ETV Bharat / bharat

আততায়ীৰ গুলীয়ে বুকু ভেদিলে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত এইজন ৰাজনৈতিক নেতাৰ; হাস্পতালত মৃত্যু

NCP Leader Baba Siddique: নৱৰাত্ৰি আৰু দুৰ্গা পূজা উদযাপনৰ সময়তে এগৰাকী ৰাজনৈতিক নেতাক গুলীয়াই হত্যা ৷ সন্দেহৰ ভিত্তিত দুজনক গ্ৰেপ্তাৰ ৷

NCP Leader Baba Siddique
BABA SIDDIQUE SHOT DEAD (ETV)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 7:05 AM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 13 অক্টোবৰ: এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক গুলীয়াই হত্যা ৷ অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে নেতাগৰাকীক ৷ গুলীবিদ্ধ ছিদ্দিকীক জৰুৰীকালীনভাৱে মুম্বাইৰ লীলাৱতী হাস্পতাললৈ অনা হয় যদিও চিকিৎকে বহু চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে ৷ বুকুত দুটা গুলীৰ আঘাত পোৱা বুলি চিকিৎসালয়খনৰ চিকিৎসকে জানিবলৈ দিয়ে । শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত তেওঁক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৷

লীলাৱতী হাস্পতালৰ চিকিৎসক ডাঃ জলিল পাৰ্কাৰে কয়, "নিশা প্ৰায় ৯.৩০ বজাত বাবা ছিদ্দিকীক ইয়ালৈ অনা হৈছিল । জৰুৰীকালীন কক্ষত উপস্থিত হোৱাৰ সময়ত তেওঁৰ পালচ আৰু ৰক্তচাপ ৰেকৰ্ড কৰিব পৰা হোৱা নাছিল, ইচিজিও বিফল হৈছিল । আমি তেওঁক আই চি ইউত ভৰ্তি কৰিছিলোঁ ।"

ডাঃ পাৰ্কাৰে লগতে কয়, "নিশা প্ৰায় ১১.২৭ বজাত তেওঁক মৃত ঘোষণা কৰা হয় । তেওঁৰ বুকুত গুলীৰ আঘাত আছিল ।" চিকিৎসালয়খনৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ নীতিন গোখলেই মৰণোত্তৰ পৰীক্ষাৰ পাচত গুলীৰ সঠিক সংখ্যা নিশ্চিত হ’ব বুলি জানিবলৈ দিয়ে ।

"বাবা ছিদ্দিকীক চিকিৎসালয়লৈ অনাৰ সময়ত হৃদস্পন্দন বা ৰক্তচাপ নাছিল । তেওঁৰ বুকুত দুটা গুলীৰ আঘাত আছিল । আমি জৰুৰীকালীনভাৱে চিকিৎসা ব্যৱস্থা আৰম্ভ কৰি তেওঁক আই চি ইউলৈ স্থানান্তৰিত কৰিলোঁ । নিশা ১১:২৭ বজাত তেওঁক মৃত ঘোষণা কৰা হ'ল । মুঠ গুলীৰ সংখ্যা মৰণোত্তৰ পৰীক্ষাৰ পাচত নিশ্চিত হ’ব ।’’ ডাঃ গোখালেই সাংবাদিকৰ আগত এইদৰে কয় ।

লীলাৱতী হাস্পতালৰ ডাঃ নিৰাজ উত্তমনীয়ে ছিদ্দিকীৰ অৱস্থাৰ ভয়াৱহতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি কয়, "তেওঁক জৰুৰীকালীন চিকিৎসা সেৱালৈ অনা হৈছিল, কোনো ধৰণৰ স্পন্দন, কোনো হৃদযন্ত্ৰৰ কাৰ্যকলাপ, আৰু কোনো ৰক্তচাপ নাছিল তেওঁৰ শৰীৰত ৷ তাৰ পাচত তেওঁক আই চি ইউলৈ লৈ যোৱা হয়, তেওঁৰ বহু ৰক্তক্ষৰণ হৈছিল । সকলো চেষ্টা কৰিও আমি তেওঁক বচাব নোৱাৰিলোঁ আৰু নিশা ১১.২৭ বজাত তেওঁক মৃত ঘোষণা কৰা হয় ।’’

শনিবাৰে নিশা মুম্বাইত অজ্ঞাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ছিদ্দিকীক । বান্দ্ৰা পশ্চিমৰ তিনিবাৰৰ বিধায়ক হিচাপে পৰিগণিত হোৱা ছিদ্দিকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি এন চি পিৰ অজিত পাৱাৰ ফৈদত যোগদান কৰিছিল । এন চি পিৰ এগৰাকী নেতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে ।

অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰমজিৎ সিং দহিয়াই সাংবাদিকৰ আগত কয়, "নিশা প্ৰায় ৯:৩০ বজাত নিৰ্মল নগৰত এই ঘটনা সংঘটিত হয় । বাবা ছিদ্দিকীক গুলীওৱাৰ পাচত তেওঁক লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় । দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে, মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গোচৰৰ তদন্ত অব্যাহত ৰাখিছে । লগতে এই অপৰাধত ব্যৱহৃত এটা ৯.৯ এম এম পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।’’

লগতে পঢ়ক: ভূমিস্খলনত ৯জন শ্ৰমিকৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ

বাগমতী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনা : বালাচোৰ দুৰ্ঘটনাৰ দৰেই আছিল নেকি কাভাৰাপ্পেট্টাই ৰে'ল দুৰ্ঘটনা ?