্ক’ৰকাৰ্ডত প্ৰাৰ্থীৰ শতাংশ স্ক’ৰ, অল ইণ্ডিয়া ৰেংক (এআইআৰ) আৰু কেটেগৰী ৰেংক থাকিব ।
যোৱা বছৰৰ তুলনাত কম কাট অফ মাৰ্ক :
যোৱা বছৰৰ তুলনাত কাট অফ মাৰ্ক যথেষ্ট হ্ৰাস পাইছে, কিয়নো প্ৰশ্নকাকত সাধাৰণতকৈ কঠিন আছিল ।
NEET UG 2025 ৰ বাবে যোগ্যতা অৰ্জন কৰা কাটঅফ মাৰ্ক :
- জেনেৰেল আৰু ই ডব্লিউ এছ: ১৪৪
- অ’ বি চি, এছচি আৰু এছটি: ১১৩
- সাধাৰণ আৰু ই ডব্লিউ এছ পি ডব্লিউ ডি: ১২৭
- অ’বিচি, এছচি আৰু এছটি পিডব্লিউডি: ১১৩
২০২৪ চনত জেনেৰেল আৰু ই ডব্লিউ এছ শাখাৰ কাটঅফ আছিল ১৬২ আৰু অ’ বি চি, এছ চি আৰু এছ টি শাখাৰ বাবে ১২৭, ২০২৫ চনত এই শাখাসমূহত ১৮ আৰু ১৪ নম্বৰ হ্ৰাস পোৱা দেখা গৈছে ।
১.০৮ লাখ এম বি বি এছৰ আসন উপলব্ধ :
এম বি বি এছ, ডেণ্টেল, নাৰ্চিং, বি এ এম এছ, বি ইউ এম এছ, বি এইচ এম এছ আৰু বি এছ এম এছকে ধৰি বিভিন্ন পাঠ্যক্ৰমত মুঠ ২.৪০ লাখ আসন উপলব্ধ । মেডিকেল, ডেণ্টেল, আয়ুষ আৰু নাৰ্চিং পাঠ্যক্ৰমৰ বাবে নামভৰ্তি পৃথক কাউন্সেলিং চেচনৰ জৰিয়তে কৰা হ’ব । ইয়াৰে এম বি বি এছৰ বাবে ১.০৮ লাখ আসন, চৰকাৰী চিকিৎসালয়ত প্ৰায় ৫৬ হাজাৰ আৰু ব্যক্তিগত মহাবিদ্যালয়ত প্ৰায় ৫২ হাজাৰ আসন উপলব্ধ ।
শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাৰ মতে, ৭২০ নম্বৰৰ ভিতৰত ১৪৪ নম্বৰ লাভ কৰা প্ৰাৰ্থীক এইবাৰ কাউন্সেলিঙৰ বাবে যোগ্য বুলি বিবেচিত হয় । কিন্তু এই স্ক’ৰত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন পোৱাটো কঠিন ৷
ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সম্ভাৱনা বেছি যদিও তেওঁলোকৰ মাচুল যথেষ্ট বেছি - বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী প্ৰতিষ্ঠানক পছন্দ কৰাৰ অন্যতম মূল কাৰণ এইটোৱেই ।
NEET UG 2025 ৰ শীৰ্ষ প্ৰাৰ্থী :
ৰাজস্থানৰ ছাত্ৰ মহেশ কুমাৰ এইবাৰ NEET পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে । এন টি এৰ তথ্য অনুসৰি তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ৯৯% নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰিছে ।

মধ্য প্ৰদেশৰ পৰা উৎকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰে । দিল্লী অবিকা আগৰৱালে সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান লাভ কৰিছে আৰু তেওঁ মহিলাৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে ।
শীৰ্ষ ১০ গৰাকী যোগ্য প্ৰাৰ্থী :
- মহেশ কুমাৰ
- উৎকৰ্ষ অৱধিয়া
- কৃশাংগ যোশী
- মৃণাল কিশোৰ ঝা
- অবিকা আগৰৱালা
- জেনিল বিনোদভাই ভায়নী
- কেশৱ মিট্টল
- ঝা ভৱ্য চিৰাগ
- হৰ্ষ কেদাৱট
- আৰৱ আগৰৱাল

